আজি বিশ্বকাপৰ প্ৰথমখন মেচঃ কোন বেছি শক্তিশালী? পিটছে সহায় কৰিব কাক? চাওক...

আজি বিশ্বকাপৰ প্ৰথমখন মেচঃ কোন বেছি শক্তিশালী? পিটছে সহায় কৰিব কাক? চাওক...
আজি বিশ্বকাপৰ প্ৰথমখন মেচঃ কোন বেছি শক্তিশালী? পিটছে সহায় কৰিব কাক? চাওক...

অপেক্ষাৰ অন্ত। আজি দিনৰ ২ বজাৰ পৰা আৰম্ভ হ'ব আই চি চি ক্ৰিকেট বিশ্বকাপ। বিশ্বকাপৰ প্ৰথমখন মেচত মুখামুখী হ'ব ইংলেণ্ড আৰু নিউজিলেণ্ড। আহমেদাবাদত অনুষ্ঠিত হ'বলগীয়া এই মেচখনক লৈ ইতিমধ্যে ক্ৰিকেট অনুৰাগীসকল উৎকণ্ঠিত হৈ আছে। ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড আৰু ৰাণাৰ্ছ আপ নিউজিলেণ্ডৰ মাজৰ এই মেচখন অতি আকৰ্ষণীয় হৈ পৰিব বুলি আশা কৰা হৈছে।

বিশ্বকাপৰ ট্ৰফীৰ সৈতে আটাইকেইটা দলৰ অধিনায়ক
বিশ্বকাপৰ ট্ৰফীৰ সৈতে আটাইকেইটা দলৰ অধিনায়ক
Summary

আহমেদাবাদৰ পিটছ ৰিপ’ৰ্ট

আহমেদাবাদত মুঠ ১১ খন পিটছ আছে। এই পিটছসমূহ ক’লা আৰু ৰঙা দুয়োধৰণৰ মাটিৰে নিৰ্মাণ কৰা হৈছে। এই পিটছসমূহত বেটছমেনৰ পৰা যথেষ্ট ৰাণ আশা কৰিব পাৰি। আজিৰ মেচখনত যিখন পিটছৰ ব্যৱহাৰ কৰিব, আশা কৰা হৈছে সেই পিটছখনৰ পৰা ৰাণৰ বৰষুণ আহিব।

এক কথাত এক বৃহৎ স্ক'ৰৰ মেচ উপভোগ কৰাৰ সুযোগ পাব পাৰে দৰ্শকে। কিয়নো দুয়োটা দলতে আছে কেইবাজনো বিস্ফোৰক বেটছমেন। এই বেটছমেন কেইজনে পিটছৰ সুবিধা যে গ্ৰহণ কৰিব সেয়া নিশ্চিত।

অৱশ্যে এই পিটছত প্ৰথম কেইটামান অভাৰ অতি প্ৰত্যাহ্বানমূলক হৈ পৰে। এই প্ৰত্যাহ্বান উফৰাবলৈ পাৰিলেই স্ক'ৰ ব'ৰ্ডত ক্ৰমাৎ বৃদ্ধি পাব ৰাণৰ সংখ্যা। যিহেতু মেচসমূহ দিবা নৈশ সেয়েহে টছত জয়লাভ কৰা দলে প্ৰথমে বলিং কৰি লক্ষ্য অতিক্ৰম কৰিবলৈ আগ্ৰহ কৰিব।

দ্বিতীয় ইনিংছত বেটিংৰ বাবে পিটছখন অধিক অনুকুল হৈ পৰিব। নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ মুঠ ১১ খন পিটছৰ ভিতৰত ৬ খন ক'লা মাটিৰে নিৰ্মিত পিটছ আৰু ৫ খন ৰঙা মাটিৰে নিৰ্মিত পিটছ। ৰঙা মাটিৰ পিটছসমূহ বেগী বলাৰৰ বাবে অধিক সহায়ক হৈ পৰে। আনহাতে ক'লা মাটিৰে নিৰ্মিত পিটছকেইখন সময় বাগৰাৰ লগে লগে স্পীনাৰসকলৰ সহায়ক হৈ উঠে।

