দুটুকুৰা হ'ল বিমানঃ ২ ক্ৰু মেম্বাৰসহ নিহত ১২ যাত্ৰী

দুৰ্ঘটনাত ১৪ জনকৈ লোক নিহত হোৱা বুলি টুইটযোগে জানিবলৈ দিছে ৰাজ্যখনৰ ৰাজ্যপালে।

author-image
Asomiya Pratidin
New Update
দুটুকুৰা হ'ল বিমানঃ ২ ক্ৰু মেম্বাৰসহ নিহত ১২ যাত্ৰী

ডিজিটেল ডেস্কঃ শনিবাৰে ব্ৰাজিলৰ উত্তৰ আমাজনত সংঘটিত হয় বিমান দুৰ্ঘটনা। দুৰ্ঘটনাত ১৪ জনকৈ লোক নিহত হোৱা বুলি টুইটযোগে জানিবলৈ দিয়ে ৰাজ্যখনৰ ৰাজ্যপালে। ৰাজ্যখনৰ ৰাজধানী মানাউছৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ (২৪৮ মাইল) দূৰতত থকা বাৰ্চেলোচ প্ৰদেশত সংঘটিত হয় এই দুৰ্ঘটনা।

Advertisment

সামাজিক মাধ্যমত প্ৰচাৰ হোৱা ফটোত দুৰ্ঘটনাটোৰ ফলত বিমানৰখন দুটুকুৰা লৈ পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে। মানাউছ এৰোটেক্সি নামৰ এয়াৰলাইনটোৱে জাৰি কৰা এক বিবৃতি অনুসৰি বিমান দুৰ্ঘটনাৰ পাছত বিমানখনৰ অনুসন্ধানত নামি পৰে বিভাগীয় কৰ্তৃপক্ষ। বহু সময়জোৰা অনুসন্ধানৰ পাছত বিমানখনৰ সন্ধান লাভ কৰাত যাত্ৰীসকলক উদ্ধাৰৰ ব্যৱস্থা কৰা হয়।

উল্লেখ্য বিমানখনত ১২গৰাকী যাত্ৰীসহ ২জন ক্ৰু মেম্বাৰ আছিল। ব্ৰাজিলৰ একাংশ সংবাদ মাধ্যমৰ খবৰ অনুসৰি নিহতসকলৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকও আছিল।

Also Read: ৱৰ্ল্ড চেম্পিয়নৰ শিৰত ডাইমণ্ড লীগৰ দ্বিতীয় শ্ৰেষ্ঠৰ খিতাপ

Airlines Plane Crash