মেৰাপানীত ৫খনকৈ জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন

মেৰাপানীত ৫খনকৈ জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন

author-image
Asomiya Pratidin
New Update
মেৰাপানীত ৫খনকৈ জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন

ডিজিটেল সংবাদ, মেৰাপানীঃ মেৰাপানীৰ ৰতনপুৰত সোমবাৰে ৫খনকৈ জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন কৰে জলসিঞ্চন, গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে। আধাৰশিলা স্থাপন অনুষ্ঠানটিত উপস্থিত থাকে অসমৰ বিত্ত তথা মহিলা, শিশু আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ আৰু ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে জিলা আয়ুক্ত তথা জলসিঞ্চন বিভাগৰ বিষয়া কৰ্মচাৰীসকল। গমাৰি উন্নয়ন খণ্ডৰ অধীনৰ ৰতনপুৰ গাঁও পঞ্চায়তৰ আমগুৰি পথাৰত ৫খন নতুন জলসিঞ্চন আঁচনিৰ অধীনত ৪২ কোটি টকাৰ ব্যয়পেক্ষে ৫ খন জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয়।

Advertisment

উল্লেখ্য যে গোলাঘাট বিধানসভা সমষ্টিত বৰ্তমান ১০২০ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰে মুঠ ৯ খন জলসিঞ্চন আঁচনি কাৰ্যক্ষম হৈ আছে। আনফালে গোলাঘাট বিধানসভা সমষ্টিত ২০২০-২১ লৈ ৯০০ হেক্টৰ কৃষি ভূমিত জলসিঞ্চনৰ সুবিধা আছিল, ২০২১-২২ ত অতিৰিক্ত ২০ হেক্টৰ কৃষিভূমি আৰু ২০২২-২৩ ত অতিৰিক্ত ১০০ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে।

ইফালে ৭৫ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ বাবে কৃষিৰ কাম চলি আছে বুলি জানিব পৰা গৈছে। সোমবাৰে আধাৰশিলা স্থাপন কৰা ৫ খন নতুন জলসিঞ্চন আঁচনি সম্পূৰ্ণ হ'লে অতিৰিক্ত ১০৯০ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ সুবিধা হ'ব বুলি অৱগত কৰে মন্ত্ৰী অশোক সিংঘালে। ইয়াৰ জৰিয়তে গোলাঘাট সমষ্টিত মুঠ ২১৮৫ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা হ'ব। এই আঁচনিৰ জৰিয়তে দৈয়াঙৰ কৃষক সকলে কৃষিৰ ক্ষেত্ৰত অধিক লাভাম্বিত হ'ব বুলিও আশা প্ৰকাশ কৰে কেবিনেট মন্ত্ৰীগৰাকীয়ে।

Also Read: গুৱাহাটীৰ ৩৬৬টা অঞ্চলত ভূমিস্খলনৰ সম্ভাৱণা: প্ৰশাসনে জাৰি কৰিছে তথ্য...

ashok singhal