ED ক প্ৰত্যাহ্বান কেজৰিৱালৰঃ জেৰাৰ বাবে ইডিৰ কাৰ্যালয়ত হাজিৰ নহয়, প্ৰচাৰ চলাব মধ্যপ্ৰদেশত...

ED ক প্ৰত্যাহ্বান কেজৰিৱালৰঃ জেৰাৰ বাবে ইডিৰ কাৰ্যালয়ত হাজিৰ নহয়, প্ৰচাৰ চলাব মধ্যপ্ৰদেশত...
ED ক প্ৰত্যাহ্বান কেজৰিৱালৰঃ জেৰাৰ বাবে ইডিৰ কাৰ্যালয়ত হাজিৰ নহয়, প্ৰচাৰ চলাব মধ্যপ্ৰদেশত...

ডিজিটেল ডেস্কঃ আম আদমী পাৰ্টিৰ শীৰ্ষ নেতা তথা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াকে ধৰি একাংশ নেতা সুৰা কেলেংকাৰী গোচৰত জে'লত বন্দী হৈ থকাৰ মাজতে এজনৰ পাছত আন এজনকৈ নেতালৈ আহিছে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিৰ চমন। শেহতীয়াকৈ ২ নৱেম্বৰত ই ডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ কোৱা হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। কিন্তু খবৰ অনুসৰি ই ডিৰ কাৰ্যালয়ত হাজিৰ নহয় কেজৰিৱাল।

ইয়াৰ পৰিৱৰ্তে তেওঁ মধ্য প্ৰদেশত নিৰ্বাচনী প্ৰচাৰতহে অংশগ্ৰহণ কৰিব। দলটোৰ ফালৰ পৰা প্ৰকাশ কৰা অনুসৰি মধ্যপ্ৰদেশত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ সৈতে আজি নিৰ্বাচনী প্ৰচাৰত ভাগ ল'ব কেজৰিৱালে। ইয়াৰোপৰি ভাগ ল'ব এক ৰোডশ্ব'ত।

উল্লেখ্য যে, মধ্যপ্ৰদেশত ১৭ নৱেম্বৰত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। ২৩০ খন আসনৰ বাবে ৰাজ্যখনত একেটা দিনতে অনুষ্ঠিত হ'ব নিৰ্বাচন। এই নিৰ্বাচনত আপে মুঠ ৭০ খন আসনত প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।

ইয়াৰ পূৰ্বে ই ডিয়ে মুখ্যমন্ত্ৰী কেজৰিৱাললৈ চমন জাৰি কৰা বিষয়টোত কেজৰিৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ই ডিক তীক্ষ্ণ সমালোচনা কৰিছিল। তেওঁ কয়, ইডিয়ে প্ৰেৰণ কৰা চমন আইন বিৰোধ আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত। এই চমন বিজেপিৰ নিৰ্দেশত ইডিয়ে জাৰি কৰিছে।

কেজিৰৱালে অভিযোগ কৰিছে, তেওঁক জাননী এইবাবেই জাৰি কৰা হৈছে যাতে ৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত তেওঁ ভাগ ল'ব নোৱাৰে। তেওঁ ইডিক শীঘ্ৰেই চমন ঘূৰাই ল'বলৈও দাবী কৰিছে।

ইফালে ইডিয়ে দিল্লী চৰকাৰৰ আন এগৰাকী মন্ত্ৰী ৰাজকুমাৰ আনন্দৰ কাৰ্যালয়, চৌহদকে ধৰি মুঠ ১২ টা স্থানত বৃহস্পতিবাৰে অভিযান চলাইছে।

ED ক প্ৰত্যাহ্বান কেজৰিৱালৰঃ জেৰাৰ বাবে ইডিৰ কাৰ্যালয়ত হাজিৰ নহয়, প্ৰচাৰ চলাব মধ্যপ্ৰদেশত...
'প্ৰতিদিন' গোষ্ঠীৰ বাতৰিৰ প্ৰভাৱ : অধ্যক্ষৰ দুৰ্নীতিৰ তদন্তৰ বাবে বিদ্যালয়ত উপস্থিত জিলা আয়ুক্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in