গ্লেন মেক্সৱেলঃ যাৰ সন্মুখত অৰ্থহীন ক্ৰিকেটৰ প্ৰাথমিক চৰ্তও...

গ্লেন মেক্সৱেলঃ যাৰ সন্মুখত অৰ্থহীন ক্ৰিকেটৰ প্ৰাথমিক চৰ্তও...
গ্লেন মেক্সৱেলঃ যাৰ সন্মুখত অৰ্থহীন ক্ৰিকেটৰ প্ৰাথমিক চৰ্তও...

বিশ্বকাপ ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেলে যি মহাকাব্যিক ইনিংছ খেলিলে সেই ইনিংছক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা।সকলোৰে মুখত এটাই কথা- বিশ্ব ক্ৰিকেটৰ এদিনীয়া ফৰ্মেট অথবা এদিনীয়া বিশ্বকাপত এয়াই আছিল সৰ্বশ্ৰেষ্ঠ ইনিংছ।

এই ইনিংছক বহুতে আখ্যা দিছে 'ৱান মে শ্ব'। আফগানিস্তানে নিৰ্ধাৰণ কৰি দিয়া ২৯২ ৰাণৰ লক্ষ্য লৈ ২০১ ৰাণ অকলে সংগ্ৰহ কৰিলে মেক্সৱেলে। সেই ২০১ ৰাণৰ মহাকাব্যিক ইনিংছৰ বাবে মেচৰ পৰিৱেশো নাছিল তেওঁৰ অনুকুলে।

মাত্ৰ ৯১ ৰাণতে ৭ টাকৈ উইকেট হেৰুৱাই পৰাজয়ৰ দুৱাৰদলিত থকা দলটোক মেক্সৱেলৰ এই দ্বিতশতকীয় ইনিংছে উদ্ধাৰ কৰায়েই নহয়, ৫ বাৰৰ বিশ্ব চেম্পিয়ন দলটোৱে যে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে, তেওঁলোকৰ সন্মুখত সকলো পূৰ্বানুমানেই যে ভুল সেই কথাক প্ৰমাণিত কৰি তুলিলে।

মেক্সৱেলৰ এদিনীয়া ক্ৰিকেটৰ কেৰিয়াৰৰ এয়া আছিল চতুৰ্থটো শতকীয় আৰু প্ৰথমটো দ্বিশতকীয় ইনিংছ। আঘাতৰ মাজেৰে লক্ষ্যত উপনীত হ'বলৈ নিৰ্দয়ভাৱে এফালৰ পৰা আফগান বলাৰসকলক প্ৰহাৰ কৰি কৰি এসময়ত খেল পথাৰতে বাগৰি পৰিছিল মেক্সৱেল।

সেই সময়ত আম্পায়াৰে, দলটোৰ অধিনায়কে তেওঁক খেল পথাৰ এৰি ওলাই যোৱাৰ কথা কৈছিল। পেভিলিয়নৰ পৰা দুবাৰকৈ নামি আহিছিল আন এজন ক্ৰিকেটাৰ এডাম জাম্পা। দুবাৰকৈ পেভিলয়নৰ পৰা নামি আহিও তেওঁ খেল পথাৰৰ বাহিৰতে ৰৈ গৈছিল। তেওঁ খেল পথাৰ এৰি যোৱা মানেই দলটোৰ পৰাজয় যে নিশ্চিত সেই কথা বুজি উঠিছিল মেক্সৱেলে।

সেয়ে আঘাতৰ সমস্যাৰেই তেওঁ থিয় হৈয়ে খেলি গ’ল এটাৰ পাছত এটাকৈ পাৰ্ফেক্ট শ্বট। ভুল প্ৰমাণিত কৰিলে ক্ৰিকেটৰ সকলো বেটিং ফৰ্মুলা। কিংবন্তি পাকিস্তানী ক্ৰিকেটাৰ ৱাছিম আক্ৰামে এই দুৰ্দান্ত ইনিংছ উপভোগ কৰি ক'লে, যিসকলে বেটিং কৰিছে তেওঁলোকে ক'ব পাৰিব ভৰি লৰচৰ নকৰাকৈ পেশীৰ চাপৰ সৈতে বেটিং কৰা কিমান কঠিন।

