শ্বপিং মলত অগ্নিকাণ্ডঃ এই পৰ্যন্ত ১১ জনৰ মৃত্যু, আৱদ্ধ বহুজন...

শ্বপিং মলত অগ্নিকাণ্ডঃ এই পৰ্যন্ত ১১ জনৰ মৃত্যু, আৱদ্ধ বহুজন...

author-image
Asomiya Pratidin
New Update
শ্বপিং মলত অগ্নিকাণ্ডঃ এই পৰ্যন্ত ১১ জনৰ মৃত্যু, আৱদ্ধ বহুজন...

শ্বপিং মলত অগ্নিকাণ্ডঃ এই পৰ্যন্ত ১১ জনৰ মৃত্যু, আৱদ্ধ বহুজন...

ডিজিটেল ডেস্কঃ এটা শ্বপিং মলত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডত ১১ জনকৈ লোকৰ মৃত্যু হৈছে। শনিবাৰে এই ঘটনা সংঘটিত হৈছে পাকিস্তানত। জানিব পৰা মতে এতিয়াও এই শ্বপিং মলটোত আৱদ্ধ হৈ আছে বহু লোক। ঘটনাক কেন্দ্ৰ তকি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।

Advertisment

পাকিস্তানৰ এক সংবাদ প্ৰতিষ্ঠানৰ খবৰ অনুসৰি শনিবাৰে পুৱা কৰাচীৰ ৰছিদ মিনহাছ ৰোডৰ আৰজে শ্বপিং মলৰ পৰা জুইৰ শিখা ওলাই অহা দেখা গৈছিল। ইয়াৰ পাছতে অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপনীত হৈ অতি কমেও ৫০ জন লোকক উদ্ধাৰ কৰে। বৰ্তমানলৈকে এই ঘটনাত ৫০ জন লোকৰ মৃত্যু হৈছে। মলটোৰ ভিতৰত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে অব্যাহত আছে প্ৰচেষ্টা।

এই ঘটনাত উদ্ধাৰকাৰীয়ে উদ্ধাৰ কৰা এজন ৰউফ হামিদে জনোৱা অনুসৰি জুই লগাৰ কথা গম পোৱাৰ পাছতে তেওঁলোকে এটা নিৰাপদ কোঠালৈ গুছি গৈছিল। তাৰ পাছতে ক'লা ধোঁৱাই আৱৰি ধৰিছিল। কোঠাটোত থকা সকলোৱে কি কৰিব নকৰিব একো বুজি পোৱা নাছিল। অৱশ্যে কি কাৰণত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল সেই বিষয়ে এতিয়ালৈকে একো জানিব পৰা নাই। আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

Also Read: বাল্যবিবাহ ৰোধ, ড্ৰাগছমুক্ত সমাজ আৰু ঘৰে ঘৰে শিক্ষাৰ শ্ল'গানেৰে আমছুৰ বাইক ৰেলী...

অগ্নিকাণ্ড পাকিস্তান