ভাৰতীয় বলাৰৰ বাবে সহায়ক হ'বনে পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়াম ?

ভাৰতীয় বলাৰৰ বাবে সহায়ক হ'বনে পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়াম ?

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে খেলিব খেলিব আই চি চি এদিনীয়া বিশ্বকাপ ২০২৩ৰ ১৭ তম মেচ৷ ইতিমধ্যেই বিগত তিনিওখন মেচ জয়ী হয় ১.৮২১ পইন্টেৰে পইন্টছ তালিকাৰ দ্বিতীয় স্থানত আছে ভাৰত। আনহাতে -০.৬৯৯ পইন্টেৰে পইন্টছ তালিকাৰ ষষ্ঠ স্থানত আছে বাংলাদেশ।

এনে পৰিপ্ৰেক্ষিতত ১৯ অক্টোবৰৰ মেচখন দুয়োটা দলৰ বাবেই হয় পৰিছে যথেষ্ট গুৰুত্বপূৰ্ণ। ভাৰতে ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিবলৈ এই জয়ৰ ধাৰা অব্যাহত ৰখাটো জৰুৰী আৰু বাংলাদেশৰ বাবেও বিশ্বকাপ'২৩ৰ সপোনটো জীয়াই ৰাখিবলে এই মেচ জয়ী কৰাটো অতন্ত প্ৰয়োজনীয়।

পুনেস্থিত মহাৰাষ্ট্ৰ ক্ৰিকেট এচচিয়েচন ষ্টেডিয়ামৰ পৃষ্ঠভাগ সাধাৰণতে ভাল। পূৰ্বৰ ৭খন মেচৰ ভিতৰত ৫খনত প্ৰথম ইনিংছৰ স্ক’ৰ আছিল ৩০০ৰ অধিক। লক্ষণীয়ভাৱে মাত্ৰ ২দুখন মেচতহে দ্বিতীয় ইনিংচত এই ৰাণ ছেজ কৰা হৈছে। ষ্টেডিয়ামখন মুকলি হোৱাৰ বাবে পুনেত বলৰ গতি বৃদ্ধি পায় যদিও বতাহৰ বাবে পেচ বলাৰসকলে আগতীয়াকৈ সহায় পায়।

বিশেষকৈ সন্ধিয়াসময়ত এই ষ্টেডিয়ামখন পেচাৰ সকলৰ বাবে অধিক উপযুক্ত হৈ উঠে। সেয়েহে পুনেত প্ৰথমে বেটিং কৰাটোৱেই উপযুক্ত সিদ্ধান্ত বুলি বিবেচনা কৰা হয়। কাৰণ যদি বেটাৰ সকলে ভাল আৰম্ভণি কৰে তেন্তে এই ষ্টেডিয়ামখনত এটা ভাল লক্ষ্য গঢ়ি তুলিব পৰা যায় যিটো দ্বিতীয় ইনিংচত প্ৰতিদ্বন্দী দলৰ ছেজ কৰাটো সহজ নহ'ব।

বাংলাদেশৰ বেটিং লাইন আপত বাওঁহাতৰ সংখ্যা বিবেচনা কৰি টিম ইণ্ডিয়াই অফ স্পিনাৰ আৰ অশ্বিনক বৃহস্পতিবাৰে দলত স্থান দিয়াটো এক উপযুক্ত সিদ্ধান্ত বুলি বিবেচিত হৈছে। ইয়াৰ লগতে জাদেজা, পাণ্ডিয়া, মহম্মদ শ্বামীৰ কম্বিনেচমে নিশ্চয়কৈ ভাৰতীয় বলিং লাইন আপক সহায় কৰিব।

ভাৰতীয় বলাৰৰ বাবে সহায়ক হ'বনে পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়াম ?
ক্ৰিকেট বিশ্ব মহাৰণত আজি সমুখ সমৰত ভাৰত আৰু বাংলাদেশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in