আমেৰিকাত ১১ লাখ শিশুৰ তথ্য চুৰি 'মেটা'ৰ

আমেৰিকাত ১১ লাখ শিশুৰ তথ্য চুৰি 'মেটা'ৰ

author-image
Asomiya Pratidin
New Update
আমেৰিকাত ১১ লাখ শিশুৰ তথ্য চুৰি 'মেটা'ৰ

ডিজিটেল ডেস্ক : পিতৃ-মাতৃৰ সন্মতি নোলোৱাকৈ ১৩ বছৰ অনূৰ্দ্ধৰ ১১ লাখ শিশুৰ গোপন তথ্য চুৰ কৰাৰ দোষত পৰিছে 'মেটা' প্ৰতিষ্ঠান। আমেৰিকাৰ ৩৩ খন ৰাজ্যৰ এটৰ্নি জেনেৰেলৰ এটা গোটে এই সন্দৰ্ভত দেশৰ উচ্চতম ন্যায়ালয়ত অভিযোগ দাখিল কৰিছে।

২০১৯ চনৰ পৰাই মেটাই ১৩ বছৰ অনূৰ্দ্ধৰ ১১ লাভ শিশুৰ গোপন তথ্য সংগ্ৰহ কৰি অহাৰ অভিযোগ উঠিছে। এই শিশুসকলৰ বাসস্থান, ই-মেইল, ছেট, ফটো আদি তথ্য সংগ্ৰহ কৰি মেটাই বহু ধন উপাৰ্জন কৰাৰো অভিযোগ উঠিছে। এই অভিযোগ যদি সত্য হয়, তেন্তে প্ৰতিষ্ঠানটোৱে জৰিমনা হিচাপে কেইবাকোটি ডলাৰ ভৰিব লাগিব।

Also Read: কাৰ পক্ষত বৰ্ষাপাৰা ! শৃংখলা জয়ৰ নিৰ্ণয় নে প্ৰত্যাৱৰ্তনৰ মঞ্চ

Meta children