/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/7d0103a4-38cd-455f-936e-67bb8ad49428/AP_FOR_WEB_NEW____bikhekh_lekha_Recovered.jpg)
এসময়ত বিতাৰিত হৈছিল ক্ৰিকেটঃ আকৌ ৰাজকীয় প্ৰত্যাৱৰ্তনৰ বাবে সাজু...
চেক্সন যুগত অৰ্থাৎ ১০৬৬ খ্ৰীষ্টাব্দতে উৎপত্তি হৈছিল এইবিধ খেলৰ। আজি বিশ্বজুৰি ইয়াৰ জনপ্ৰিয়তা। এই খেল খেলিয়েই কোনোবা হৈছে তাৰকা, কোনোবা মহাতাৰকা। এই খেল খেলিয়েই কোনোবা খেলুৱৈ হৈ পৰিছে ভগৱান।
ক্ৰিকেট। ভাৰতত ই এতিয়া এক ধৰ্ম। ক্ৰিকেটৰ বাবে ভাৰতত সকলো সম্ভৱ। দূৰ হয় বাদ-বিবাদ। ৰাজনৈতিক, সামাজিক, ভাষিক সকলো বাদ-বিবাদ বাদ দি ক্ৰিকেটৰ বাবে একত্ৰিত হয়।
এই ক্ৰিকেট ভাৰতলৈ আহিছিল ব্ৰিটিছসকলৰ সৈতে। ব্ৰিটিছসকলে তেওঁলোকৰ লগত আন কেইবাটাও খেল লৈ আহিছিল যদিও ক্ৰিকেট ভাৰতৰ এক সংস্কৃতিলৈ ৰূপান্তৰ হৈছে। ভাৰত আৰু ক্ৰিকেট এটা আনটোৰ পৰিপূৰক।
অথচ এই খেলবিধ অলিম্পিকৰ অংশ নহয়। ভাৰতত অলিম্পিক খেলুৱৈ সৃষ্টিৰ বাবে চৰকাৰে গুৰুত্ব প্ৰদান কৰি আহিছে।কিন্তু ভাৰতীয়ই ক্ৰিকেটকহে অধিক গুৰুত্ব দিছে।
ক্ৰিকেটৰ জনপ্ৰিয়তা আছে। ক্ৰিকেটাৰ তাৰকাৰ শাৰীলৈ উন্নিত হৈছে। ক্ৰিকেট খেলিয়েই শচীন তেণ্ডুলকাৰ ভগৱান হৈছে। ক্ৰিকেটকে ধৰ্ম হিচাপে লৈ বলিয়া হৈছে কোটি কোটি ক্ৰিকেট অনুৰাগী।
শেহতীয়াকৈ ক্ৰিকেটে অনুৰাগীসকললৈ কঢ়িয়াই আনিছে বহু কেইটা ভাল খবৰ। ভাৰতৰ মাটিত আই চি চি এদিনীয়া ক্ৰিকেট বিশ্বকাপ-২০২৩ আৰম্ভ হোৱাৰ সময়তে হাংজৌ এছিয়ান গেমছত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হোৱা ক্ৰিকেটত ভাৰতৰ পুৰুষ-মহিলা উভয় দল চেম্পিয়ন হৈছে।
ভাৰতৰ মাটিত ক্ৰিকেট মহাৰণ অব্যাহত থকাৰ সময়তে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে এই খেলবিধ অলিম্পিকৰ অংশ কৰি ল'বলৈ আনুষ্ঠানিক চিল-মোহৰ মাৰিছে। ২০২৮ ৰ লছ এঞ্জেলছ অলিম্পিকৰ মঞ্চত দেখিবলৈ পোৱা যাব ক্ৰিকেটৰ আন এক মহাৰণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/2f00752a-5026-42d5-bf20-02f29c90e0f3/pvvcm1zh8r43kjn4ia9h.jpg)
