১০০ ৰ হাফ চেঞ্চুৰীঃ অপ্ৰতিৰোধ্য কিং কোহলি...

১০০ ৰ হাফ চেঞ্চুৰীঃ অপ্ৰতিৰোধ্য কিং কোহলি...

author-image
Asomiya Pratidin
New Update
১০০ ৰ হাফ চেঞ্চুৰীঃ অপ্ৰতিৰোধ্য কিং কোহলি...

১০০ ৰ হাফ চেঞ্চুৰীঃ অপ্ৰতিৰোধ্য কিং কোহলি...

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা ছলমান খানে আজিৰ পৰা প্ৰায় এটা দশকৰো অধিক সময়ৰ পূৰ্বে কোনো এক অনুষ্ঠানত শচীন তেণ্ডুলকাৰক উদ্দেশ্যি কৰিছিল এক প্ৰশ্ন। ক্ৰিকেটৰ ভগৱানৰ শাৰিলৈ উন্নীত হোৱা শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ডবোৰ কোনোবাই ভংগ কৰিব পাৰিবনে?

Advertisment

এই প্ৰশ্নত হাঁহিছিল অনুষ্ঠানটোৰ দৰ্শকসকলে। প্ৰশ্নটোৰ লগতে ছলমান খানে শচীনক উদ্দেশ্যি কৈছিল- 'চিধা চিধিকৈ কৈ দিয়া কোনেও তোমাৰ ৰেকৰ্ড ভাঙিব নোৱাৰে।'

অৱশ্যে 'ক্ৰিকেট ঈশ্বৰে' চিনিছিল প্ৰতিভা। বুজি পাইছিল তেওঁৰ এই ৰেকৰ্ডবোৰ বৰ বেছি দিনলৈ সুৰক্ষিত হৈ নাথাকে। তৰুণ ক্ৰিকেটাৰসমূহৰ প্ৰতিভাক তেওঁ অধ্যয়ন কৰিবলৈ জানিছিল। সেয়ে ছলমানৰ এই প্ৰশ্নৰ উত্তৰ স্বাভাৱসুলভ ভাবেই তেওঁ কৈছিল তেওঁৰ ৰেকৰ্ড এসময়ত ভংগ হ’ব।

অনুষ্ঠানটোত উপস্থিত থকা বিৰাট আৰু ৰোহিতকে দেখুৱাই তেওঁ কৈছিল এই দুই ভাৰতীয় তৰুণ ক্ৰিকেটাৰে ভংগ কৰিব পাৰিব তেওঁৰ ৰেকৰ্ডসমূহ। লগতে এই কথাও কৈছিল কোনো ভাৰতীয়ই তেওঁৰ ৰেকৰ্ড ভংগ কৰিলে তেওঁৰ কোনো দুখ নালাগে।

শচীনৰ সেই মন্তব্যই সত্য প্ৰমাণিত হ’ল। এদিনীয়া ক্ৰিকেটত শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক শতক অৰ্জনৰ ৰেকৰ্ড ভংগ কৰিলে বিৰাট কোহলিয়ে। নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা বিশ্বকাপৰ ছেমি ফাইনেলত বিৰাটে অৰ্জন কৰিলে কেৰিয়াৰৰ ৫০ সংখ্যক এদিনীয়া শতক।

৫ নৱেম্বৰ, ২০২৩ ত নিজৰ ৩৫ সংখ্যক জন্মদিনত শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড স্পৰ্শ কৰিছিল বিৰাটে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশ্বকাপৰ মেচখনত তেওঁ অৰ্জন কৰিছিল ৪৯ সংখ্যক শতকটো। ইয়াৰ পাছতে তেওঁক শচীন তেণ্ডুলকাৰেও অভিনন্দন জনাই চলিত বিশ্বকাপতে ৫০ সংখ্যক শতক অৰ্জন কৰাৰ প্ৰেৰণা যুগাইছিল।

শচীনৰ সেই প্ৰেৰণাই কাৰ্যতঃ কামত আহিল। বিৰাটো ছেমি ফাইনেলত সেই ৰেকৰ্ড ভংগ কৰি এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা ক্ৰিকেটাৰলৈ পৰিণত হ'ল।

শচীন তেণ্ডুলকাৰে কেৰিয়াৰত মুঠ ৩৬৩ খন মেচ খেলি অৰ্জন কৰিছিল ৪৯ টা শতক। ৪৮ সংখ্যক শতকটোৰ পৰা তেওঁ ৪৯ সংখ্যক শতকটো অৰ্জন কৰিবলৈ মাজত সময়ৰ প্ৰয়োজন হৈছিল ৩৬৫ দিন।

বিৰাট কোহলিয়ে কেৰিয়াৰত মুঠ ২৩১ মেচ খেল এই ৰেকৰ্ড স্পৰ্শ কৰিলে। চলিত বিশ্বকাপতেই এই পৰ্যন্ত তেওঁৰ বেটৰ পৰা আহিল তিনিটাকৈ শতক। ৪৯ সংখ্যক শতক পৰা ৫০ সংখ্যক শতকলৈ প্ৰয়োজন হ'ল মাত্ৰ দুখন মেচৰ। বিৰাটে চলিত বিশ্বকাপত প্ৰথমে বাংলাদেশৰ বিৰুদ্ধে তাৰ পাছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰু আজি নিউজিলেণ্ডৰ বিৰুদ্ধে এই শতক অৰ্জন কৰিলে।

এই পৰ্যন্ত বিশ্বকাপত তেওঁ খেলিছে ১০ খন মেচ। ইয়াৰে কেইবাখনো মেচত তেওঁ অৰ্ধশতক কৰি শতকৰ দিশে আগবাঢ়িছিল যদিও এখনত নাৰ্ভাছ নাইনটিৰ স্বীকাৰ হৈছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৮৫, নিউজিলেণ্ডৰ বিৰুদ্ধে ৯৫ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে ৮৮ ৰাণত আউট হৈ তিনিটাকৈ শতকৰ পৰা বঞ্চিত হৈছে।

Also Read: পুনৰ বেটিং কৰিব পাৰিবনে শুভমণ গিলে? ৰিটায়াৰ্ড হাৰ্টৰ নিয়মাৱলী কি? চাওঁক সবিশেষ...

এদিনীয়া ক্ৰিকেট বিশ্বকাপ ক্ৰিকেট বিৰাট কোহলি