/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/9bfb6f40-ed1d-4f64-9930-3f0e97f0ba60/bangladesh_19.jpg)
বাংলাদেশৰ ৰোহিঙ্গীয়া কেম্পত ভূমিস্খলনৰ ফলত ১০ জন নিহত...
মাছুম বিল্লাহ, ঢাকাঃ বাংলাদেশৰ কক্সবজাৰ জিলাত থকা ৰোহিঙ্গীয়া কেম্পৰ পাঁচটাকৈ পৃথক স্থানত ভূমিস্খলন হৈ ১০ জনকৈ লোকৰ মৃত্যু হৈছে। মঙ্গলবাৰৰ গভীৰ নিশাৰ পৰা পুৱাৰ ভাগলৈকে ১, ৮, ৯, ১০ আৰু ১৪ নম্বৰ কেম্পত পাহাৰৰ মাটি, শিল খহি হেঁচা মাৰি ধৰে।
ঘটনাৰ পাছৰে পৰা উদ্ধাৰ অভিযান আৰম্ভ কৰি এই পৰ্যন্ত ১০ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত ১ নম্বৰ কেম্পৰ পৰা ১ জন, ৮ নম্বৰ কেম্পৰ পৰা এজন, ৯ নম্বৰ কেম্পৰ পৰা তিনিজন, ১০ নম্বৰ কেম্পৰ পৰা চাৰিজন আৰু ১৪ নম্বৰ কেম্পৰ পৰা এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/0267931a-5134-4e26-af56-81255c52f7a7/aa3a4e2a-a93a-4c48-abc0-4dc29d04a57f.jpg)
কেম্পৰ নিৰাপত্তাৰ দায়িত্বত থকা এ পি বি এন-৮ ৰ অধিনায়ক আমিৰ জাফৰে কয়, নিহতসকলৰ মাজত আছে দুজন বাংলাদেশী নাগৰিক আৰু বাকী আটাইকেইজন ৰোহিঙ্গীয়া। ১০ নম্বৰ কেম্পত নিহতসকলৰ ভিতৰত আছে আবু মেহেৰ (২৫), আবুল কালাম (৫৭), চলিমা খাতুন (৪২) আৰু জয়নব বিবি (১৯)।
৯ নম্বৰ কেম্পত নিহতসকলৰ ভিতৰত আছে মহম্মদ হুছেইন আহমেদ (৫০), আনোৱাৰা বেগম (১৮), মহম্মদ চলমান (৩)। ৮ নম্বৰ কেম্পত নিহত হৈছে মহম্মদ হাৰেজ (৪), ১৪ নম্বৰ কেম্পত নিহত হৈছে আব্দুল কৰিম (১২) আৰু ১ নম্বৰ কেম্পত নিহত হৈছে পুতনী বেগম (৩৪)।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/4cfeb8e2-16ac-42f9-89a7-9050714ff3fe/cf45e9a6-e532-4045-ac06-1a66de483b6f.jpg)
উল্লেখ্য যে, মঙ্গলবাৰে কক্স বজাৰত নিশা ধাৰাসাৰ বৰষুণ হৈছিল। এই বৰষুণৰ মাজতে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ৰোহিঙ্গীয়াসকলৰ এই শিবিৰৰ বহু কেইটা কেম্প আছে পাহাৰীয়া অঞ্চলত। ইয়াৰ পূৰ্বেও ৰোহিঙ্গীয়াসকলৰ আশ্ৰয় শিবিৰত পাহাৰ খহি প্ৰাণহানীৰ ঘটনা সংঘটিত হৈছিল।
কক্সবজাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ উপ-সহকাৰী সঞ্চালক তোফেইল আহমেদে সাংবাদিকক জনায় যে, মঙলবাৰে দুপৰীয়া ১২ বজাৰ পৰা বুধবাৰে দুপৰীয়া ১২ বজালৈ ২৪ ঘণ্টাত কক্সবজাৰত ৬৩ মিলিমিটাৰ বৰষুণ হৈছে। আনহাতে
টেকনাফ বতৰ বিজ্ঞান কেন্দ্ৰৰ কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত চাইফুল ইছলামে কৈছে যে বুধবাৰে পুৱা ৬ বজাৰ পৰা নিশা ১২ বজালৈ ছয় ঘণ্টাত ৫৬ মিমি বৰষুণ হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/456b8e2e-a394-4e26-bfd1-dd72e156ee90/e5bf738e-7879-4f3e-b40f-f10e43125549.jpg)
Also Read: অসম, মেঘালয়ত বৰষুণঃ বাংলাদেশৰ ছিলেটত ভয়াবহ বান, ৭ লাখ লোক ক্ষতিগ্ৰস্ত