এই পিটছেই নিৰ্ভৰ কৰিব দুই দলৰ স্ক'ৰ
এই পিটছেই নিৰ্ভৰ কৰিব দুই দলৰ স্ক'ৰ
Summary

মেচ ডিটেইলছ

আজিৰ মেচখনত মুখামুখী হ'ব ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড আৰু নিউজিলেণ্ড। দিনৰ ২ বজাৰ পৰা আৰম্ভ হ'বলগীয়া এই মেচ ষ্টাৰ স্পৰ্টছ আৰু হটষ্টাৰৰ জৰিয়তে লাইভ ষ্ট্ৰিমিং উপভোগ কৰিব পাৰিব।

Summary

বতৰৰ ৰিপ’ৰ্ট

ৱেডাৰ ডট কমৰ দ্বাৰা প্ৰাপ্ত তথ্য অনুসৰি আহমেদাবাদত বৃহস্পতিবাৰে বতৰৰ সৰ্বোচ্চ তাপমান ৩৫ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্ব নিম্ন ২২ ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা আছে। গোটেই মেচখন অনুষ্ঠিত হোৱাৰ সময়ছোৱাত বৰষুণৰ কোনো সম্ভাৱনা নাই। আকাশ সম্পূৰ্ণ ডাৱৰমুক্ত হৈ থাকিব।

আহমেদাবাদৰ ফৰকাল আকাশ
আহমেদাবাদৰ ফৰকাল আকাশ
Summary

কোন অধিক শক্তিশালী

যোৱা মাহত ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত ৪ খন এদিনীয়া মেচ অনুষ্ঠিত হৈছিল। নিউজিলেণ্ডে ইয়াৰে প্ৰথমখন মেচ জয় কৰিবলৈ সক্ষম হৈছিল যদিও বাকী তিনিওখন মেচেই ইংলেণ্ডে জয় কৰিবলৈ সক্ষম হৈছে। দ্বিতীয় মেচখনত ইংলেণ্ডে নিউজিলেণ্ডক ৭৯ ৰাণত, তৃতীয় মেচত ১৮১ ৰাণত আৰু চতুৰ্থখন মেচত ১০০ ৰাণৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।

শেষৰ দুয়োখন এদিনীয়াত ইংলেণ্ডে ৩০০ ৰো অধিক স্ক'ৰ থিয় কৰিবলৈ সক্ষম হৈছিল। সেই ফালৰ পৰা বিশ্বকাপৰ প্ৰথমখন মেচ ৩০০ ৰো অধিক স্ক'ৰৰ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

কোন অধিক শক্তিশালী? ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড নে ৰাণাৰ্ছ আপ নিউজিলেণ্ড?
কোন অধিক শক্তিশালী? ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড নে ৰাণাৰ্ছ আপ নিউজিলেণ্ড?

নিউজিলেণ্ডৰ দলটোঃ কেন উইলিয়ামছন (অধিনায়ক), ট্ৰেণ্ট ব’ল্ট, মাৰ্ক চেপমেন, ডেভন কনৱে, লকি ফাৰ্গুচন, মেট হেনৰী, টম লাথাম, ডেৰিল মিচেল, জিমি নিছাম, গ্লেন ফিলিপছ, ৰাচিন ৰবীন্দ্ৰ, মিচ চেণ্টনাৰ, ইছ সোধি, টিম চাউদি, উইল ইয়ং।

নিউজিলেণ্ডৰ দলটো
নিউজিলেণ্ডৰ দলটো

ইংলেণ্ড দলটোঃ জছ বাটলাৰ (অধিনায়ক), মইন আলী, গাছ এটকিনছন, জনি বেয়াৰষ্ট্ৰো, ছেম কুৰান, লিয়াম লিভিংষ্টোন, ডেভিড মালান, আদিল ৰছিদ, জো ৰুট, হেৰী ব্ৰুক, বেন ষ্টোকছ, ৰিচ টপলী, ডেভিড ৱিলি, মাৰ্ক উড, ক্ৰিছ ৱ'ক্স।

ইংলেণ্ড দলটো
ইংলেণ্ড দলটো
আজি বিশ্বকাপৰ প্ৰথমখন মেচঃ কোন বেছি শক্তিশালী? পিটছে সহায় কৰিব কাক? চাওক...
বৃহস্পতিবাৰৰ পৰা ভাৰতত ক্ৰিকেট মহাৰণঃ সাজু সকলো...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in