
ডিজিটেল ডেস্কঃ আজি বিশ্বকাপৰ প্ৰথমখন মেচত মুখামুখী হ'ব ইংলেণ্ড আৰু নিউজিলেণ্ড। কিন্তি মেচৰ পূৰ্বেই বিপদত পৰিছে দুয়োটা দল। দুয়োটা দলৰ কেইবাজনো তাৰকাক লৈ সৃষ্টি হৈছে অনিশ্চয়তা।
নিউজিলেণ্ড দলটোৰ অধিনায়ক কেন উইলিয়ামছনক লৈ দলটোৰ মেনেজমেণ্ট পূৰ্বৰে পৰা চিন্তিত হৈ থকাৰ সময়তে এইবাৰ দলটোৰ আন এগৰাকী ক্ৰিকেটাৰ টিম চাউদিক লৈও চিন্তা বৃদ্ধি পাইছে। কেৱল নিউজিলেণ্ডেই নহয়, ইংলেণ্ড দলটোৰো তাৰকা বেন ষ্ট্ৰোকছক লৈও চিন্তিত দলীয় মেনেজমেণ্ট।
যোৱা আই পি এলত আঁঠুত আঘাত পাইছিল উইলিয়ামছনে। তেতিয়াই বিশ্বকাপকত তেওঁৰ অংশগ্ৰহণক লৈ প্ৰশ্নৰ সৃষ্টি হৈছিল। কিন্তু বুধবাৰে কেপ্টেইনছ ডে'ত উপস্থিত আছিল তেওঁ। অৱশ্যে তেওঁ বিশ্বকাপত নিজেই খেলিব নে নাই তাক লৈ কোনো নিশ্চয়তা প্ৰদান নকৰিলে। কিন্তু টিম চাউদি যে মূল একাদশত নাথাকে সেই কথা স্পষ্ট কৰি দিছে ভাৰপ্ৰাপ্ত অধিনায়ক টম লাথামে।
উইলিয়ামছন সন্দৰ্ভত লাথামে কয়, ইয়াত কোনো সন্দেহ নাই যে, কেন উইলিয়ামছন দলত থাকিলে আমি অধিক শক্তিশালী হ'ম। প্ৰতিটো দলে তেওঁক বিচাৰে। তেওঁ যোৱা চাৰি-পাঁচ মাহত বিশ্বকাপত খেলিবলৈ যথেষ্ট পৰিশ্ৰম কৰিছে। অস্ত্ৰোপচাৰৰ ছয় মাহ পাৰ হৈ গ'ল। তেওঁ নিজকে অন্য এক স্তৰলৈ লৈ গৈছিল। কোনো সন্দেহ নাই যে তেওঁক বিশ্বকাপত দেখা পোৱা যাব তাত কোনো সন্দেহ নাই।"
আনহাতে টিম চাউদি সন্দৰ্ভত তেওঁ কয়, চাউদিয়ে দুসপ্তাহ আগতে বুঢ়া আঙুলিত আঘাত পাইছিল। তেওঁ তীব্ৰতাৰে সুস্থ হৈ আছে। কিন্তু তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে মেচখনত খেলাৰ সম্ভাৱনা নাই। তেওঁৰ অস্ত্ৰোপচাৰৰ দুসপ্তাহ হ'ল। মই আশা কৰোঁ তেওঁক বিশ্বকাপত দেখা যাব।
একেদৰে বিগত বিশ্বকাপৰ নায়ক আছিল বেন ষ্ট্ৰোকছ। তেৱোঁ প্ৰথমখন মেচত খেলিব নোৱাৰিব। দীৰ্ঘদিন ধৰি আঁঠুৰ আঘাতৰ সমস্যাত ভূগি আছে। সেই সমস্যাৰে তেওঁ এছেজত খেলিছিল। বিশ্বকাপ দলত তেওঁ বলিং নকৰাৰ চৰ্তত খেলিবলৈ আহিছে। কিন্তু তেওঁৰ বেটিং কৰাৰ বাবেও প্ৰয়োজনীয় ফিটনেছ নাই। সেয়েহে বাংলাদেশৰ বিৰুদ্ধে খেলা ৱাৰ্ম আপ মেচত তেওঁক দেখা পোৱা নাছিল।
তেওঁৰ সন্দৰ্ভত অধিনায়ক জছ বাটলাৰে কয়, "ষ্ট্ৰোকছৰ কাকলত সামান্য আঘাত আছে। আশা কৰোঁ বৃহস্পতিবাৰে ৰাতিপুৱালৈকে মই কিছু ভাল খবৰ পাম। তেওঁ ফিজিঅ'ৰ সৈতে কঠোৰ পৰিশ্ৰম কৰি আছে। কিন্তু যি সিদ্ধান্ত লোৱা হ'ব, সেয়া সঠিক সিদ্ধান্তই হ'ব।