ভাৰত-নিউজিলেণ্ডৰ ছেমি ফাইনেলৰ পূৰ্বে বিতৰ্কঃ সলনি হ'ল ৱাংখেড়েৰ পিটছ...

ভাৰত-নিউজিলেণ্ডৰ ছেমি ফাইনেলৰ পূৰ্বে বিতৰ্কঃ সলনি হ'ল ৱাংখেড়েৰ পিটছ...
ভাৰত-নিউজিলেণ্ডৰ ছেমি ফাইনেলৰ পূৰ্বে বিতৰ্কঃ সলনি হ'ল ৱাংখেড়েৰ পিটছ...

ডিজিটেল ডেস্কঃ ১৫ অক্টোবৰ, বুধবাৰে বিয়লি ২ বজাৰ পৰা এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল। এই প্ৰথমখন ছেমি ফাইনেলত ঘৰুৱা দল ভাৰতৰ সন্মুখত বিগত বিশ্বকাপৰ ৰাণাৰ্ছ আপ নিউজিলেণ্ড।

পিছে এই হাই ভল্টেজ মেচখন আৰম্ভ হোৱাৰ পূৰ্বেই সৃষ্টি হৈছে বিতৰ্ক। এই বিতৰ্কৰ কাৰণ ৱাংখেড়ে ষ্টেডিয়ামৰ পিটছ। অভিযোগ অনুসৰি আই চি চিয়ে বাচনি কৰা পিটছ সলনি কৰিছে ভাৰতে।

ফলস্বৰূপে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ বাবে পূৰ্বে নিৰ্ধাৰিত পিটছত আজিৰ মেচ অনুষ্ঠিত নহ'ব। এই সন্দৰ্ভত আই চি চিৰ পিটছ প্ৰস্তুতকৰ্তা এণ্ডি এটকিনছনে জনাইছে আই চি চিক।

ডেইলী মেইলত প্ৰকাশিত এক খবৰ অনুসৰি ভাৰতত অনুষ্ঠিত হোৱা বিশ্বকাপৰ মেচসমূহৰ পিটছৰ বাবে আই চি চিৰ পিটছ প্ৰস্তুতকৰ্তা এণ্ডি এটকিনছন দায়বদ্ধ। তেওঁৰ নেতৃত্বত বি চি চি আইৰ কেইবাজনো পিটছ নিৰ্মাতাই বিশ্বকাপৰ সকলো মেচৰ বাবে পিটছ প্ৰস্তুত কৰিছে।

মুম্বাইৰ ৱাংখেড়েত অনুষ্ঠিত হ'বলগীয়া ছেমি ফাইনেলখনৰ বাবে এণ্ডিয়ে এখন অব্যৱহৃত পিটছ বাচনি কৰিছিল। কিন্তু এতিয়া সেই পিটছ সলনি কৰা হ'ব।

প্ৰকাশিত খবৰ অনুসৰি ৱাংখেড়ে ষ্টেডিয়ামৰ ৬ নং পিটছখন প্ৰথমে আজিৰ মেচৰ বাবে বাচনি কৰা হৈছিল। কিন্তু এতিয়া সেই পিটছৰ পৰিৱৰ্তে ৭ নং পিটছতহে মেচখন অনুষ্ঠিত হ'ব।

এই পিটছখনত ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা, ভাৰত আৰু শ্ৰীলংকাৰ মেচ অনুষ্ঠিত হৈছিল। পূৰ্বে বাচনি কৰা ৬ নং পিটছখনত আছিল ঘাঁহ। কিন্তু ৭ নং পিটছখন যথেষ্ট লেহেমীয়া।

অভিযোগ অনুসৰি ভাৰতীয় বলাৰসকলৰ সুবিধা হোৱাৰ বাবেই পিটছ সলনি কৰা হৈছে। এণ্ডিয়ে পিটছ পৰিৱৰ্তনৰ কথা আই চি চিক অৱগত কৰিছে যদিও কি কাৰণত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই বিষয়ে উল্লেখ কৰা নাই।

ফলশ্ৰুতিত প্ৰশ্ন উত্থাপন হৈছে ভাৰতীয় দলটোক লৈও। আই চি চিৰ প্ৰতিযোগিতাত পিটছ তৈয়াৰৰ দায়িত্বত থাকে ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটো নিজেই। আয়োজক দেশৰ সেই ক্ষেত্ৰত কবলৈ একো নাথাকে।

সেয়েহে অভিযোগ উঠিছে আই চি চিয়ে ভাৰতৰ ইচ্ছানুসৰি পিটছ তৈয়াৰ কৰিছেনি? পূৰ্বৰে পৰা ভাৰতীয় বলাৰৰ দুৰ্দান্ত প্ৰদৰ্শনত স্তম্ভিত হোৱা একাংশই এই বিতৰ্কৰ অধিক চৰ্চাৰ মাজলৈ আনিছে। বিপৰীতে ভাৰত অথবা নিউজিলেণ্ডৰ ফালৰ পৰা কোনো কথা প্ৰকাশ কৰা নাই।

ভাৰত-নিউজিলেণ্ডৰ ছেমি ফাইনেলৰ পূৰ্বে বিতৰ্কঃ সলনি হ'ল ৱাংখেড়েৰ পিটছ...
অৱসৰ ঘোষণা ! পৰৱৰ্তী বিশ্বকাপ নেখেলে মিচেল ষ্টাৰ্কে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in