ক্ৰিকেট অনিশ্চয়তাৰ খেল : আফগানিস্তানৰ বিৰুদ্ধে বিজয় সাব্যস্ত অষ্ট্ৰেলিয়াৰ

ক্ৰিকেট অনিশ্চয়তাৰ খেল : আফগানিস্তানৰ বিৰুদ্ধে বিজয়  সাব্যস্ত অষ্ট্ৰেলিয়াৰ

ডিজিটেল ডেস্কঃ অনিশ্চয়তাৰ খেল ক্ৰিকেট। এই কথাকেই আখৰে আখৰে প্ৰতিফলিত কৰি আফগানিস্তানৰ বিৰুদ্ধে ৩ উইকেটত জয়লাভ কৰিলে অষ্ট্ৰেলিয়াই। মঙলবাৰে মুম্বাইৰ ৱাংখড়ে ষ্টেডিয়ামত ৫ বাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলপথাৰত নামিছিল আফগানিস্তান। টচত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ ৫উইকেট হেৰুৱাই ৫০ অভাৰত সংগ্ৰহ কৰিছিল ২৯১ ৰাণ।

২৯২ ৰাণৰ লক্ষ্য আগত ৰাখি খেল পথাৰত নামিছিল অষ্ট্ৰেলিয়ান বেটাৰসকল। কিন্তু দ্বিতীয় ইনিংচৰ আৰম্ভণিতে আফগানিস্তানৰ বিধ্বংসী বলিং লাইনৰ সন্মুখত তাছ-পাতৰ দৰে খহিছিল মহা শক্তিশালী অষ্ট্ৰেলিয়ান বেটিং লাই আপ। দ্বিতীয় ইনিংচৰ ২০ অভাৰ নহওতেই অষ্ট্ৰেলিয়াই হেৰুৱাইছিল ৬টাকৈ উইকেট। ৬ নম্বৰত বেটিঙৰ বাবে খেল পথাৰত নামিছিল গ্লিন মেক্সৱেল। ইয়াৰ পিছতেই বিজয়ৰ বতাহ উভতি বলিছিল ৱাংখড়েত।

১২৮ বলত দ্বিশতাধিক ৰাণ কৰি অপৰাজিত হৈ থাকিল মেক্সৱেল। ১০ টা ৬ আৰু ২১ টা ৪ কোবাই অকলেই সংগ্ৰহ কৰিলে ২০১ ৰাণ। মেক্সৱেলৰ এই অভিলেখ ভংগকাৰী প্ৰদৰ্শনীৰে ৪৬.৫ অভাৰত ২৯৩ ৰাণ সংগ্ৰহ কৰি বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হ'ল কেংগাৰু বাহিনী।

ক্ৰিকেট অনিশ্চয়তাৰ খেল : আফগানিস্তানৰ বিৰুদ্ধে বিজয়  সাব্যস্ত অষ্ট্ৰেলিয়াৰ
কৃষিখণ্ডত নৱজাগৰণৰ সূচনা কৰিবলৈ সাজু মৰিগাঁও 'কৃষক মেলা'

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in