
ডিজিটেল ডেস্কঃ মাজত মাত্ৰ কেইটামান ঘণ্টা। তাৰ পাছতেই ভাৰতৰ মাটিত আৰম্ভ হ'ব ক্ৰিকেট মহাৰণ। অংশগ্ৰহণকাৰী ১০ টাকৈ দল, মেচসমূহ অনুষ্ঠিত কৰিবৰ বাবে ১০ খন ষ্টেডিয়াম, বি চি চি আই সকলো ইতিমধ্যে সাজু হৈ উঠিছে।
বিশ্বকাপ-২০২৩ ৰ প্ৰথমখন মেচ অনুষ্ঠিত হ'ব আহমেদাবাদত। ইয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্বকাপ আৰম্ভ কৰাৰ কথা চৰ্চালৈ আহিছিল যদিও শেহতীয়াকৈ অৱশ্যে কোনো বাৰ্ণাঢ্য উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত নহয় বুলি বি চি চি আইয়ে স্পষ্ট কৰিছে।
ইয়াৰ পৰিৱৰ্তে আজি বি চি চি আইয়ে অনুষ্ঠিত কৰিছে কেপ্টেইনছ ডে'। এই কেপ্টেইনছ ডে'ত আটাইকেইটা দলৰে অধিনায়কে অংশগ্ৰহণ কৰিছে। অনুষ্ঠিত হৈছে সকলো অধিনায়কৰে ফটো ছেশ্যন।
বৃহস্পতিবাৰে আৰম্ভ হ'বলগীয়া প্ৰথমখন মেচত মুখামুখী হ'ব ইংলেণ্ড আৰু নিউজিলেণ্ড। ইয়াৰ বিপৰীতে ভাৰতে বিশ্বকাপত অভিযান আৰম্ভ কৰিব ৮ অক্টোবৰত। ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চেন্নাইত খেলিব বিশ্বকাপৰ প্ৰথমখন মেচ। ইয়াৰ বিপৰীতে ১৪ অক্টোবৰত পাকিস্তানৰ বিৰুদ্ধে আহমেদাবাদত খেলিব ভাৰতে।
এই মেচখনৰ বাবে ভাৰতে তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে। দৰ্শকক খোৱাপানী বটল আৰু সহজে পেলাব পৰা সকলো বস্তু কঢ়িয়াই অনাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।
এইবাৰৰ বিশ্বকাপৰ ফাইনেলখন অনুষ্ঠিত হ'ব ১৯ নৱেম্বৰত, আহমেদাবাদত। ২০ নৱেম্বৰৰ দিনটো সংৰক্ষিত দিন হিচাপে ৰখা হৈছে। ১৫ নৱেম্বৰত মুম্বাইত অনুষ্ঠিত হ'ব প্ৰথমখন ছেমি ফাইনেল। ১৬ নৱেম্বৰত কলকাতাত অনুষ্ঠিত হ'ব দ্বিতীয়খন ছেমি ফাইনেল। এই দুয়োখন ছেমি ফাইনেলৰ বাবেও থাকিব সংৰক্ষিত দিন।
এইবাৰ বিশ্বকাপৰ মেচসমূহ অনুষ্ঠিত হ'ব- হায়দৰাবাদ, আহমেদাবাদ, ধৰ্মশালা, দিল্লী, চেন্নাই, লক্ষ্ণৌ, পুনে, বেংগালুৰু, মুম্বাই আৰু কলকাতাত।