ছিৰাজ, বুমৰাহৰ সন্মুখত দিকবিদিক হেৰুৱাইছে শ্ৰীলংকাই...

ছিৰাজ, বুমৰাহৰ সন্মুখত দিকবিদিক হেৰুৱাইছে শ্ৰীলংকাই...

author-image
Asomiya Pratidin
New Update
ছিৰাজ, বুমৰাহৰ সন্মুখত দিকবিদিক হেৰুৱাইছে শ্ৰীলংকাই...

ছিৰাজ, বুমৰাহৰ সন্মুখত দিকবিদিক হেৰুৱাইছে শ্ৰীলংকাই...

ডিজিটেল ডেস্কঃ ভাৰতৰ সন্মুখত দিশহাৰা শ্ৰীলংকা। বিশ্বকাপৰ আজি ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে খেলা মেচত প্ৰথমে বেটিং কৰি ৩৫৮ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। ভাৰতৰ হৈ অপেনাৰ শুভমণ গিলে ৯২ ৰাণ, বিৰাট কোহলিয়ে ৮৮ ৰাণ আৰু শ্ৰেয়াস আয়াৰে ৮২ ৰাণ সংগ্ৰহ কৰে।

Advertisment

ইয়াৰোপৰি কে এল ৰাহুলৰ বেটৰ পৰা ২১, ৰবীন্দ্ৰ জাডেজাৰ বেটৰ পৰা ৩৫ ৰাণ আহে। ৪ ৰাণত আউট হৈ আজিৰ মেচখনত বেটিঙত ব্যৰ্থ হয় অধিনায়ক ৰোহিত শৰ্মা।

নিৰ্ধাৰিত ৫০ অভাৰত ভাৰতে ৩৫৭ ৰাণ সংগ্ৰহ কৰাৰ পাছত ৩৫৮ ৰাণৰ লক্ষ্যৰে খেল পথাৰত নমা শ্ৰীলংকা দলটো আৰম্ভণিৰে পৰা বেটিং বিপৰ্যয়ৰ সন্মুখীন হৈছে দলটো। খেল পথাৰত নামি প্ৰথমেই বুমৰাহৰ বলিং আক্ৰমণৰ সন্মুখীন হৈ গল্ডেন ডাক হয় পি নিশাংকা।

একেই অৱস্থা কৰুণাৰত্নে আৰু ছামাৰাৱিক্ৰমাৰ। আনহাতে মেণ্ডিছে এক ৰাণ কৰি পেভিলয়নৈ যাত্ৰা কৰে। এই তিনিওগৰাকী ক্ৰিকেটাৰ চিকাৰ হয় মহম্মদ ছিৰাজৰ।

Also Read: ৰাজনাথ সিঙক উভতি ধৰিলে ছোনিয়া গান্ধীয়েঃ ক'লে মিজোৰাম আমাৰ হৃদয়ত আছে...

ক্ৰিকেট টীম ইণ্ডিয়া বিশ্বকাপ ক্ৰিকেট