ক্ৰিকেট বিশ্ব মহাৰণত আজি সমুখ সমৰত ভাৰত আৰু বাংলাদেশ

ক্ৰিকেট বিশ্ব মহাৰণত আজি সমুখ সমৰত ভাৰত আৰু বাংলাদেশ

author-image
Asomiya Pratidin
New Update
ক্ৰিকেট বিশ্ব মহাৰণত আজি সমুখ সমৰত ভাৰত আৰু বাংলাদেশ

ডিজিটেল ডেস্কঃ আই চি চি এদিনীয়া বিশ্বকাপত বৃহস্পতিবাৰে জয়ৰ ধাৰা অব্যাহত ৰখাৰ উদ্দেশ্যৰে খেল পথাৰত নামিব ভাৰত। এদিনীয়া বিশ্বকাপ ২০২৩ৰ ১৭তম মেচত ভাৰতৰ বিৰুদ্ধে বৃহস্পতিবাৰে খেলপথাৰত নামিব বাংলাদেশ। বিয়লি ২ বজাৰ পৰা আৰম্ভ হ'ব লগা খেলখন অনুষ্ঠিত হ'ব পুনেস্থিত মহাৰাষ্ট্ৰ ক্ৰিকেট এচচিয়েচন ষ্টেডিয়ামত।

Advertisment

ইতিমধ্যে এদিনীয়া বিশ্বকাপ ২০২৩ৰ বিগত তিনিওখন মেচ জয়ী হয় ১.৮২১ পইন্টেৰে পইন্টছ তালিকাৰ দ্বিতীয় স্থানত আছে ভাৰত। আনহাতে নিউজিলেণ্ড আৰু ইংলেণ্ডৰ হাতত পৰাস্ত হয় মাত্ৰ এখন মেচ জয় কৰী -০.৬৯৯ পইন্টেৰে পইন্টছ তালিকাৰ ষষ্ঠ স্থানত আছে বাংলাদেশ।

বহুতেই বৃহস্পতিবাৰৰ মেচখন সম্পূৰ্ণ এক পক্ষীয় হ'ব বুলি মন্তব্য কৰিছে যদিও এই বৰ্ষৰ বিশ্বকাপত দেখা গৈছে কেইবাটাও আশ্যৰ্যকাৰ ফলাফল। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে নেদাৰলেণ্ডৰ আৰু ইংলেণ্ডৰ বিৰুদ্ধে আফগানিস্তানৰ বিজয়ে ইতিমধ্যেই আচম্বিত কৰিছে সকলোকে।

Also Read: আজি মুকলি হ'ব 'শ্ৰদ্ধাঞ্জলী উৰণ সেতু'

worldcup2023