ফাইনেলত কোন? বিৰাট-শ্ৰেয়চৰ শতকৰে ভাৰতে নিউজিলেণ্ডক বান্ধি দিলে ৩৯৮ ৰাণৰ লক্ষ্য...

ফাইনেলত কোন?  বিৰাট-শ্ৰেয়চৰ শতকৰে ভাৰতে নিউজিলেণ্ডক বান্ধি দিলে ৩৯৮ ৰাণৰ লক্ষ্য...

ডিজিটেল ডেস্কঃ মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত চলি আছে বিশ্বকাপৰ প্ৰথম ছেমি ফাইনেল। ৰোমাঞ্চকৰ খেলখনত টচত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লৈছিল টীম ইণ্ডিয়াই।

৪ ইউকেট হেৰুৱাই টীম ইণ্ডিয়াই ৩৭৯ ৰাণ কৰি নিউজিলেণ্ডৰ সন্মুখত বান্ধি দিয়ে ৩৯৮ ৰাণৰ লক্ষ্য। আজিৰ খেলখনত দুজনকৈ খেলুৱৈয়ে শতক অৰ্জন কৰিবলৈ সক্ষম হয়। বিৰাট কোহলীয়ে ১১৩ টা বলত ১১৭ ৰাণ আৰু শ্ৰেয়ছ আয়ৰে ৭০ টা বলত ১০৫ ৰাণ লাভ কৰে।

আজিৰ শতকৰ সৈতে বিৰাট কোহলীয়ে ৰচিলে অন্য এক অভিলেখ। ক্ৰিকেটৰ ভগৱানখ্যাত শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰি বিৰাটে এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা ক্ৰিকেটাৰলৈ পৰিণত হ'ল। আজিৰ শতকৰ সৈতে মুঠ ৫০ টা শতক নিজৰ নামত কৰিলে কিং কোহলীয়ে।

টীম ইণ্ডিয়াৰ বাবে ৱাংখাড়ে তেনেই চিনাকি। ২০১১ৰ ২ এপ্ৰিলৰ নিশা ভাৰতবাসীয়ে আয়োজন কৰিছিল আবতৰীয়া দেৱালী। সেই নিশাই ১৯৮৩ চনৰ পৰা সুদীৰ্ঘ ২৮ বছৰৰ মূৰত শ্ৰীলংকাক পৰাস্ত কৰি ভাৰতে দ্বিতীয়বাৰৰ বাবে দখল কৰিছিল বিশ্বকাপৰ খিতাপ।

এই ষ্টেডিয়ামতে আজি নিউজিলেণ্ডৰ মুখামুখি হৈছে ভাৰত। আজিৰ এই ৰোমাঞ্চকৰ খেলখনত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ প্ৰদৰ্শনেও দৃষ্টি আকৰ্ষণ কৰে সকলোৰে। এতিয়া আশা মাঁথো কেইটামান ঘন্টালৈ। তাৰ পাছতে নিশ্চিত হ'ব কোনে প্ৰথমে যাব বিশ্ব কাপৰ ফাইনেললৈ।

ফাইনেলত কোন?  বিৰাট-শ্ৰেয়চৰ শতকৰে ভাৰতে নিউজিলেণ্ডক বান্ধি দিলে ৩৯৮ ৰাণৰ লক্ষ্য...
১০০ ৰ হাফ চেঞ্চুৰীঃ অপ্ৰতিৰোধ্য কিং কোহলি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in