ৰাজনাথ সিঙক উভতি ধৰিলে ছোনিয়া গান্ধীয়েঃ ক'লে মিজোৰাম আমাৰ হৃদয়ত আছে...

ৰাজনাথ সিঙক উভতি ধৰিলে ছোনিয়া গান্ধীয়েঃ ক'লে মিজোৰাম আমাৰ হৃদয়ত আছে...
ৰাজনাথ সিঙক উভতি ধৰিলে ছোনিয়া গান্ধীয়েঃ ক'লে মিজোৰাম আমাৰ হৃদয়ত আছে...

ডিজিটেল ডেস্কঃ দেশৰ প্ৰতীৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চুবুৰীয়া নিজাৰম ভ্ৰমণ কৰি ৰাজ্যখনত বিজেপিৰ হৈ প্ৰচাৰ চলাই কংগ্ৰেছক দুৰ্নীতিগ্ৰস্ত, অযোগ্য আখ্যা দি মিজোৰামৰ উন্নয়নত কংগ্ৰেছে বাধা দিয়াৰ লগতে এই অৱস্থাৰ বাবে কংগ্ৰেছকেই দোষী সাব্যস্ত কৰিছে। ৰাজনাথ সিঙৰ এনে অভিযোগৰ পাছতে কংগ্ৰেছৰ শীৰ্ষ নেত্ৰী ছোনিয়া গান্ধীয়ে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ৰাজনাথ সিঙক প্ৰত্যুত্তৰ দিয়াৰ লগতে মিজো শান্তি চুক্তিত কংগ্ৰেছৰ অৱদান, তদানীনন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ভূমিকা আৰু গান্ধী পৰিয়ালৰ সৈতে মিজোৰামৰ সম্পৰ্কৰ ইতিহাস তুলি ধৰিছে। লগতে তেওঁ বিজেপিৰ ফেচিবাদ আৰু স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে মিজোৰামবাসীক একত্ৰিত হ'বলৈ আহ্বান জনাইছে।

ছোনিয়া গান্ধীয়ে কয়, বিজেপিৰ বিভাজন নীতিৰ বাবেই চুবুৰীয়া মণিপুৰ আজি ছাৰখাৰ হৈছে। ৬ মাহ অতিক্ৰম কৰাৰ পাছতো তালৈ এক ঘণ্টাৰ বাবে প্ৰধানমন্ত্ৰী অহা নাই। সেই বিজেপিৰেই আশীষধন্য দল এম এন এফ আৰু জেড পি এমক মিজোৰামত ভোট দলে বিজেপি, আৰ এছ এছেই মিজোৰামত শাসন কৰিব।

তেওঁ কয়, মিজোৰাম আমৰ হৃদয়ৰ বিশেষ স্থানত আছে। মিজো চুক্তিৰ পাছৰ পৰা বহুবাৰ ইয়ালৈ আহিছো। ইয়াৰ সৌন্দৰ্য, সংস্কৃতি আৰু মানুহে আমাক মুগ্ধ কৰে। কিন্ত বিজেপি, আৰ এছ এছে মিজোৰামৰ সংস্কৃতি, ভাষা, ঐতিহ্য মোহাৰি সমগ্ৰ দেশত একেই সংস্কৃতি জাপি দিবলৈ বিচাৰিছে। তেওঁলোকৰ হাতত গণতন্ত্ৰ বিপন্ন।তেওঁলোকে সংসদত আইন প্ৰণয়ন কৰিবলৈ বাধ্য কৰিছে যিয়ে জনজাতিৰ ভূমিৰ অধিকাৰ কাঢ়ি নিব।   

গান্ধীৰ দাবী, ইতিহাস প্ৰমাণ আছে মিজোৰামলৈ একমাত্ৰ কংগ্ৰেছেই উন্নয়ন আনিব পাৰিব। সেয়ে ৰাজ্যবাসীক বিশেষকৈ যুৱ প্ৰজন্ম আৰু মহিলাসকলক অনুৰোধ কৰিছো আৰু কোনো দলৰ পৰীক্ষামূলকভাৱে সুযোগ দি ৰাজ্যৰ সৰ্বনাশ নামাতিব। শান্তি, উন্নতি আৰু সংবিধানৰ ৩৭১ জি ধাৰাৰ ৰক্ষা কৱছ বজাই ৰাখিবলৈ কংগ্ৰেছৰ ওপৰতে ভাৰসা কৰক।   

