বিশ্বকাপত আজি বিৰাটৰ সন্মুখত বহু ৰেকৰ্ড ভংগ কৰাৰ সুৱৰ্ণ সুযোগ...

বিশ্বকাপত আজি বিৰাটৰ সন্মুখত বহু ৰেকৰ্ড ভংগ কৰাৰ সুৱৰ্ণ সুযোগ..

author-image
Asomiya Pratidin
New Update
বিশ্বকাপত আজি বিৰাটৰ সন্মুখত বহু ৰেকৰ্ড ভংগ কৰাৰ সুৱৰ্ণ সুযোগ...

বিশ্বকাপত আজি বিৰাটৰ সন্মুখত বহু ৰেকৰ্ড ভংগ কৰাৰ সুৱৰ্ণ সুযোগ..

ডিজিটেল ডেস্কঃ এদিনীয়া বিশ্বকাপ ২০২৩ৰ আজিৰ মেচত ভাৰতৰ সন্মুখত শ্ৰীলংকা। পূৰ্বৰ মেচখনত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলটোৰ বেটছমেনসকলৰ প্ৰদৰ্শন অন্যান্য মেচসমূহৰ দৰে উন্নত নাছিল যদিও ভাৰতীয় বলিং বিভাগৰ দুৰ্দান্ত প্ৰদৰ্শনত ইংলেণ্ড দলটো বিধ্বস্ত হৈছিল।

Advertisment

এই মেচখনত কিং কোহলিয়েও এটাও ৰাণ সংগ্ৰহ নকৰাকৈ পেভিলয়নলৈ উভতিছিল।  সেয়েহে শ্ৰীলংকাৰ বিৰুদ্ধে আজি অনুষ্ঠিত হ’বলগীয়া মেচখনত সকলোৰে দৃষ্টি আজি কোহলিৰ ওপৰত থাকিব।

এক্সত বি চি চি আইৰ বাৰ্তা
এক্সত বি চি চি আইৰ বাৰ্তা

একেদৰে ৰোহিত শৰ্মাৰ পৰাও আজি শতক আশা কৰিছে ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে। আন একাংশই আকৌ এতিয়ালৈকে বিশেষ উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম নোহোৱা শুভমণ গিলৰ পৰাও এটা উন্নত ইনিংছৰ আশা কৰিছে।

বৰ্তমানলৈকে এই মেগা ইভেণ্টখনত ভাৰতীয় দলটোৰ হৈ বিৰাট কোহলিৰ বেট ভালকৈয়ে চলিছে।তেওঁ গড়ে ৮৮.৫০ ৰে মুঠ ৩৫৪ ৰাণ সংগ্ৰহ কৰিছে। আজিৰ মেচখনত কোহলিয়ে কেইবাটাও ৰেকৰ্ড গঢ়া আৰু ভঙাৰ সুযোগ লাভ কৰিছে। ইয়াৰ ভিতৰত আছে শচীন তেণ্ডুলকাৰৰো ৰেকৰ্ড।

দুই মহান ক্ৰিকেটাৰ একেটা ফ্ৰেমত
দুই মহান ক্ৰিকেটাৰ একেটা ফ্ৰেমত

কোহলিয়ে ২০২৩ ত এই পৰ্যন্ত এদিনীয়া ক্ৰিকেটত সুন্দৰ প্ৰদৰ্শনৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে। চলিত বছৰত কোহলিয়ে গড়ে ৬৪.৪০ কৈ ৯৬৬ ৰাণ সংগ্ৰহ কৰিছে। যাৰ ভিতৰত আছে ৪ টা শতক আৰু ৫ টা অৰ্ধ শতক।

আজিৰ মেচখনত যদি কোহলিয়ে অতি কমেও ৩৪ ৰাণ সংগ্ৰহ কৰে তেন্তে এটা কেলেণ্ডাৰ বৰ্ষত সকলোতকৈ বেছি ১০০০ ৰাণৰ সীমা অতিক্ৰম কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ হৈ পৰিব। কোহলি বৰ্তমান এইক্ষেত্ৰত শচীন তেণ্ডুলকাৰৰ সৈতে একেলগে এই ৰেকৰ্ডৰ অধিকাৰী হৈ আছে। এই পৰ্যন্ত এই দুয়োগৰাকী ক্ৰিকেটাৰে মুঠ ৭ টা কেলেণ্ডাৰ বৰ্ষত ১০০০ বা তাতোকৈ অধিক ৰাণ সংগ্ৰহ কৰাৰ ৰেকৰ্ড গঢ়ি থৈছে।

