/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/09d83ae0-eefc-45f0-93a1-d12539280e3f/15.jpg)
ডিজিটেল সংবাদ, মৰিগাঁওঃ মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আৰু কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (ATMA)ৰ সৌজন্যত আয়োজিত “কৃষক মেলা-২০২৩"। “কৃষকৰ উন্নতিয়েই দেশৰ প্ৰগতি” এই নীতিকেই সাৰোগত কৰি জিলাখনৰ বিভিন্ন বিভাগ আৰু কৃষকসকলৰ উৎপাদিত সামগ্রীৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰা এই কৃষক মেলাখনৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিলে মৰিগাঁও জিলাৰ সন্মানীয় জিলা আয়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/9172a028-0897-4485-b74a-5069841de9c3/24628b99_e67c_45e8_af19_ecf688a530c3.jpg)
ইয়াৰ পিছতে জিলা আয়ুক্ত মহোদয়ে কৃষক মেলাৰ প্ৰতিখন বিপনী পৰিদৰ্শন কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে। জিলাখনৰ কৃষকসকলৰ বাবে এক বৃহৎ মঞ্চ হিচাপে পৰিগণিত হোৱা মেলাখনে সামৰি লৈছে কৃষি-উদ্যান শস্যৰ প্ৰদৰ্শনী, বিভিন্ন বিভাগৰ দ্বাৰা উৎপাদিত উৎকৃষ্ট মানদণ্ডৰ সামগ্ৰী প্ৰদৰ্শন, কাৰিকৰী বিষয় সম্পৰ্কীয় আলোচনা চক্র, কৃষকৰ প্ৰশিক্ষণ, বীজ বিতৰণ ইত্যাদি। এই কৃষক মেলাৰ লগত সংগতি ৰাখি মৰিগাঁও জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীযুত প্ৰাঞ্জল বৰুৱাৰ উপস্থিতিত আৰু জিলা কৃষি বিষয়া শ্ৰীযুত অশোক কুমাৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত কৃষকৰ মত বিনিময় অনুষ্ঠানত জিলাখনৰ কৃষক উৎপাদক কোম্পানীৰ সদস্য সকলৰ লগতে কৃষকসকলৰ সৈতে মতবিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/0ce92693-091c-42ed-ae6e-781142a6bc56/5d1874f2_8216_430c_be10_1cdf5fd1762c.jpg)
উক্ত অনুষ্ঠানত উপস্থিত থাকে SAMETI ৰ সঞ্চালক শ্ৰীযুত ৰবিজিৎ দত্ত চৌধুৰী, সহকাৰী সঞ্চালক ৰাজীৱ ভূঞা, মৰিগাঁৱৰ সহকাৰী কৃষি সঞ্চালক ড০ মুনীন শৰ্মা, তপন কুমাৰ ব্ৰহ্ম আৰু সূৰ্য্য কুমাৰ আমছি, বিভিন্ন বিভাগৰ যেনে ৰেচম বিভাগ, মীন বিভাগৰ মুৰব্বী বিষয়া সকলৰ লগতে জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ৰ সংশ্লিষ্ট বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/688cc7c7-2e05-4355-90fe-20edfb54d055/61d129aa_c077_4a31_ae90_3684de39f426.jpg)
উল্লেখ্য যে, জিলা কৃষি বিভাগ আৰু আটমাৰ দ্বাৰা আয়োজিত কৃষক মেলা-২০২৩ আৰু কৃষি সামগ্ৰী প্ৰদৰ্শনী অনুষ্ঠানত জিলা খনৰ ৰেচম বিভাগ, মীন বিভাগ, পশুপালন বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ, কৃষক উৎপাদক কোম্পানীসমূহক সামৰি প্ৰায় ১৮ খন বিপনীৰ কৃষক মেলাত প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/b4129590-138f-47f4-88e4-d9fb310d0c0f/2b505f41_2bfa_4157_8ddd_6aafa1ed4985.jpg)