বলিৰ পঠা বাবৰ আজম ! পাক দলৰ অধিনায়কৰ পৰা পদত্যাগ নে অপসাৰণ?

বলিৰ পঠা বাবৰ আজম ! পাক দলৰ অধিনায়কৰ পৰা পদত্যাগ নে অপসাৰণ?
বলিৰ পঠা বাবৰ আজম ! পাক দলৰ অধিনায়কৰ পৰা পদত্যাগ নে অপসাৰণ?

ডিজিটেল ডেস্কঃ চলিত বিশ্বকাপত সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰি অতি নিৰ্লজ্জ প্ৰদৰ্শনেৰে ক্ৰিকেট অনুৰাগী, বিশেষজ্ঞৰ ৰোষত পৰা পাকিস্তান ক্ৰিকেট দলটোৰ নেতৃত্ব সলনি কৰা হৈছে। পাক দলটোৰ তিনিওটা ফৰ্মেটৰ অধিনায়কৰ পদৰ পৰা পদত্যাগ কৰিছে বাবৰ আজমে।

ভাৰতৰ পৰা পাকিস্তানত উপস্থিত হোৱাৰ পাছতে বাবৰ আজমে লাহোৰত পাক ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষৰ সৈতে এক বৈঠকত মিলিত হয়। ইয়াৰ পাছতে তেওঁ এক্সৰ জৰিয়তে তিনিওটা ফৰ্মেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছিল।

কিন্তু বহুতৰে মনত প্ৰশ্ন হয়, বাবৰ আজমে পদত্যাগৰ কথা ঘোষণা কৰাৰ আগত কি আলোচনা কৰিছিল? পি চি বিয়ে তেওঁক পদত্যা কৰিবলৈ বাধ্য কৰিছিল নেকি? নে পি চি বিয়ে অপসাৰণ কৰাৰ পূৰ্বেই নিজেই পদত্যাগ কৰি আত্মসন্মান ৰক্ষা কৰিলে বাবাৰে? এনেবোৰ প্ৰশ্ন এতিয়া বহুতৰে মনত।  

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ ফালৰ পৰা উল্লেখ কৰিছে যে, বাবৰ আজমক টেষ্ট দলটোৰ নেতৃত্ব তেওঁৰ হাততে ৰখাৰ পৰামৰ্শ দিছিল। ব’ৰ্ডৰ অধ্যক্ষ জাকা আশ্ৰফে বাবৰক টেষ্ট দলটোৰ অধিনায়ক হৈ থকাৰ কথা কৈছিল। কিন্তু বাবেৰে সেয়া মানি ন’ললে।

তেওঁ তিনিওটা ফৰ্মেটৰ অধিনায়ক পদৰ পৰা পদত্যাগ কৰিছে। এই সিদ্ধান্ত লোৱাৰ আগতে বাবৰে তেওঁৰ পৰিয়ালৰ সৈতেও আলোচনা কৰিছিল। পাক ব’ৰ্ডেও বাবৰৰ এই সিদ্ধান্ত এবাৰতে মানি লৈছে।

জাকা আশ্ৰফে কয়, বাবৰ বিশ্বমানৰ ক্ৰিকেটাৰ। আমি বিচাৰো তেওঁ আৰু অধিক মনোযোগেৰে ক্ৰিকেট খেলক। পাকিস্তানৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন তেওঁ। আমি সদায় বিচাৰিম বাবৰে ভাল খেলক। আমি তেওঁৰ পাছত আছো।

আশ্ৰফৰ মতে পৰৱৰ্তী প্ৰজন্মৰ ক্ৰিকেটাৰৰ বাবে বাবৰ আজম ৰোল মডেল। বাবৰৰ প্ৰতিভাৰ বাবে বহুতেই তেওঁৰ দৰেই হ’ব বিচাৰে। আশ্ৰফে কয়, বেটছমেন হিচাৰে বাবৰে আৰু ভাল খেলক। তেওঁৰ ওপৰত অধিনায়কৰ চাপ দিব বিচৰা নাই। তেওঁ কেৱল খেলৰ ওপৰতেই মন দিয়ক। আমি বাবৰৰ সিদ্ধান্তক স্বাগতম জনাইছো।

উল্লেখ্য, বুধবাৰে বাবৰে তিনিওটা ফৰ্মেটৰ অধিনায়কৰ পদৰ পৰা পদত্যাগ কৰি এক্সত লিখিছিল তিনিওটা ফৰ্মেটৰ ক্ৰিকেটৰ পৰা পাকিস্তানৰ নেতৃত্ব এৰিছো। এই সিদ্ধান্ত লোৱাটো খুব কঠিন আছিল কিন্তু মোৰ মতে এনে সিদ্ধান্ত লোৱাৰ বাবে এয়াই সঠিক সময়। নেতৃত্ব এৰিলেও মই পাকিস্তানৰ হৈ তিনিওটা ফৰ্মেটতেই ক্ৰিকেট খেলি যাম। নতুন অধিনায়কক সকলো দিশৰ পৰা সহায় কৰিম। মোৰ সকলো অভিজ্ঞতা তেওঁৰ সৈতে ভগাই আগুৱাই যাম।

এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বহুতেই ক'ব বিচাৰিছে বাবৰৰ পৰা অধিনায়কৰ পদ কাঢ়ি ল'বলৈ সাজু আছিল পিচিবি। কেইটামান মাহৰ আগলৈকে আই চি চিৰ ৰেংকিঙত শীৰ্ষ স্থানলৈ পাক দলটোক লৈ যোৱা বাবৰক বিশ্বকাপত দলটোৰ শূচনীয় প্ৰদৰ্শনৰ বাবে বলিৰ পঠা সজা হৈছে।

বাবৰে আত্মসন্মান ৰক্ষাৰ বাবেই ব্যৰ্থতা স্বীকাৰ কৰি পিচিবিৰ ঘোষণাৰ পূৰ্বেই দায়িত্বৰ পৰা অব্যাহতি লৈছে। ইফালে বাবৰ আজমে নেতৃত্ব ত্যাগ কৰাৰ পাছতে তেওঁৰ স্থানত টি-২০ দলৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে বেগী বলাৰ শ্বাহিন শ্বাহ আফ্ৰিডিক।

আনহাতে টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে ছান মাছুডক। যিহেতু দলটোৰ সন্মুখত কোনো এদিনীয়া শৃংখলা নথকাৰ বাবে এদিনীয়া দলটোৰ অধিনায়কৰ নাম ঘোষণা কৰা নাই।

বলিৰ পঠা বাবৰ আজম ! পাক দলৰ অধিনায়কৰ পৰা পদত্যাগ নে অপসাৰণ?
বিশ্বকাপৰ দ্বিতীয় ছেমিফাইনেলত আজি অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in