শচীন তেণ্ডুলকাৰে মেক্সৱেলৰ এই ইনিংছ উভোগ কৰি এক্সত লিখিলে- সৰ্বাধিক চাপৰ পৰা সৰ্বাধিক প্ৰদৰ্শনলৈ। তেওঁ মেক্সৱেলৰ এই ইনিংছক এতিয়ালৈকে দেখা শ্ৰেষ্ঠ ইনিংছ আখ্যা দিছে।

মেক্সৱেলৰ এই ২০১ ৰাণৰ অপৰাজিত ইনিংছৰ শেষ মুহূৰ্তত প্ৰতিটো বলত, বেটৰ প্ৰতিটো কোবত এটাৰ পাছত এটাকৈ পুৰণি ৰেকৰ্ড ভংগ কৰি নতুন নতুন ৰেকৰ্ড গঢ় লৈ উঠিল। চলিত বিশ্বকাপত মেক্সৱেলৰ এই ইনিংছটোৱেই প্ৰথমটো দ্বিশতকীয় ইনিংছ।

ইয়াৰোপৰি এয়া আছিল অষ্ট্ৰেলিয়ান দলটোৰ হৈ সৰ্বোচ্চ এদিনীয়া স্ক’ৰ।আফগানিস্তানৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই খেলা মেচখনৰ আগলৈকে দ্বিতীয় ইনিংছত কোনো বেটছমেনে দ্বিশতক কৰাৰ ৰেকৰ্ড নাই।

পাকিস্তানৰ ফখৰ জামানে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয় ইনিংছত সৰ্বাধিক ১৯৩ ৰাণ সংগ্ৰহ কৰি সৰ্বোচ্চ ৰাণ সংগ্ৰহকাৰী বেটছমেনৰ ৰেকৰ্ড গঢ়ি থৈছিল। সেই ৰেকৰ্ড ভংগ কৰি মেক্সৱেল দ্বিতীয় ইনিংছত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী বেটছমেন হিচাপে পৰিগণিত হয়।

অষ্ট্ৰেলিয়াৰ ক্ৰিকেট ইতিহাসত মঙ্গলবাৰৰ আগলৈকে এদনিয়াত দ্বিশতক অৰ্জন কৰা কোনো ক্ৰিকেটাৰ নাছিল। দলটোৰ সেই ইতিহাস সলনি কৰিলে মেক্সৱেলে।তেওঁ হৈ পৰিলে এদিনীয়াত দ্বিশতক অৰ্জন কৰা প্ৰথম অষ্ট্ৰেলিয়ান।

অৱশ্যে ১৯৯৭ চনত অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলৰ বেলিল্ডা ক্লাৰ্কে ২২৯ ৰাণৰ আন এক মহাকাব্যিক ইনিংছ খেলিবলৈ সক্ষম হৈছিল। এইগৰাকী মহান অষ্ট্ৰেলিয়ান খেলুৱৈৰ এটা প্ৰতিমূৰ্তি ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত স্থাপন কৰা হৈছে। এইগৰাকী বেলিল্ডা ক্লাৰ্কেও তেওঁৰ সেই ইনিংছ খেলিছিল ভাৰতৰ মাটিত, মুম্বাইত।

অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিনছেও এই ইনিংছক 'ৱান মেন শ্ব' আখ্যা দিছে। আফাগানিস্তানৰ ২৯২ ৰ লক্ষ্য সন্মুখত লৈ ২০১ ৰাণ কৰা মেক্সৱেলৰ এই ৰাণ আছিল মুঠ ৰাণৰ ৬৮.৬০ শতাংশ।

ইয়াৰ পূৰ্বে দ্যা গ্ৰেইট কেৰিবিয়ান ছাৰ ভিভিয়ান ৰিছাৰ্ডছে ১৯৮৪ ত ইংলেণ্ডৰ বিৰুদ্ধে খেলিছিল ১৮৯ ৰাণৰ এক ইনিংছ। সেই মেচখনত তেওঁৰ দলীয় স্ক’ৰ আছিল ২৭২। সেই অনুসৰি দলীয়া স্ক’ৰত তেওঁৰ ব্যক্তিগত অৰিহণা আছিল ৬৯.৪৮ শতাংশ।

