বাংলাদেশক পৰাস্ত কৰি বিশ্বকাপত বিজয়ৰ হেট্ৰিক নিউজিলেণ্ডৰ...

বাংলাদেশক পৰাস্ত কৰি বিশ্বকাপত বিজয়ৰ হেট্ৰিক নিউজিলেণ্ডৰ...
বাংলাদেশক পৰাস্ত কৰি বিশ্বকাপত বিজয়ৰ হেট্ৰিক নিউজিলেণ্ডৰ...

ডিজিটেল ডেস্কঃ বিশ্বকাপ-২০২৩ ত বিজয়ৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে বিগত বিশ্বকাপৰ ৰাণাৰ্ছআপ নিউজিলেণ্ড। শুকুৰবাৰে বাংলাদেশৰ বিৰুদ্ধে খেলা মেচখনত দলটোক পৰাস্ত কৰি ধাৰাবাহিক বিজয়ৰ হেট্ৰিক অৰ্জন কৰিলে নিউজিলেণ্ডে।

প্ৰথমে বেটিং কৰি বাংলাদেশে নিৰ্ধাৰণ কৰি দিয়া ২৪৬ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ৪২.৫ অভাৰতে ২ উইকেট হেৰুৱাই ২৪৮ ৰাণ সংগ্ৰহ কৰি ৮ উইকেটত বিজয় সাব্যস্ত কৰে।

দলটোৰ হৈ কনৱেয়ে ৪৫, কেন উইলিয়ামছনে ৭৮, মিচেলে ৮৯ ৰাণ সংগ্ৰহ কৰে। বাংলাদেশৰ হৈ ছাকিব অল হাছানে এটা আৰু মুছটাফিজুৰ ৰহমানে এটা উইকেট দখল কৰে।

ইফালে প্ৰথমে বেটিং কৰি বাংলাদেশৰ মেহদি হাছানে ৩০, ছাকিব অল হাছানে ৪০, মুছফিকুৰ ৰহিমে ৬৬, মহমুদ্দলাহে ৪১ ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ লকি ফাৰ্গুছনে ৩ টা, ব'ল্ট, হেনৰীয়ে ২ টা আৰু মিতেল ছেণ্টনাৰ, গ্লেন ফ্লিপছে এটাকৈ উইকেট দখল কৰে।

বাংলাদেশক পৰাস্ত কৰি বিশ্বকাপত বিজয়ৰ হেট্ৰিক নিউজিলেণ্ডৰ...
এসময়ত বিতাৰিত হৈছিল ক্ৰিকেটঃ আকৌ ৰাজকীয় প্ৰত্যাৱৰ্তনৰ বাবে সাজু...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in