বাংলাদেশত দুখন ৰে'লৰ মাজত সংঘৰ্ষঃ এই পৰ্যন্ত ১৩ জনৰ মৃতদেহ উদ্ধাৰ...

বাংলাদেশত দুখন ৰে'লৰ মাজত সংঘৰ্ষঃ এই পৰ্যন্ত ১৩ জনৰ মৃতদেহ উদ্ধাৰ...
বাংলাদেশত দুখন ৰে'লৰ মাজত সংঘৰ্ষঃ এই পৰ্যন্ত ১৩ জনৰ মৃতদেহ উদ্ধাৰ...
Published on
Updated on

ডিজিটেল সংবাদ বাংলাদেশঃ দুৰ্গা পূজাৰ আনন্দৰ মাজতে বাংলাদেশত সংঘটিত হৈছে এক ভয়ংকৰ ৰে'ল দুৰ্ঘটনা। এই দুৰ্ঘটনাত ১৩ জনকৈ লোক নিহত হোৱাৰ লগতে বহু কেইজন আহত হৈছে।

চুবুৰীয়া দেশখনৰ কিশোৰগঞ্জত এখন মালবাহী ৰে'ল আৰু ইগাৰো সিন্ধু এক্সপ্ৰেছৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত হোৱা কাষৰ ভৈৰব ৰে'লৱে ষ্টেচনৰ এছ আই মিৰ্জা মঃ মুক্তাই জনোৱা অনুসৰি এই পৰ্যন্ত ১৩ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।

সোমবাৰে আবেলি প্ৰায় ৪:১৫ বজাত কিশোৰগঞ্জৰ পৰা ঢাকা অভিমুখে যাত্ৰা কৰিছিল যাত্ৰীবাহী ৰেল ইগাৰো সিন্ধু এক্সপ্ৰেছে। আৰু চট্টগ্ৰামৰ পৰা ঢাকা অভিমুখে আহি আছিল আন এখন মালবাহী ৰে'ল।

ঢাকা ৰে'ল আৰক্ষীৰ অধীক্ষক আনোৱাৰ হোছেইনে জনোৱা অনুসৰি ইগাৰো সিন্ধু এক্সপ্ৰেছখনৰ পাছফালে মালবাহী ৰে'লখনে খুন্দা মাৰে ফলত ৰে'লখনৰ কেইবাটাও ডবা বাগৰি পৰে।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ এগৰাকী স্থানীয় সাংবাদিক খাইৰুল ইছলামে কয় দুৰ্ঘটনা ইমান ভয়াৱহ যে, বাগৰি পৰা ৰে'লৰ ডবা কাটি তাৰ তলত আৱদ্ধ হৈ থকা মৃতদেহ উদ্ধাৰ কৰা তেওঁ প্ৰত্যক্ষ কৰিছে।

বাংলাদেশ ৰে'লৱেপ পূব শাখাৰ পৰিচালক নাজমুল ইছলামে জনোৱা অনুসৰি আৰক্ষী, উদ্ধাৰকাৰী, অগ্নি নিৰ্বাপক বাহিহীনেয় উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আন এখন উদ্ধাৰকাৰী ৰে'ল ঢাকাৰ পৰা ঘটনাস্থলীলৈ ৰাওনা হৈছে।

বাংলাদেশত দুখন ৰে'লৰ মাজত সংঘৰ্ষঃ এই পৰ্যন্ত ১৩ জনৰ মৃতদেহ উদ্ধাৰ...
বৰহোলাত দুৰ্গা পূজাৰ উখল মাখল পৰিৱেশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in