ভাৰত-পাক মেচৰ বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান কিয় সম্প্ৰচাৰ নহ'ল টিভি, অ'টিটিত...

ভাৰত-পাক মেচৰ বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান কিয় সম্প্ৰচাৰ নহ'ল টিভি, অ'টিটিত...
ভাৰত-পাক মেচৰ বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান কিয় সম্প্ৰচাৰ নহ'ল টিভি, অ'টিটিত...

ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ মেচৰ পাছতে দৰ্শকৰ ৰোষত পৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড চমুকৈ বি চি চি আই। শনিবাৰে মেচখন অনুষ্ঠিত হোৱাৰ পাছৰে পৰা সামাজিক মাধ্যমত ব'ৰ্ড সমালোচিত হোৱাৰ লগতে প্ৰশ্নৰ সন্মুখীন হৈছে।

সমান্তৰালকৈ সামাজিক মাধ্যমত দৰ্শকৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে মেচখন সম্প্ৰচাৰৰ দায়িত্বত থকা টিভি চেনেল আৰু অ'টিটি প্লেটফৰ্ম হটষ্টাৰ। এইবাৰ আই চি চি এদিনীয়া বিশ্বকাপত নাছিল কোনো উদ্বোধনী অনুষ্ঠান। তাৰ পৰিৱৰ্তে ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা মেচখনৰ পূৰ্বেহে বি চি চি আইয়ে অনুষ্ঠিত কৰিছিল অতি জাকজমকিয়া উদ্বোধনী অনুষ্ঠানৰ। এই অনুষ্ঠানক লৈয়ে এতিয়া সমালোচনাৰ সন্মুখীন ব'ৰ্ড।

এই অনুষ্ঠানত সংগীত পৰিৱেশনৰ বাবে আমন্ত্ৰিত হৈছিল বলিউডৰ সংগীত শিল্পী অৰিজিৎ সিং, শংকৰ মহাদেৱান, সুনিধী চৌহান, সুখবিন্দৰ সিং আদিয়ে। মেচৰ পূৰ্বৰে পৰা এই অনুষ্ঠানৰ সম্পৰ্কে ব্যাপকভাৱে প্ৰচাৰ চলাইছিল ব'ৰ্ডে।

এইসকল সংগীত শিল্পীৰ বাবে ষ্টেডিয়ামত মঞ্চও তৈয়াৰ কৰা হৈছিল। দুপৰীয়া ১২-৩০ বজাৰ পৰা এই উদ্বোধনী অনুষ্ঠান আৰম্ভ হোৱাৰ কথা আছিল। সেয়েহে দিনৰ ১২-৩০ বজাৰ ঠিক আগৰ পৰাই বৰ্ণাঢ্য আয়োজন উপভোগ কৰিবলৈ টিভিৰ সন্মুখত বহিছিল লাখ লাখ দৰ্শক। একেদৰে হাতত মোবাইল লৈ হটষ্টাৰত চকু ৰাখিছিল ব্যৱহাৰকাৰীসকলে।

কিন্তু টিভি আৰু হটষ্টাৰ ক'তোৱেই এই অনুষ্ঠানৰ সম্প্ৰচাৰ কৰা নহ'ল। হটষ্টাৰত কেৱল ষ্টুডিঅ'ৰ পৰাহে সম্প্ৰচাৰ চলাই থকা হ'ল। ষ্টেডিয়ামত কি হৈ আছে, কোনে কি গীত পৰিৱেশন কৰিছে, কেনেদৰে সেই অনুষ্ঠান পৰিৱেশন কৰা হৈছে তাৰ কোনো দৃশ্যই নেদেখুৱালে ব্যৱহাৰকাৰীক।

বহুতেই সেয়ে টুইটাৰৰ জৰিয়তে প্ৰশ্ন কৰিলে কেৱল তেওঁলোকৰ লগতহে এনেকুৱা হৈছে নে সকলোৰে লগত এনেকুৱা হৈছে। ১২-৩০ বজাৰ পৰা টুইটাৰত বিষয়টো চৰ্চা হ'বলৈ ধৰাত ১২-৩৭ মিনিটত সম্প্ৰচাৰকাৰী সংস্থাৰ তৰফৰ পৰা জনায়, এই অনুষ্ঠান কেৱল ষ্টেডিয়ামত উপস্থিত থকা দৰ্শকৰ বাবেহে।

টিভি বা অ' টি টি প্লে'টফৰ্মত ইয়াৰ সম্প্ৰচাৰ কৰা নহ'ব। ইয়াৰ পাছতেই দৰ্শকৰ অধিক সমালোচনাৰ সন্মুখীন হয় ব'ৰ্ড। সকলোৰে এটাই প্ৰশ্ন, পূৰ্বেই এই কথা প্ৰচাৰ কৰা নহ'ল কিয়? তেওঁলোকৰ প্ৰশ্ন, যদিহে আই পি এলৰ অনুষ্ঠান সম্প্ৰচাৰ কৰিব পাৰে তেন্তে বিশ্বকাপৰ দৰে মেচৰ অনুষ্ঠান সম্প্ৰচাৰ কৰিব নোৱাৰাৰ আঁৰৰ কাৰণ কি?

ভাৰত-পাক মেচৰ বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান কিয় সম্প্ৰচাৰ নহ'ল টিভি, অ'টিটিত...
ৰোহিত শৰ্মাৰ হাতত পতন পাকিস্তানৰ পেছ আক্ৰমণৰ দম্ভঃ বিশ্বকাপত ভাৰত অপ্ৰতিৰোধ্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in