কোনোবাই কৈছিল"ইনছাল্লাহ"! ধ্বংসস্তুপৰ পৰা ১০ দিনীয়া নৱজাতক উদ্ধাৰ

তুৰস্কৰ ধ্বংসস্তুপৰ মাজত "ইনছাল্লাহ" বুলি সহায় বিচাৰি থকা লোক সকলৰ মাজত উপস্থিত হৈছিল এটা উদ্ধাৰকাৰী দল।

author-image
Asomiya Pratidin
New Update
কোনোবাই কৈছিল"ইনছাল্লাহ"! ধ্বংসস্তুপৰ পৰা ১০ দিনীয়া নৱজাতক উদ্ধাৰ

ডিজিটেল ডেস্ক: তুৰস্কৰ ধ্বংসস্তুপৰ মাজত "ইনছাল্লাহ" বুলি সহায় বিচাৰি থকা লোক সকলৰ মাজত উপস্থিত হৈছিল এটা উদ্ধাৰকাৰী দল। তেতিয়াই তাৰ মাজত পৰা ১০ দিনীয়া এটি নৱজাতকক জীৱন্তে উদ্ধাৰ কৰিছিল উদ্ধাৰকাৰী সকলে । ভাগি যোৱা অট্টালিকাৰ তলত ৪ দিন জীয়াই আছিল শিশুটি।

Advertisment

তুৰস্কত হোৱা ভূমিকম্পই দেশখনত যথেষ্ঠ ক্ষতিসাধন কৰিছিল। হাজাৰা হাজাৰ মানুহ আৱদ্ধ হৈ পৰিছিল ধ্বংসস্তুপৰ মাজত। ইতিমধ্যে বহু লোকক উদ্ধাৰ কৰা হৈছে আৰু তাৰ মাজতে আছিল এই শিশুটি।

উদ্ধাৰৰ পাছত য়াগিজ উলাছ নামৰ শিশুটিক থাৰ্মল কম্বলেৰে মেৰিয়াই চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হৈছিল। অন্যহাতে শিশুটিৰ মাকক সংকটজনক অৱস্থাত আছিল।

তুৰস্ক আৰু ছিৰিয়াত হোৱা ডাঙৰ ভূমিকম্পৰ ফলত ২১,০০০ ৰো অধিক লোকৰ মৃত্যু হয়। এই ভয়ংকৰ ভূমিকম্পৰ পাছত কেইবাটাও শিশুক জীৱন্তে এই ধ্বংসস্তুপৰ মাজৰ পৰা উদ্ধাৰ কৰা হয়।

উল্লেখ্য যে, তুৰস্ক আৰু ছিৰিয়ালৈ ভাৰতেও বঢ়াইছে সহায়ৰ হাত। ভূমিকম্পৰ প্ৰায় ২৪ ঘন্টা পাছতেই ভাৰতে সহায় কৰিছিল। ভাৰতৰ পৰা যোৱা উদ্ধাৰকাৰী লোকসলকেও উদ্ধাৰ কৰিছে ধ্বংসস্তুপত আৱদ্ধ বহুতক।

আৰু পঢ়ক: কিশোৰী ধৰ্ষণৰ অভিযুক্ত দিগন্ত দাস আৰক্ষীৰ জালত...

turkey earthquakle