ৰাজ্যখনত অ-মিজো বিশেষকৈ ম্যানমাৰৰ শৰনাৰ্থীসকললৈ সাহায্য প্ৰেৰণ নকৰা, মণিপুৰৰ জু-কুকিসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বাবে চাপত থকা বিজেপিয়ে এতিয়া অ-মিজো লোকসকলৰ ভোট লাভ কৰাৰ আশাত অ-মিজো অধ্যুসিত অঞ্চলসমূহক অধিক গুৰুত্ব প্ৰদান কৰিছে।তেনে এক সমষ্টি মামিত জিলাত ৰাজনাথ সিঙে প্ৰচাৰ চলায় কৈছিল, কংগ্ৰেছৰ অপশাসনৰ বাবে মিজোৰাম ইমান পিছ পৰি আছে। দিল্লীৰ পৰা তেওঁলোকৰ দুৰত্ব বাঢ়ি আহিছে। যোৱা ৯ বছৰত নৰেন্দ্ৰ মোডী চৰকাৰ শাসনলৈ অহাৰ পিছত মিজোৰাম আৰু দিল্লীৰ মাজৰ ব্যৱধান হ্ৰাস পাইছে। উন্নয়নে গতি লাভ কৰিছে। ইয়াৰোপৰি তেওঁ শাসকীয় এম এন এফকো সমালোচনা কৰি কয়, যদি বিজেপি শাসনলৈ আহে তেন্তে ইয়াৰ এছ ই ডি পি আঁচনিৰ তদন্তৰ বাবে এখন বিশেষ তদন্ত কমিটী গঠন কৰা হব। ড্ৰাগছ মুক্ত মিজোৰাম গঢ়াৰ উপৰি বিজেপিয়ে ৰাণী ৰোপুইলিয়ানি মহিলা সশক্তিকৰণ আঁচনি ৰূপায়ণ আৰু সকলো কন্যা শিশুক ডেৰা লাখ টকা দিয়াৰ কথা ঘোষণা কৰে। তেওঁ এছ ই ডি পি আঁচনিৰ পৰিৱৰ্তে, সকলো পৰিয়ালক সহজে চৰকাৰী লাভালাভ প্ৰাপ্ত কৰাৰ বাবে পদুম কাৰ্ড প্ৰদান কৰা হ'ব বুলিও কয়।

উল্লেখ্য, মিজোৰামত শাসকীয় এম এন এফ এতিয়াও নেডা আৰু এন ডি এৰ অংশীদাৰ। সেয়ে ৰাহুল গান্ধী, ছোনিয়া গান্ধীয়ে এই দলটোক বিজেপিৰ বি টীম আখ্যা দিছে। মুখ্যমন্ত্ৰী জোৰামথাংগাই এই সন্দৰ্ভত কয়, আমি এন ডি এ গোটৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য। কিন্তু এন ডি এ বা বিজেপিৰ প্ৰতি আমাৰ সমৰ্থন বিষয়ভিত্তিকহে। মিজোৰামৰ স্বাৰ্থ বিৰোধী কোনো সিদ্ধান্তই আমি সমৰ্থন নকৰো। আমাৰ আৰু বিজেপিৰ আদৰ্শ ভিন্ন। আমি এন ডি এত থাকিলেও অভিন্ন দেৱানী বিধি, নতুন বন আইন, কা নামানো।

ৰাজনাথ সিঙক উভতি ধৰিলে ছোনিয়া গান্ধীয়েঃ ক'লে মিজোৰাম আমাৰ হৃদয়ত আছে...
ED ক প্ৰত্যাহ্বান কেজৰিৱালৰঃ জেৰাৰ বাবে ইডিৰ কাৰ্যালয়ত হাজিৰ নহয়, প্ৰচাৰ চলাব মধ্যপ্ৰদেশত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in