ইংলেণ্ডৰ বিৰুদ্ধে বাদ পৰিব নেকি ছামী ! পাণ্ডিয়াক লৈ BCCI ৰ কৌশলী স্থিতি...

ইংলেণ্ডৰ বিৰুদ্ধে বাদ পৰিব নেকি ছামী ! পাণ্ডিয়াক লৈ BCCI ৰ কৌশলী স্থিতি...
ইংলেণ্ডৰ বিৰুদ্ধে বাদ পৰিব নেকি ছামী ! পাণ্ডিয়াক লৈ BCCI ৰ কৌশলী স্থিতি...

ডিজিটেল ডেস্কঃ ঘৰুৱা মাটি, ঘৰুৱা দৰ্শকৰ সন্মুখত অপ্ৰতিৰোধ্য হৈ পৰিছে ভাৰত। চলিত বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শনেৰে ভাৰত এতিয়া বিশ্বকাপৰ পইণ্ট টেবুলৰ শীৰ্ষত। কিন্তু ভাৰতৰ এই দুৰন্ত প্ৰদৰ্শনত বাধা হিচাপে থিয় দিছে আঘাতৰ সমস্যাই।

বিগত সপ্তাহত বাংলাদেশৰ বিৰুদ্ধে খেলা মেচত আঘাতৰ সমস্যাৰ সন্মুখীন হৈছিল হাৰ্দিক পাণ্ডিয়া। যাৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা মেচখনত তেওঁক দলৰ পৰা বাদ দিয়া হৈছিল আৰু তেওঁৰ স্থানত দললৈ আহিছিল মহম্মদ ছামি।

এতিয়া প্ৰশ্ন হৈছে ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া মেচতো দলৰ পৰা বাদ পৰিব নেকি পাণ্ডিয়া? নে দললৈ পুনৰ ঘূৰি আহিব অলৰাউণ্ডাৰগৰাকী। এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ২৯ অক্টোবৰত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া মেচখনত হয়তো খেলাৰ সুযোগ নাপাব পাৰে পাণ্ডিয়াই !

বি চি চি আইৰ এগৰাকী অধিকাৰীৰ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি হাৰ্দিক পাণ্ডিয়াৰ আঘাতক লৈ বিশেষ চিন্তাৰ কোনো কাৰণ নাই। কিন্তু তেওঁক লৈ কোনো ৰিক্স ল’ব বিচৰা নাই ব’ৰ্ডে। সেয়ে আৰু এখন মেচত তেওঁক বিৰতি দিয়াৰ কথা চিন্তা কৰিছে।

আন এক খবৰ অনুসৰি ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ তত্বাৱধানত আছে পাণ্ডিয়া। বৃহস্পতিবাৰৰ ভিতৰত তেওঁ পুনৰ ফিট হৈ উঠিব। বেটিং কৰাৰ ক্ষেত্ৰত এতিয়াও তেওঁৰ কোনো সমস্যা নাই। বলিং কৰাৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে। সেয়েহে পাণ্ডিয়াৰ স্থানত আকৌ সূৰ্য কুমাৰ যাদৱেই দলত স্থান লাভ কৰিব পাৰে।

অৱশ্যে পাণ্ডিয়াক লৈ সৃষ্টি হোৱা এনে পৰিৱেশৰ মাজতে বহুতেই আকৌ বিচাৰি পাইছে বি চি চি আইৰ এক কৌশলী স্থিতি। পাণ্ডিয়াৰ সুস্থতাৰ খবৰৰ মাজতে তেওঁক পুনৰ এখন মেচত খেলাৰ পৰা বিৰত ৰাখি দৰাচলতে বি চি চি আইয়ে পৰৱৰ্তী মেচৰ বাবে মূল একাদশ গঠনৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিছে।

