/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/20ee1e00-239d-47bd-a9b8-ff79e5a37c02/334.jpg)
ডিজিটেল ডেস্ক : ভাৰতীয় ক্ৰিকেট দলৰ বাবে ভাল খবৰ। ক্ৰমাৎ সুস্থ হৈ উঠিছে অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়া।
বাংলাদেশৰে হোৱা মেচখনত আঘাত পোৱা পাণ্ডিয়া সুস্থ হৈ উঠিছে। এই মেচখনত তেওঁ বলিং কৰি থকা সময়ত আঘাত পাইছিল। যাৰ বাবে তেওঁৰ অসম্পূৰ্ণ অ'ভাৰ বিৰাট কোহলিয়ে পূৰ্ণ কৰিছিল।
দেওবাৰে ইংলেণ্ডৰে হ'ব লগা মেচখনত তাৰকা খেলুৱৈগৰাকীয়ে খেলাৰ পূৰ্ণ সম্ভাৱনা থকাৰ কথা এক সূত্ৰত প্ৰকাশ। সম্প্ৰতি তেওঁক ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত চিকিৎসা প্ৰদান কৰি থকা হৈছে। লণ্ডনৰ এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা প্ৰদান কৰা হৈছে।
Also Read: বাওঁ হাতেৰে পূজাৰ পূস্পাঞ্জলি প্ৰদান আৰু গ্ৰহণ কৰিলে কি হয়? পৰে নেকি আপোনাৰ জীৱনত প্ৰভাৱ, চাওক...