অলিম্পিকত ক্ৰিকেট পূৰ্বেও আছিল। অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত কৰিবৰ বাবে শতিকাৰ পূৰ্বেই চেষ্টা চলিছিল। আৰু অলিম্পিকৰ অংশ হৈও ক্ৰিকেট অলিম্পিকৰ পৰা বিতাৰিত হৈছিল।
১৮৯৬ চনত এথেন্স অলিম্পিকত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হৈছিল ক্ৰিকেট। কিন্তু অংশগ্ৰহণকাৰী নোহোৱাৰ বাবে শেষ মুহূৰ্তত সেইবাৰৰ অলিম্পিক প্ৰতিযোগিতাৰ পৰা বাদ দিয়া হৈছিল এই খেল বিধ।
কিন্তু চাৰি বছৰৰ পিছত, ১৯০০ চনত অনুষ্ঠিত হোৱা পেৰিছ অলিম্পিকলৈ চাৰিখনকৈ দেশে ক্ৰিকেটৰ দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱাত সেইবাৰ অলিম্পিকত প্ৰথমবাৰৰ বাবে খেলিছিল ক্ৰিকেট। অৱশ্যে প্ৰতিযোগিতাখনত মাত্ৰ এখনহে মেচ অনুষ্ঠিত হৈছিল।
ব্ৰিটেইন, ফ্ৰান্স, নেডাৰলেণ্ড আৰু বেলজিয়ামে পেৰিছত অনুষ্ঠিত অলিম্পিক গেমছলৈ ক্ৰিকেট দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছিল। অৱশ্যে অলিম্পিক আয়োজন কৰাৰ সুযোগ নোপোৱাৰ বাবে বাবে নেডাৰলেণ্ড আৰু বেলজিয়ামে ক্ৰিকেট দল প্ৰেৰণ নকৰাৰ কথা ঘোষণা কৰে।
ইয়াৰ পিছত, ইংলেণ্ড ব্লুজ আৰু পেৰিছৰ মাজত চাইকেল ষ্টেডিয়াম ভেলোড্ৰম ডি ভিনচেনেছত চূড়ান্ত খেলখন অনুষ্ঠিত হয়। যিহেতু নেডাৰলেণ্ড আৰু বেলজিয়ামে প্ৰতিযোগিতাখনলৈ তেওঁলোকৰ ক্ৰিকেট দল প্ৰেৰণ নকৰিলে সেয়ে আয়োজক ফ্ৰান্স আৰু ইংলেণ্ডৰ মাজতেই অনুষ্ঠিত হ'ল অলিম্পিকৰ ক্ৰিকেট মেচখন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/4a333f71-16d9-4d18-9bc6-e51341e641cb/d67cuaq12nwtvxs8qsij.webp)
সেইবাৰ মেচখন টেষ্ট মেচৰ আৰ্হিত খেলা হৈছিল। মেচখনত ইংলেণ্ডে প্ৰথমে বেটিং কৰি মাত্ৰ ১১৭ ৰাণতে পেভিলিয়নমুখী হয়। দলটোৰ হৈ ফ্ৰেডৰিক কামিঙে ৩৮ ৰাণ কৰি দলটোৰ আটাইতকৈ সফল বেটছমেন হিচাপে পৰিগণিত হয়। আনহাতে দলটোৰ অধিনায়ক চিবিকে বীচক্ৰফ্টে ২৩ ৰাণ সংগ্ৰহ কৰে।