কিয়নো পাণ্ডিয়াৰ অনুপস্থিতিত নিউজিলেণ্ডৰ বিৰুদ্ধে দলত স্থান লাভ কৰিছিল মহম্মদ ছামিয়ে। পূৰ্বৰে পৰা মহম্মদ ছামিক দলত বিচাৰি আছিল ক্ৰিকেট অনুৰাগী তথা ক্ৰিকেট বিশেষজ্ঞসকলে। বহু কেইজন প্ৰাক্তন ক্ৰিকেটাৰে ছামিক মূল একাদশত স্থান দিবৰ বাবে মুকলিকৈ মন্তব্য কৰিছিল।

তাৰ মাজতে পাণ্ডিয়াৰ আঘাতে মূল একাদশলৈ অহাৰ বাট মুকলি কৰি দিয়াত ছামিয়ে সেই সুযোগ নেহেৰুৱালে। তেওঁৰ প্ৰথম মেচখনতেই লাভ কৰিলে ৫ টাকৈ গুৰুত্বপূৰ্ণ উইকেট। যাৰ বাবে ছামিক পুনৰ দলৰ পৰা বাদ দিয়াৰ কথা চিন্তা কৰিবলৈও সাহস কৰিব পৰা নাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে।

এনে পৰিস্থিতিত দলৰ পৰা কাক বাদ দিব বা কাক দলত স্থান দিব তাক লৈ সমস্যাৰ সৃষ্টি হৈছে। সেয়েহে পাণ্ডিয়াক আৰু এখন মেচৰ পৰা বিৰতি দিয়াৰ কথা চিন্তা কৰিছে ব'ৰ্ডে। ইংলেণ্ডৰ বিৰুদ্ধে যদি ছামিৰ প্ৰদৰ্শন নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা মেচখনতকৈ কিছু দুৰ্বল হয় তেন্তে পৰৱৰ্তী মেচৰ পৰা তেওঁক পুনৰ দলৰ পৰা বাদ দিয়া হ'ব পাৰে!

যদি ইংলেণ্ডৰ বিৰুদ্ধেও ছামিয়ে দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰাখে তেন্তে দলৰ পৰা সূৰ্য কুমাৰ যাদৱ আৰু শাৰ্দুল ঠাকুৰ যে বাদ পৰিব সেয়া নিশ্চিত। অপেনাৰ হিচাপে ৰোহিত শৰ্মা, শুভমণ গিলৰ উপৰি ক্ৰম অনুসৰে তৃতীয় স্থানত বিৰাট কোহলি, চতুৰ্থ স্থানত শ্ৰেয়াস আয়াৰ, পঞ্চম স্থানত কে এল ৰাহুল, ষষ্ঠ স্থানত ৰবীন্দ্ৰ জাডেজা, সপ্তম স্থানত মহম্মদ ছামী, অষ্টম স্থানত যশপ্ৰীত বুমৰাহ, নৱম স্থানত কুলদীপ যাৱদ আৰু একাদশ স্থানত মহম্মদ ছিৰাজে স্থান লাভ কৰিব পাৰে।

আনহাতে ৰবীচন্দ্ৰন অশ্বিনক লৈও বিপদত পৰিছে ব’ৰ্ড। কিয়নো অভিজ্ঞ স্পীনাৰ অশ্বিন মূল একাদশৰ পৰা বাহিৰত আছে। ৰবীন্দ্ৰ জাডেজা আৰু কুলদীপ যাদৱে সুন্দৰকৈ স্পীন আক্ৰমণক আগুৱাই নিছে।

শাৰ্দুল ঠাকুৰৰ বাবেই অশ্বিনো দলৰ পৰা বাদ পৰি আছে। ইফালে শাৰ্দুল ঠাকুৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিছে দলীয় মেনেজমেণ্টে। এনে পৰিস্থিতিত ভাৰতীয় মূল একাদশ কিদৰে সজাই তাক লৈ বিবুধিত পৰিছে অধিনায়ক ৰোহিত শৰ্মাও।

ইংলেণ্ডৰ বিৰুদ্ধে বাদ পৰিব নেকি ছামী ! পাণ্ডিয়াক লৈ BCCI ৰ কৌশলী স্থিতি...
ক্ৰমাৎ সুস্থ হৈ উঠিছে হাৰ্ডিক পাণ্ডিয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in