কাৰ পক্ষত বৰ্ষাপাৰা ! শৃংখলা জয়ৰ নিৰ্ণয় নে প্ৰত্যাৱৰ্তনৰ মঞ্চ

ভাগ্য নিয়ন্তা ৰূপত সূৰ্য উঠা দেশৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম।সমুখ সমৰত দুই মহাশক্তি ভাৰত বনাম অষ্ট্ৰেলিয়া
কাৰ পক্ষত বৰ্ষাপাৰা ! শৃংখলা জয়ৰ নিৰ্ণয় নে প্ৰত্যাৱৰ্তনৰ মঞ্চ

ডিজিটেল ডেস্ক : দলত নাই বিৰাট কোহলি, ৰোহিত শৰ্মা, কে এল ৰাহুল, পাণ্ডিয়া, জাডেজা, ছামী, বুমৰাহ আদিৰ দৰে জ্যেষ্ঠ খেলুৱৈ। সূৰ্য্যকুমাৰৰ আঙুলিত ধৰি সূৰ্য্য উঠা দেশ অসমলৈ আহিছে এজাক তৰুণ ক্ৰিকেটাৰ।

ৰিংকু, মুকেশ, জয়ছোৱাল, ঈশান, অৰ্শদ্বীপ,ৰবি বিষ্ণইহঁতে গুৱাহাটীৰ বৰ্ষাপাৰাত খেলিব শৃংখলা দখলৰ গুৰুত্বপূৰ্ণ মেচ। উল্লেখ্য যে সদ্যসমাপ্ত বিশ্বকাপৰ পিছতে বি চি চিআয়ে আয়োজন কৰিছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত দ্বি-পাক্ষিক টি-২০ শৃংখলা।

এই শৃংখলাৰ সূচী অনুসৰি তৃতীয়খন মেচ মঙলবাৰে অনুষ্ঠিত হ'ব বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত। ইতিমধ্যে বিগত দুখন মেচত যুৱশক্তিৰে গঠিত টীম ইণ্ডিয়াৰ হাতত পৰাস্ত হৈ কঁকাল বেকা হৈছে বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াৰ। সম্প্ৰতি ২-০ৰ ব্যৱধানত আগুৱাই আছে সূৰ্য্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়া। সেয়ে আজি বৰ্ষাপাৰাই নিৰ্ণয় কৰিব কাৰ পক্ষত থিয় হ'ব। ইফালে ভাৰতৰ সন্মুখত শৃংখলা জয়ৰ সুযোগ। অন্যহাতে প্ৰত্যাৱৰ্তনৰ কাৰণে আজিৰ মেচখন কেংগাৰু বাহিনীৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

ভাগ্য নিয়ন্তা ৰূপত সাজু হৈ উঠিছে সূৰ্য উঠা দেশৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম। বিগত মেচত ভাৰতে নিজৰ শক্তিৰ উমান দি থৈছে। বিশাল স্ক'ৰ থিয় কৰোৱাত কৃপনালি কৰা নাই দলটোৱে। বিপৰীতে ভাৰতৰ পৰ্বতসম ৰান দেখি ত্ৰাহি মধুসূদন দেখিছে কেংগাৰু বাহিনীয়ে। ৰিংকু সিং, জয়ছোৱাল, ঋতুৰাদ গাইকোৱাড় সম্প্ৰতি সুন্দৰ ফৰ্মত।

বৰ্ষাপাৰা ৰিংকু সিংৰ বাবে যদিও নতুন; তাৰ প্ৰতি তেওঁৰ নাই কোনো চিন্তা। কিয়নো যিকোনো ৰান্ধনিশালতে ৰন্ধা-বঢ়াত সিদ্ধহস্ত প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকী। জয়ছোৱালৰ আছে অনন্য অভিজ্ঞতা। বিগত আই পি এলত তেওঁ দিল্লীৰ বিৰুদ্ধে যি দৰ্শনীয় ইনিংছ উপহাৰ দিছিল তাক কোনোও পাহৰিব পৰা নাই।

অৰ্শদ্বীপ সিঙ আৰু অক্ষৰ পেটেলৰ বাবেও তেনেই চিনাকি পৰিৱেশ। ইফালে প্ৰতিপক্ষ অষ্ট্ৰলিয়াৰ ভালেকেইগৰাকী খেলুৱৈয়ে জানে বৰ্ষাপাৰাৰ উইকেটৰ মতি-গতি। কি দৰে পৰিস্থিতি চম্ভালি ল'ব লাগিব সেই সন্দৰ্ভত অষ্ট্ৰেলিয়ান ক্ৰিকেটৰ পাকৈত। মুঠৰ ওপৰত আজিৰ মেচখন উভয় দলৰ বাবে গুৰুত্বপূৰ্ণ। অৱশ্যে গুৰুত্বপূৰ্ণ মেচ বুলি যদিও বিবেচিত হৈছে টিকট বিক্ৰীৰ দিশৰ পৰা দৰ্শকৰ নাই আশনুৰূপ সঁহাৰি। মুঠ আসনৰ ভালেসংখ্যক টিকট এতিয়াও বিক্ৰী হোৱা নাই। জানিব পৰামতে ২৮ হাজাৰহে টিকট সম্প্ৰতি বিক্ৰী হৈছে।

কাৰ পক্ষত বৰ্ষাপাৰা ! শৃংখলা জয়ৰ নিৰ্ণয় নে প্ৰত্যাৱৰ্তনৰ মঞ্চ
চাইবাৰ অপৰাধীৰ লক্ষ্য হোজাই জিলা আয়ুক্ত লাচিত কুমাৰ দাস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in