বিৰাট আৰু ৰোহিত। ভাৰতীয় ক্ৰিকেটৰ দুই স্তম্ভ।
বিৰাট আৰু ৰোহিত। ভাৰতীয় ক্ৰিকেটৰ দুই স্তম্ভ।

আনহাতে বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই এতিয়ালৈকে এদিনীয়া ক্ৰিকেট বিশ্বকাপত ১২ বাৰ ৫০ বা তাতোকৈ অধিক ৰাণ কৰিবলৈ সক্ষম হৈছে। যদি আজি কোহলি বা ৰোহিতে অৰ্ধতশতক অৰ্জন কৰে তেন্তে তেওঁলোকৰ এই ৰেকৰ্ড ভংগ হ’ব আৰু অৰ্ধশতকৰ সংখ্যাত ৰোহিত অথবা কোহলি এজনে আনজনক অতিক্ৰম কৰিব।

বিশ্বকাপত জয়ী হোৱা মেচত বিৰাট কোহলিৰ বেটৰ পৰা এই পৰ্যন্ত আহিছে ১৩০৭ ৰাণ। যদিহে আজি বিৰাটে অতি কমেও ৩৫ ৰাণ সংগ্ৰহ কৰে আৰু ভাৰতীয় দলটো বিজয়ী হয় তেন্তে কোহলিয়ে ভংগ কৰিব অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙৰ ৰেকৰ্ড আৰু কোহলিয়ে এই ক্ষেত্ৰত অধিকাৰ কৰিব দ্বিতীয় স্থান।

বিশ্বকাপত জয়ী হোৱা মেচত সকলোতকৈ অধিক ৰাণ সংগ্ৰহ কৰিছে শচীন তেণ্ডুলকাৰে। তেওঁ বিশ্বকাপৰ জয়ী হোৱা মেচত ১৫১৬ ৰাণ সংগ্ৰহ কৰিছে।

চলিত বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে শতক অৰ্জন কৰাৰ পাছত কিং কোহলি
চলিত বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে শতক অৰ্জন কৰাৰ পাছত কিং কোহলি

ইফালে কোহলিৰ নামত এতিয়ালৈকে বিশ্বকাপত আছে ৩ টা শতক। যদিহে আজিৰ মেচত তেওঁ শতক অৰ্জন কৰে তেন্তে ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধাৱান আৰু ভিভিয়ান ৰিচাৰ্ডছক অতিক্ৰম কৰিবলৈ সক্ষম হ’ব।  

ইয়াৰোপৰি তেওঁ স্পৰ্শ কৰিব শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড। তেণ্ডুলকাৰে এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৪৯ টা শতক অৰ্জন কৰিছিল। কোহলিয়ে এই পৰ্যন্ত ৪৮ টা শতক অৰ্জন কৰি আছে। আজিৰ মেচত তেওঁ শতক অৰ্জন কৰিছে শচীনৰ এই ৰেকৰ্ড স্পৰ্শ কৰিবলৈ সক্ষম হ'ব।

অনুশীলনত ব্যস্ত ভাৰতীয় ক্ৰিকেটৰ 'কিং' আৰু 'প্ৰিন্স'
অনুশীলনত ব্যস্ত ভাৰতীয় ক্ৰিকেটৰ 'কিং' আৰু 'প্ৰিন্স'

Also Read: ED ক প্ৰত্যাহ্বান কেজৰিৱালৰঃ জেৰাৰ বাবে ইডিৰ কাৰ্যালয়ত হাজিৰ নহয়, প্ৰচাৰ চলাব মধ্যপ্ৰদেশত...

এদিনীয়া ক্ৰিকেট বিশ্বকাপ