আজি মুকলি হ'ব 'শ্ৰদ্ধাঞ্জলী উৰণ সেতু'

আজি মুকলি হ'ব 'শ্ৰদ্ধাঞ্জলী উৰণ সেতু'

author-image
Asomiya Pratidin
New Update
আজি মুকলি হ'ব 'শ্ৰদ্ধাঞ্জলী উৰণ সেতু'

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে মহা পঞ্চমীৰ শুভ দিনটোতে মহানগৰবাসীৰ বাবে মুকলি কৰা হ'ব জু-ৰোডস্থিত নৱনিৰ্মিত শ্ৰদ্ধাঞ্জলী উৰণ সেতু। বিয়লি ৫.৩০ বজাত মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব নৱনিৰ্মিত উৰণ সেতুখন।

Advertisment

উল্লেখ্য যে, বিগত দিনত সাংবাদিকৰ আগত দিয়া ভাষ্যত মুখ্যমন্ত্ৰী গৰাকীয়ে এই সেতুখন মহানগৰবাসীলৈ পূজাৰ উপহাৰ বুলি উল্লেখ কৰি সেতুখনৰ বাবে আগন্তুক ২০ বছৰলৈ মহানগৰবাসীয়ে যান-জঁটৰ পৰা বহু পৰিমাণে সকাহ পাব বুলি মন্তব্য কৰিছিল।

২.৩ কিলোমিটাৰ দৈৰ্ঘৰ এই উৰণ সেতুখন নিৰ্মাণত ব্যয় হৈছে ৩১৮ কোটি টকা। উল্লেখ্য যে নিৰ্ধাৰিত সময়ৰ ৬ মাহ পূৰ্বেই লোক নিৰ্মাণ বিভাগে সম্পূৰ্ণ কৰি তুলিছে উৰণ সেতুখনৰ কাম।

শ্ৰদ্ধাঞ্জলী উৰণ সেতু'