অৱশ্যে তেওঁ প্ৰথমে বেটিং কৰিবলৈ আহি এই ইনিংছ খেলিছিল। যিহেতু মেক্সৱেলে দ্বিতীয় ইনিংছত আহি এই ৰাণ কৰিবলৈ সক্ষম হৈছে গতিকে এয়াও এক ৰেকৰ্ড। গ্লেন মেক্সৱেলে এদিনীয়া ক্ৰিকেটত মুঠ ৪ টা শতক অৰ্জন কৰিছে। ইয়াৰে ৩ টাই আহিছে বিশ্বকাপৰ পৰা।

বেটিং ক্ৰমৰ ৫ নং স্থানৰ পাছত বেটিং কৰিবলৈ আহি এইদৰে তেওঁ ৪ টা শতক অৰ্জন কৰিছে। এয়াও এক ৰেকৰ্ড। মেক্সৱেলেই এনে এজন ক্ৰিকেটাৰ যি ৫ নং স্থানৰ পাছত বেটিং কৰিবলৈ আহি সকলোতকৈ অধিক শতক অৰ্জন কৰিছে।

মেক্সৱেলৰ এই অভিলেখৰ কৃতিত্বৰ দাবীদাৰ অৱশ্যে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিনছো। তেওঁ মেক্সৱেলক আগবঢ়ালে যোগ্য সহযোগিতা। ৯১ ৰাণত ৭ টা উইকেট যোৱাৰ সময়ত বেট ধৰিবলৈ আহি তেওঁ ধাৰাবাহিক উইকেট পতনৰ ঢৌক ভেটা দিয়ে।

৬৮ টা বল খেলি তেওঁ মাত্ৰ ১২ ৰাণ কৰিছে যদিও তেওঁৰ এই ইনিংছৰ বাবেই অষ্ট্ৰেলিয়াই যে বিজয়ৰ মুখ দেখিলে সেয়া সকলোৱে মানি লৈছে। তেওঁৰ এই ইনিংছৰ অবিহনে মেক্সৱেলে অভিলেখ সৃষ্টিকাৰী এটা ইনিংছ লাভ কৰিলে হয় যদিও মেচখনত বিজয়ৰ সোৱাদ ল'ব নোৱাৰিলে হয়।

সেয়ে সকলোৱে বুজি পাইছে এই ইনিংছৰ মহত্ব। মেক্সৱেলেৰ বিধ্বংসী ৰূপটোৰ বিপৰীতে ক্ৰিজত সেই সময়ত প্ৰয়োজন হৈছিল উইকেটত টিকি থকা এজন বেটছমেন। সেই দায়িত্ব অধিনায়ক কামিনছে ঠিকেই পালন কৰিলে।

অৱশ্যে ইয়াৰ বাবে তেওঁ ভালে কেইটা অনাকাংক্ষিত ৰেকৰ্ডৰ অধিকাৰী হৈছে। ১০ ৰাণৰ ইনিংছত সৰ্বনিম্ন ষ্ট্ৰাইক ৰেটৰ ৰেকৰ্ড তালিকাত তেওঁ শীৰ্ষস্থান অধিকাৰ কৰিছে। মেক্সৱেল আৰু কামিনছৰ যুটিয়ে ১৭ বছৰ পুৰণি ১৩৮ ৰাণৰ যুটিৰ ৰেকৰ্ডো ভংগ কৰিছে।

অষ্টম উইকেটৰ যুঁটিত ২০২ ৰাণৰ যুঁটি গঢ়িছে মেক্সৱেল আৰু কামিনছে। ইয়াৰ পূৰ্বে ২০০৬ ত দক্ষিণ আফ্ৰিকাৰ এণ্ড্ৰু হল আৰু জাষ্টিন কেম্পে ভাৰতৰ বিৰুদ্ধে ১৩৮ ৰাণৰ যুটি গঢ়িছিল। আফগানিস্তানক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই ছেমি ফাইনেলত স্থান সুনিশ্চিত কৰিছে।

ইয়াৰ লগে লগে বিশ্বকাপৰ ইতিহাসত সকলোতকৈ অধিক ৰাণ কৰি তেওঁলোকে ৰেকৰ্ড গঢ়িছে। ১৯৯৬ ত অষ্ট্ৰেলিয়াই নিউজিলেণ্ডৰ বিৰুদ্ধে ২৮৯ ৰাণৰ লক্ষ্য অতিক্ৰম কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল। এইবাৰ ২৯২ ৰাণৰ লক্ষ্য অতিক্ৰম কৰি ছেমিত প্ৰৱেশ কৰিছে।

