ভাৰত-নিউজিলেণ্ডৰ ছেমি ফাইনেলৰ পিটছ বিতৰ্কঃ শুভমণ গিলৰ প্ৰতিক্ৰিয়াত সকলো স্তম্ভিত...

ভাৰত-নিউজিলেণ্ডৰ ছেমি ফাইনেলৰ পিটছ বিতৰ্কঃ শুভমণ গিলৰ প্ৰতিক্ৰিয়াত সকলো স্তম্ভিত...

author-image
Asomiya Pratidin
New Update
ভাৰত-নিউজিলেণ্ডৰ ছেমি ফাইনেলৰ পিটছ বিতৰ্কঃ শুভমণ গিলৰ প্ৰতিক্ৰিয়াত সকলো স্তম্ভিত...

ভাৰত-নিউজিলেণ্ডৰ ছেমি ফাইনেলৰ পিটছ বিতৰ্কঃ শুভমণ গিলৰ প্ৰতিক্ৰিয়াত সকলো স্তম্ভিত...

ডিজিটেল ডেস্কঃ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা এদিনীয়া বিশ্বকাপৰ প্ৰথমখন মেচৰ আৰম্ভণিৰে পৰা সামাজিক মাধ্যম, সংবাদ মাধ্যমত আৰম্ভ হৈছিল এক বিতৰ্ক। অভিযোগ উঠিছিল মেচৰ পূৰ্বে বি চি চি আইৰ প্ৰভাৱত ভাৰতৰ সুবিধা হোৱাকৈ সলনি কৰা হৈছিল মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামৰ পিটছ।

Advertisment

এই অভিযোগক ইতিমধ্যে আই চি চিয়ে নস্যাত কৰাৰ উপৰিও নিউজিলেণ্ডেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিন্তু ভাৰতীয় দলটোৰ ফালৰ পৰা এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া শুনা নাছিল ক্ৰিকেট অনুৰাগীয়ে।

শেহতীয়াকৈ এই বিষয়ত মুখ খুলিছে ভাৰতীয় দলটোৰ যুৱ ক্ৰিকেটাৰ শুভমণ গিলে। গিলৰ এই প্ৰতিক্ৰিয়াত স্তম্ভিত হৈছে সকলো।

উল্লেখ্য যে, এই বিতৰ্ক আৰম্ভ হোৱাৰ পিছতে আই চি চি য়ে স্পষ্টিকৰণ প্ৰকাশ কৰি পিটছ সম্পৰ্কে উত্থাপিত সকলো অভিযোগ নস্যাত কৰিছিল। একেদৰে নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে ৱাংখেড়েৰ পিটছক লৈ অভিযোগ কৰাৰ বিপৰীতে প্ৰশংসা হে কৰিছিল।

ভাৰতীয় দলটোৱে মুম্বাইৰ পৰা চিধা চিধি আহমেদাবাদ ক্ৰিকেট গ্ৰাউণ্ডত উপস্থিত হোৱাৰ পাছতে ভাৰতীয় দলটোৰ যুৱ ক্ৰিকেটাৰ শুভমণ গিলে সাংবাদিকৰ মুখত পিটছ বিতৰ্কৰ কথা শুনি আশ্চৰ্য প্ৰকাশ কৰে। সাংবাদিকে বিতৰ্কৰ সন্দৰ্ভত প্ৰশ্ন কৰাৰ লগে লগে গিলে 'কি বিতৰ্ক' বুলিহে প্ৰশ্ন কৰে।

লগতে এই সকলোবোৰ দিশৰ পৰা ভাৰতীয় দলটো বহু আঁতৰত বুলিও তেওঁ কয়। ভাৰতীয় দলটোৱে বিশ্বকাপৰ দৰে বৃহৎ প্ৰতিযোগিতাৰ খেলৰ বাহিৰে এতিয়া বেলেগ কোনো কথাই চিন্তা নকৰে। বাহিৰত কোনে কি আলোচনা কৰিছে সেই বিষয়ে জানিবলৈ বা আলোচনা কৰিবলৈ তেওঁলোক আগ্ৰহী নহয় বুলিও কয়।  

গিলৰ এনে প্ৰতিক্ৰিয়া আৰু মন্তব্যত সকলো আচৰিত হৈছে। দৰাচলতে পিটছক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত একো কথাই নাজানে ভাৰতীয় দলটোৱে। দলটোৰ ড্ৰেচিং ৰুম, অনুশীলন সময় আৰু হোটেলৰ কোঠালিত এইবোৰ বিষয় প্ৰৱেশ কৰিব পৰা নাই। ভাৰতীয় দলটো কেৱল খেলক লৈ ব্যস্ত। যাৰ বাবে দলটো বিশ্বকাপত অপ্ৰতিৰোধ্য হৈ পৰিছে।

ইফালে পিটছ বিতৰ্ক সন্দৰ্ভত উইলিয়ামছনেও বিপৰীত মন্তব্যহে কৰিছে। তেওঁ ৱাংখেড়েৰ পিটছক লৈ নিউজিলেণ্ডেৰ প্ৰতিজন ক্ৰিকেটাৰ সুখী বুলি মন্তব্য কৰিছে। তেওঁৰ মতে প্ৰথমাৰ্ধত যথেষ্ট ৰাণ হয়।

দিবা-নৈশ মেচত দ্বিতীয়াৰ্ধত কিছু পৰিৱৰ্তন হয়। অন্যান্য পৰিৱেশ, পৰিস্থিতিতো কিছু পৰিৱৰ্তন হয়। গোটেই প্ৰতিযোগিতাত এই বিষয়ে তেওঁলোকে প্ৰত্যক্ষ কৰিছে বুলিও কৈছে। সেয়েহে ছেমি ফাইনেলৰ এই পৰিস্থিতিও তেওঁলোকৰ বাবে অপ্ৰত্যাশিত নাছিল।

Also Read: বলিৰ পঠা বাবৰ আজম ! পাক দলৰ অধিনায়কৰ পৰা পদত্যাগ নে অপসাৰণ?

ক্ৰিকেট এদিনীয়া ক্ৰিকেট বিশ্বাকাপ