বাল্যবিবাহ ৰোধ, ড্ৰাগছমুক্ত সমাজ আৰু ঘৰে ঘৰে শিক্ষাৰ শ্ল'গানেৰে আমছুৰ বাইক ৰেলী...

বাল্যবিবাহ ৰোধ, ড্ৰাগছমুক্ত সমাজ আৰু ঘৰে ঘৰে শিক্ষাৰ শ্ল'গানেৰে আমছুৰ বাইক ৰেলী...
বাল্যবিবাহ ৰোধ, ড্ৰাগছমুক্ত সমাজ আৰু ঘৰে ঘৰে শিক্ষাৰ শ্ল'গানেৰে আমছুৰ বাইক ৰেলী...

ডিজিটেল সংবাদ ওৰাংঃ সংখ্যালঘু সমাজত গা-কৰি উঠা সমাজ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে ৰৌতাত আমছুৱে শনিবাৰে বাহিক কৰিলে এক বৃহৎ সজাগতামূলক বাইৰেলী। ঘৰে-ঘৰে শিক্ষা, বাল্য বিবাহ বন্ধ কৰা, ড্ৰাগছ আৰু নিচা জাতীয় দ্ৰব্য প্ৰতিৰোধৰ উদ্দেশ্যৰে এই বাইক ৰেলী উলিওৱা হয়।

প্ৰায় তিনি শতাধিক আমছু কৰ্মীয়ে গ্ৰামাঞ্চলৰ মাজেৰে এই ৰেলী উলিয়াই বাল্যবিবাহ বন্ধ কৰক, নিচা জাতীয় দ্ৰব্য সেৱন বন্ধ কৰক আদি সমাজ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে শ্ল'গান আওঁৰাই সজাগতাৰ চেষ্টা কৰে।

সমান্তৰালকৈ সংখ্যালঘু সমাজত ঘৰে-ঘৰে শিক্ষা লোৱাৰো আহ্বান জনায় ছাত্ৰ সংগঠনটোৰ কৰ্মীসকলে। জিলাখনৰ ৰৌতাৰ পৰা আৰম্ভ কৰা এই বাইক ৰেলী আমিনপাৰা,পানীখাইতি,সিধাখোৱা, ইকৰাবাৰী হৈ প্ৰায় এশ কিলোমিটাৰ পথ অতিক্ৰম কৰি কলাইগাঁৱত সমাপ্ত হয়।

সজাগতামূলক বাই ৰেলীত আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদ আৰু কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ছফিকুল ইছলামে সমাজৰ কু-সংস্কাৰ দূৰ কৰাৰ লগতে ঘৰে-ঘৰে শিক্ষা লোৱাৰ আহ্বান জনায়।

বাল্যবিবাহ ৰোধ, ড্ৰাগছমুক্ত সমাজ আৰু ঘৰে ঘৰে শিক্ষাৰ শ্ল'গানেৰে আমছুৰ বাইক ৰেলী...
বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা চলোৱা ১১ লাখৰো অধিক মূল্যৰ সামগ্ৰী জব্দ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in