অৱসৰ ঘোষণা ! পৰৱৰ্তী বিশ্বকাপ নেখেলে মিচেল ষ্টাৰ্কে...

অৱসৰ ঘোষণা ! পৰৱৰ্তী বিশ্বকাপ নেখেলে মিচেল ষ্টাৰ্কে...
অৱসৰ ঘোষণা ! পৰৱৰ্তী বিশ্বকাপ নেখেলে মিচেল ষ্টাৰ্কে...
Published on
Updated on

ডিজিটেল ডেস্কঃ ভাৰতত অনুষ্ঠিত হৈ থকা এদিনীয়া বিশ্বকাপ প্ৰতিযোগিতাৰ প্ৰায় শেষ পৰ্যায়ত আহি উপনীত হৈছে। আজি প্ৰতিযোগিতাখনৰ প্ৰথমখন ছেমি ফাইনেল। প্ৰথমখন ছেমি ফাইনেলত আজি মুখামুখি হ'ব ঘৰুৱা দল ভাৰত আৰু নিউজিলেণ্ড। এই মেচখনৰ পূৰ্বে ক্ৰিকেট অনুৰাগীৰ বাবে আহিছে এক বেয়া খবৰ। কিয়নো চলিত বিশ্বকাপতেই এজন তাৰকা ক্ৰিকেটাৰে ঘোষণা কৰিলে এয়াই তেওঁৰ কেৰিয়াৰৰ অন্তিম বিশ্বকাপ।

৫ বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ তাৰকা ক্ৰিকেটাৰ চিমেল ষ্টাৰ্কে পৰৱৰ্তী বিশ্বকাপ নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৩৩ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে এতিয়াই অৱশ্যে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিব বিচৰা নাই। পেচ বলাৰগৰাকীয়ে এতিয়াও ৫০ অভাৰৰ খেল খেলি যোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছে।

২০১৫ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা আছিল মিচেল ষ্ট্ৰাকৰ।২০২১ ৰ অষ্ট্ৰলিয়াৰ টি-২০ বিশ্বকাপ বিজয়ী দলতো আছিল তেওঁ। টি-২০ বিশ্বকাপতো তেওঁৰ ভূমিকা আছিল অনন্য। কিন্তু সেই অনুসৰি ২০২৩ ৰ বিশ্বকাপত দলটোৰ ভূমিকা পূৰ্বৰ বিশ্বকাপৰ দৰে হৈ থকা নাই। চূড়ান্ত বিফল হৈছে ষ্টাৰ্ক। এই পৰ্যন্ত তেওঁ ৯ খনকৈ মেচ খেলি মাত্ৰ ১০ টা উইকেট দখল কৰিছে। ষ্টাৰ্কে কয়, ৪ বছৰৰ পাছৰ বিশ্বকাপ মই নেখেলো। এই কথাত মই নিশ্চিত। কিন্তু এতিয়াই এদিনীয়া ক্ৰিকেট নেৰো।

উল্লেখ্য যে, পৰৱৰ্তী ছিজনত অষ্ট্ৰেলিয়াৰ সন্মুখত বৰ বেছি এদিনীয়া ছিৰিজ নাই। ফেব্ৰুৱাৰীত ৱেষ্ট ইণ্ডিজ ছিৰিজ আছে। তাৰ পাছত ইংলেণ্ডৰ বিৰুদ্ধে ছেপ্টেম্বৰত খেলিব এদিনীয়া মেচ।

এদিনীয়া ক্ৰিকেটৰ পৰিৱৰ্তে ষ্ট্ৰাৰ্কে টেষ্ট মেচক অধিক গুৰুত্ব দিব বিচাৰিছে। তেওঁ কয়, মোৰ বাবে আটাইতকৈ বেছি গুকুত্বপূৰ্ণ টেষ্ট ক্ৰিকেট। টেষ্টৰ পৰা অৱসৰ লোৱাৰ আগতে সকলো ত্যাগ কৰিম। অষ্ট্ৰেলিয়াৰ হৈ আৰু এখন ছেমি ফাইনেল খেলিম। কিন্তু এইখনেই মোৰ এদিনীয়া ক্ৰিকেটৰ শেষ মেচ নহয়।

চলিত বিশ্বকাপত তেওঁৰ প্ৰদৰ্শন যে অতি দুৰ্বল সেই কথা নিজেই উপলব্ধি কৰিছে ষ্টাৰ্কে। তেওঁ কয়, যি পৰ্যায়ৰ ক্ৰিকেট খেলা উচিত মই সেই পৰ্যায়ৰ ক্ৰিকেট খেলিব পৰা নাই। শেষ দুখন বিশ্বকাপত যিদৰে খেলিছিলো সেই ধাৰ এতিয়া নাই। মই ভাবো নতুন বলৰ সৈতে মাত্ৰ দুজন ফিল্ডাৰ ৩০ গজৰ বাহিৰত ৰাখি বল কৰা যথেষ্ট কঠিন। পিটছ বুজিবলৈ সমস্যা হৈছে।

উল্লেখ্য, ২০১০ ত ভাৰতৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত আত্মপ্ৰকাশ কৰা ষ্টাৰ্কে এই পৰ্যন্ত ১২০ খন এদিনীয়া খেলি ২৩০ টা উইকেট দখল কৰিছে। ২০১১ ত নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্টত আত্মপ্ৰকাশ কৰি এই পৰ্যন্ত ৮২ খন টেষ্ট খেলি ৩৩৩ টা উইকেট দখল কৰিছে। পৰৱৰ্তী ২০১২ বৰ্ষত পাকিস্তানৰ বিৰুদ্ধে টি-২০ ক্ৰিকেটত আত্মপ্ৰকাশ কৰা ষ্টাৰ্কে এই পৰ্যন্ত ৫৮ খন মেচ খেলি ৭৩ ৰাণ দখল কৰিছে। ২০১৫ৰ এদিনীয়া বিশ্বকাপত তেওঁ ২২ টা উইকেট দখলেৰে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান দখল কৰিছিল।

অৱসৰ ঘোষণা ! পৰৱৰ্তী বিশ্বকাপ নেখেলে মিচেল ষ্টাৰ্কে...
গোৱালপাৰাৰ বগুৱানত নিশা পথ দুৰ্ঘটনা : থিতাতে দুজন নিহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in