ৱাংখড়েত কপিল দেৱৰ অভিলেখ ভংগ কৰিলে গ্লেন মেক্সৱেলে

ৱাংখড়েত কপিল দেৱৰ অভিলেখ ভংগ কৰিলে গ্লেন মেক্সৱেলে

author-image
Asomiya Pratidin
New Update
ৱাংখড়েত কপিল দেৱৰ অভিলেখ ভংগ কৰিলে গ্লেন মেক্সৱেলে

ডিজিটেল ডেস্কঃ মঙলবাৰে মুম্বাইৰ ৱাংখড়ে ষ্টেডিয়ামত আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া বিশ্বকাপৰ খেলখনৰ সময়ত কপিল দেৱৰ পূৰ্বৰ অভিলেখ ভংগ কৰি অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেলে এদিনীয়াত ৬ নং বেটাৰ হিচাপে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে। ইয়াৰ লগতে দ্বিতীয় ইনিংচত সৰ্বাধিক ৰাণ কৰা বেটাৰ ৰূপেও পৰিগণিত হয় অষ্ট্ৰেলিয়ান বেটাৰ গৰাকী।

Advertisment

ইয়াৰ পূৰ্বে এদিনীয়াৰ দ্বিতীয় ইনিংচত পূৰ্বৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পাকিস্তানৰ ফাখৰ জামানে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১৭০টা বলত ১৯৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। মেক্সৱেলে ভংগ কৰা অভিলেখৰ তালিকাত এদিনীয়া মেচত ৬ নং বেটাৰ হিচাপে সৰ্বোচ্চ ৰাণ আছিল, ১৯৮৩ চনত টানব্ৰিজ ওৱেলছত জিম্বাবুৱেৰ বিৰুদ্ধে কপিল দেৱে কৰা ১৭৫ ৰাণ।

Also Read: ক্ৰিকেট অনিশ্চয়তাৰ খেল : আফগানিস্তানৰ বিৰুদ্ধে বিজয় সাব্যস্ত অষ্ট্ৰেলিয়াৰ

kapil dev maxwell