ফ্ৰান্সৰ হৈ এণ্ডাৰছনে সৰ্বাধিক ৪ টা উইকেট দখল কৰিছিল। ইয়াৰোপৰি দলটোৰ আট্ৰিয়েল, মেকএভয় আৰু ৰবিনছনে ২ টাকৈ উইকেট লাভ কৰিছিল। ইফালে ইংলেণ্ডে প্ৰথম ইনিংছত সংগ্ৰহ কৰা ১১৭ ৰাণৰ বিপৰীতে ফ্ৰান্সে প্ৰথম ইনিংছত মাত্ৰ ৭৮ ৰাণহে কৰিবলৈ সক্ষম হয়।
দলটোৰ হৈ জে ব্ৰেডে সৰ্বাধিক ২৫ ৰাণ কৰে। বিপকীতে ৫ জনকৈ খেলুৱৈ শূন্যতে আউট হয়। ইংলেণ্ডৰ হৈ ক্ৰিষ্টিয়ানে সৰ্বাধিক ৭ টা উইকেট লাভ কৰে। দ্বিতীয় ইনিংছত ইংলেণ্ড দলটোৱে ৫ টা উইকেট হেৰুৱাই ১৪৫ ৰাণত ইনিংছ ঘোষণা কৰে। দ্বিতীয় ইনিংছত আলফ্ৰেড বাৱাৰমেনে দলটোৰ হৈ সৰ্বাধিক ৫৯ ৰাণ আৰু অধিনায়ক বীচক্ৰফ্টে ৫৪ ৰাণ সংগ্ৰহ কৰে। ফ্ৰান্সৰ হৈ ৰোকেছে ৩ টা উইকেট দখল কৰে।
আনহাতে দ্বিতীয় ইনিংছত ফ্ৰান্সৰ প্ৰদৰ্শন আছিল অতি দুৰ্বল্য। দলটোৱে ১৮৫ ৰাণৰ লক্ষ্য লৈ মাত্ৰ ২৬ ৰাণহে কৰিবলৈ সক্ষম হৈছে। ৬ জনকৈ খেলুৱৈয়ে শূন্যতে আউট হৈ পেভিলীয়নলৈ ঘূৰি আহে। ইংলেণ্ডৰ হৈ মণ্টাগুৱ ট'লাৰে মাত্ৰ ১০ ৰাণত ৭ উইকেট দখল কৰে।
অলিম্পিকত খেলা এই মেচখনত ১১ জনৰ পৰিৱৰ্তে এটা দলত ১২ জনকৈ খেলুৱৈ আছিল আৰু ১২ জনেই বেটিং কৰিবলৈ ক্ৰিজত নামিছিল। খেলখনৰ ফলাফল ২ দিনতে লাভ কৰিছিল। বিজয়ী ইংলেণ্ডক ৰূপৰ পদক আৰু ফ্ৰাঞ্চক ব্ৰঞ্জৰ পদক দিয়া হৈছিল। অৱশ্যে ১২ বছৰৰ পিছত এই পদক সলনি কৰি ইংলেণ্ডক সোণৰ আৰু ফ্ৰান্সক ৰূপৰ পদক দিয়া হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/0e866d11-bd9d-448a-8bfa-408ebd379987/Collage_Maker_19_Jan_2023_01_42_PM.avif)
এয়াই আছিল অলিম্পিকত ক্ৰিকেটৰ প্ৰথম আৰু অন্তিমখন মেচ। ১৯০৪ চনত আমেৰিকাই অনুষ্ঠিত কৰা অলিম্পিকত পুনৰ ক্ৰিকেট অন্তৰ্ভুক্ত কৰা হৈছিল যদিও দলৰ অভাৱত পুনৰ ক্ৰিকেটক বাদ দিয়া হৈছিল।
এটা প্ৰয়াস হৈছিল, কিন্তু তেতিয়া অলিম্পিকত ক্ৰিকেট হোৱা নাছিল।তাৰ পাছৰ পৰা অলিম্পিকত ক্ৰিকেট আৰু অন্তৰ্ভুক্ত কৰা নহ'ল। কিন্তু অলিম্পিকৰ পৰা বিতাৰিত হ'লেও লাহে লাহে ক্ৰিকেটৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ আৰম্ভ কৰে।
আৰু সেই জনপ্ৰিয়তাৰ বাবেই পুনৰ এতিয়া অলিম্পিক কমিটীয়ে ক্ৰিকেটক অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে এই সিদ্ধান্তত চিল মোহৰ মাৰিছে।