মঙ্গলবাৰৰ মেচখনত এটা সময়ত আফগানিস্তানৰ বিজয়ৰ সম্ভাৱনা ৯৯.৫৪ শতাংশলৈ বৃদ্ধি হৈছিলগৈ। ই এছ পি এন ক্ৰিক ইনফোৰ সাম্ভাব্য ফলাফলত এই তথ্য স্পষ্টকৈ মেচখন চলি থকাৰ সময়ত প্ৰকাশ পাইছিল। মাত্ৰ ০.৪৬ শতাংশ বিজয়ৰ সম্ভাৱনা থকা মেচখনত অৱশেষত কেইবাটাও বল বাকী থকা অৱস্থাত মেক্সৱেলে অষ্ট্ৰেলিয়াক বিজয়ৰ সোৱাদ দিলে।

মেক্সৱেলৰ এই সংগ্ৰাম দেখি এটা সময়ত সকলো মৌন হৈ পৰিছিল। আফগানিস্তানৰ খেলুৱৈসকলো মেক্সৱেলৰ এই অদম্য যুঁজাৰু মানসিকতাৰ ওচৰত হাৰ মানিছিল। চলিত বিশ্বকাপত ভাৰতৰ পাছতে শক্তিশালী বলিং আক্ৰমণৰ বাবে চৰ্চাত থকা দলটোৰ এজন বলাৰেও তেওঁক আঘাতৰ মাজতো পিছুৱাই যাবলৈ বাধ্য কৰিব নোৱাৰিলে।

তেওঁৰ যুঁজাৰু মানসিকতাৰ ওচৰত হাৰ মানি বাৰে বাৰে চাইছিল মেক্সৱেলৰ দেহলৈ। হয়তো ভাবি লৈছিল তেজ মঙহৰে গঢ়া মানুহৰ শাৰীত নপৰে মেক্সৱেল। ১৪৭ ৰাণ কৰি থকাৰ সময়ত এক ৰাণৰ বাবে দৌৰি মাটিত বাগৰি পৰিছিল। চকুৰে বাগৰি আহিছিল চকুপানী।

মেক্সৱেলে তেওঁৰ এই ২০১ ৰাণৰ ইনিংছটো কেৱল মাত্ৰ কেৱল হাত, বাহুৰ শক্তিৰ বলতেই খেলিলে। গ'ল্ফ খেলি ভাল পোৱা মেক্সৱেলৰ দুবাহুৰ শক্তি কিমান সেয়া তেওঁ দেখুৱাই দিলে।

তেওঁ দেখুৱাই দিলে কিয় অষ্ট্ৰেলিয়া ৫ বাৰৰ বিশ্ব চেম্পিয়ন। বিশ্বক বুজাই দিলে অষ্ট্ৰেলিয়া ক্ৰিকেটৰ মহাশক্তি আছিল আৰু আছে। গোটেই দল ব্যৰ্থ হ'লেও এজন ক্ৰিকেটাৰেই যে দলটোক বিজয়ৰ সোৱাদ দিব পাৰে সেয়া সকলোকে দেখুৱাই দিলে।

আফগানিস্তানক বহুতে দুৰ্বল বুলি ক'ব বিচাৰে যদিও চলিত বিশ্বকাপত আফগানিস্তানৰ প্ৰদৰ্শন অতি উন্নত। দলটো এইবাৰ বহু শক্তিশালী। গতিকে দুৰ্বল দলৰ বিৰুদ্ধে মেক্সৱেলে এনেধৰণৰ ইনিংছ খেলিছে বুলি ক'বলৈ বিচৰাসকল সেই কথা পাহৰি যোৱাই ভাল।

মেক্সৱেল অবিহনে হয়তো ৫ বাৰৰ বিশ্ব চেম্পিয়ন দলটো এই আফগান দলটোৰ হাততে পৰাজয়বৰণ কৰি গ্লানিৰ সন্মুখীন হ'ল হয়।

গ্লেন মেক্সৱেলঃ যাৰ সন্মুখত অৰ্থহীন ক্ৰিকেটৰ প্ৰাথমিক চৰ্তও...
বিহাৰত জাতি ভিত্তিক সংৰক্ষণ ৫০ ৰ পৰা ৭৫ শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in