বৰহোলাত দুৰ্গা পূজাৰ উখল মাখল পৰিৱেশ...

বৰহোলাত দুৰ্গা পূজাৰ উখল মাখল পৰিৱেশ...

author-image
Asomiya Pratidin
New Update
বৰহোলাত দুৰ্গা পূজাৰ উখল মাখল পৰিৱেশ...

বৰহোলাত দুৰ্গা পূজাৰ উখল মাখল পৰিৱেশ...

ডিজিটেল সংবাদ ঘিলাধাৰীঃ সমগ্ৰ ৰাজ্যৰ লগতে বৰহোলাতো দুৰ্গা পূজা উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে৷ ষষ্ঠী সন্ধিয়াৰ পৰা মহা নৱমী দিনালৈকে লোকে লোকাৰণ্য হৈ পৰিছে বৰহোলা চাহ বাগিচা,বৰহোলা খেৰেমা,বৰহোলা নগাবাট ৰোডত আয়োজন কৰা পূজা সমিতিৰ পূজা মন্দপত৷

Advertisment

এইবাৰ আটায়কেইখন পূজা সমিতি মন্দপত জাকজমকতাকৈ আধ্যাত্মিকতা গুৰুত্ব প্ৰদান কৰা হৈছে৷ ইফালে বিয়লি ভাগত বৰহোলা অঞ্চলৰ আটায়তকৈ পুৰণি দুৰ্গা পূজা উদযাপন সমিতি বৰহোলা চাহ বাগিচা পূজা মন্দপত মা দূৰ্গাৰ চৰণত মূৰ দোৱাই তিতাবৰ সমষ্টি বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই সমূহ অসমবাসীৰ কুশল মংগলৰ কামনা কৰে৷

Also Read: ফেচবুক পেজ খুলি সাংবাদিকৰ পৰিচিয়েৰে এছ পি আনন্দ মিশ্ৰৰ নামত ধন সংগ্ৰহ...

দুৰ্গা পূজা