২০২৮ ৰ লছ এঞ্জেলেছ অলিম্পিকত দেখা যাব কেইবাটাও শতিকা প্ৰাচীন এই খেল বিধ। ইংলেণ্ডত উৎপত্তি হোৱা এই খেলবিধ ১৬১১ খৃষ্টাব্দত প্ৰথমে প্ৰাপ্তবয়স্ক খেল হিচাপে খেলাৰ পাছৰে পৰা এই পৰ্যন্ত ক্ৰিকেটৰ এক বৰ্ণাঢ্য ইতিহাস আছে।
এই ইতিহাসক সামৰিয়েই ১২৮ বছৰ পিছত ৰাজকীয় মৰ্যাদাৰে ক্ৰিকেট পুনৰ অলিম্পিকৰ মঞ্চলৈ যাবলৈ সাজু হৈছে। অৱশ্যে এইবাৰ ক্ৰিকেট অলিম্পিকলৈ যাব নতুন ৰূপত। টেষ্ট মেচৰ আৰ্হিৰ পৰিৱৰ্তে অলিম্পিকত ক্ৰিকেট খেলিব টি-২০ ফৰ্মেটত।
১৪ আৰু ১৫ অক্টোবৰত মুম্বাইত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ বৈঠক। এই উফলক্ষে মুম্বাইলৈ আহিছে আই অ' চিৰ প্ৰধান থমাছ বাখ। মুম্বাইত উপস্থিত হৈয়ে তেওঁ জনাইছে অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্তিৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত।
কিন্তু কি দৰে, কি ফৰ্মেটত খেলা হ'ব বা কিমান দলে অংশগ্ৰহণ কৰিব সেই বিষয়ে এতিয়াও সম্পূৰ্ণ সূচী তৈয়াৰ কৰা হোৱা নাই। অৱশ্যে আই অ' চিৰ সূত্ৰত প্ৰকাশ পাইছে অলিম্পিকত টি-২০ ফৰ্মেটতেই খেলা হ'ব ক্ৰিকেট।
কেৱল ক্ৰিকেটেই নহয়, ক্ৰিকেটৰ উপৰিও বেছবল/চফ্টবল, ফ্লেগ ফুটবল, লেকাৰআৰু স্কোয়াছকে ধৰি পাঁচটা ক্ৰীড়া লছ এঞ্জেলেছ অলিম্পিকত অন্তৰ্ভুক্ত কৰিবলৈ অনুমোদন জনোৱা হৈছে।
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে আই চি চিৰ সৈতে আলোচনা কৰি ক্ৰিকেটক আৰু অধিক জনপ্ৰিয় কিদৰে কৰিব পাৰি সেই বিষয়ে সিদ্ধান্ত ল'ব। জানিব পৰা মতে অলিম্পিকত পুৰুষ আৰু মহিলাৰ ৬ টাকৈ দলে অংশগ্ৰহণৰ সুযোগ লাভ কৰিব।
ৰেংকিঙৰ আধাৰত অলিম্পিকৰ বাবে নিৰ্বাচিত কৰা হ'ব এই দল কেইটাক। আই চি চি ৰেংকিঙৰ শীৰ্ষ ৬ টা দলেই লাভ কৰিব অলিম্পিকৰ টিকত। অৱশ্যে এয়া এতিয়াও চূড়ান্ত নহয়। কিন্তু ক্ৰিকেট বলিয়া ভাৰত, পাকিস্তান আদিৰ দৰে দেশৰ বাবে এয়া নিশ্চয় এক আশাৰ খবৰ।
Also Read: ভাৰত-পাকিস্তানৰ মেচৰ পূৰ্বে দৰ্শকে পাব অনন্য আমোদ