বাবৰ বাহিনীয়ে কৰিছে অংকঃ ভাৰতৰে খেলিব ছেমি ফাইনেল...

বাবৰ বাহিনীয়ে কৰিছে অংকঃ ভাৰতৰে খেলিব ছেমি ফাইনেল...
বাবৰ বাহিনীয়ে কৰিছে অংকঃ ভাৰতৰে খেলিব ছেমি ফাইনেল...

ডিজিটেল ডেস্কঃ বিশ্বকাপ ক্ৰিকেটৰ ছেমি ফাইনেললৈ পাকিস্তানে যোগ্যতা অৰ্জন কৰিব পাৰিবনে? নিউজিলেণ্ডে শ্ৰীলংকাক পৰাস্ত কৰাৰ পাছতে এতিয়া এই প্ৰশ্নক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা।

খেল পথাৰত বেটে-বলে প্ৰদৰ্শন কৰি ছেমি ফাইনেলত পাকিস্তানে প্ৰৱেশ কৰাটো এতিয়া প্ৰায় অসম্ভৱ হৈ পৰিছে যদিও অংকৰ জৰিয়তে এয়া কিন্তু অসম্ভৱ হৈ থকা নাই। অংকৰ মাধ্যমেৰে এতিয়াও পাকিস্তানে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ আশা পুহি ৰাখিছে !

১১ নৱেম্বৰত পাকিস্তানে ৰাউণ্ড ৰবীন পদ্ধতিৰ অন্তিমখন মেচ খেলিব ইংলেণ্ডৰ বিৰুদ্ধে। বৃহস্পতিবাৰে নিউজিলেণ্ডে শ্ৰীলংকাক পৰাস্ত কৰি আই চি চি পইণ্ট তালিকাৰ ১০ পইণ্টেৰে চতুৰ্থ স্থান অধিকাৰ কৰিছে।

দলটোৱে খেলিছে মুঠ ৯ খন মেচ। পাকিস্তানে এতিয়ালৈকে ৮ খন মেচ খেলি ৮ পইণ্টেৰে তালিকাৰ পঞ্চম স্থানত আছে। ১১ নৱেম্বৰৰ মেচত যদি পাকিস্তানে বিজয় সাব্যস্ত কৰে তেন্তে দলটোৰো পইণ্ট তালিকাৰ মুঠ পইণ্ট হ'ব ১০।

সেই ফালৰ পৰা চাবলৈ গ'লে পাকিস্তানৰ নিউজিলেণ্ডৰ সৈতে সমান পইণ্ট হ'বগৈ। কিন্তু সেয়াই যথেষ্ট নহ'ব। দলটোৰ নেট ৰাণ ৰেটো বৃদ্ধি পাব লাগিব। নিউজিলেণ্ডে ১০ পইণ্ট লাভ কৰাৰ উপৰিও দলটোৰ +০.৭৪৩নেট ৰাণ ৰেট।

পাকিস্তানে এতিয়ালৈকে ৮ পইণ্ট অৰ্জন কৰিছে যদিও নেট ৰাণ ৰেট -০.০৩৬। সেয়েহে পাকিস্তানে ইংলেণ্ডক কেৱল পৰাস্ত কৰিলেই নহ'ব। ইংলেণ্ডক চৰ্ত অনুসৰিহে পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিব পাৰিব।

যদিহে চেমখনত টছত জয় লাভ কৰি ইংলেণ্ডে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় তেন্তে পাকিস্তানে ইংলেণ্ডক ১০০ ৰাণৰ ভিতৰত আউট কৰিব লাগিব। আৰু ২.৫ অভাৰত এই লক্ষ্যত উপনীত হ'ব লাগিব। অৰ্থাত ১৭ টা বলৰ প্ৰতিটো বলতে ছিক্স কোবাব লাগিব।

যদিহে প্ৰথমে বেটিং কৰাৰ সুবিধা পায় তেন্তে ইংলেণ্ডক ২৮৭ বা ২৮৮ ৰাণৰ ব্যৱধানত পৰাস্ত কৰিব লাগিব। ৪০০ ৰো অধিক ৰাণ কৰি দলটোৱে ইংলেণ্ডক ১১২ ৰাণৰ ভিতৰত আউট কৰিব পাৰিব লাগিব।

যদি ৪০০ ৰাণ কৰিব নোৱাৰে তেন্তে অন্ততঃ ৩০০ ৰাণ কৰিব লাগিব দলটোৱে। আৰু ইংলেণ্ডৰ আটাইকেইটা উইকেট ১৩ ৰাণতে আউট কৰিব পাৰিব লাগিব। তেনে কৰিলে দলটোৰ নেট ৰাণ ৰেট নিউজিলেণ্ডতকৈ বৃদ্ধি হ'ব আৰু ছেমি ফাইনেল খেলাৰ সুযোগ পাব।

অৱশ্যে দলটোক ছেমি ফাইনেলত প্ৰৱেশৰ আটাইতকৈ সহজ উপায় দিছে পাকিস্তানৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ ৱাছিম আক্ৰামে। তেওঁ এটা ক্ৰিকেট শ্ব'ত বাবৰ বাহিনীক পৰামৰ্শ দিছে ইংলেণ্ডক খেল পথাৰলৈ আহিব নোৱাৰাকৈ ২০ মিনিট সময় পেভিলয়নত দুৱাৰত তলা লগাই বন্ধ কৰি থওক। তেতিয়া দলটো সহজে ছেমি ফাইনেলত প্ৰৱেশ কৰিব পাৰিব। অৱশ্যে এয়া তেওঁৰ দলটোৰ প্ৰতি তীব্ৰ কটাক্ষহে আছিল।

বাবৰ বাহিনীয়ে কৰিছে অংকঃ ভাৰতৰে খেলিব ছেমি ফাইনেল...
গ্লেন মেক্সৱেলঃ যাৰ সন্মুখত অৰ্থহীন ক্ৰিকেটৰ প্ৰাথমিক চৰ্তও...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in