/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/57e42e79-eb36-4045-9703-daedd1906af3/yuvi_08.jpg)
২ ৰাণত ৩ টা উইকেটঃ শ্ৰেয়াস আয়াৰৰ ভূমিকাত অসন্তুষ্ট যুৱৰাজ....
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বেটিং কৰিবলৈ আহি দলীয় স্ক'ৰ মাত্ৰ ২ ৰাণ হওঁতেই ভাৰতে হেৰুৱালে ৩ টাকৈ উইকেট। এই তিনিওজন বেটছমেনে এটাও ৰাণ সংগ্ৰহ নকৰাকৈ পেভিলয়নলৈ ঘূৰি আহিবলগীয়া হোৱা বিষয়টো সহজভাৱে লোৱা নাই প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰসকলে।
২০১১ চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য তথা সেই বিশ্বকাপৰ অন্যতম নায়ক যুৱৰাজ সিঙে তাৎক্ষণিক ভাৱে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মেচ চলি থকাৰ অৱস্থাতে যুৱৰাজ সিঙে টুইটাৰৰ জৰিয়তে নিজৰ মতামত ব্যক্ত কৰিছে।
তেওঁ টুইটাৰত লিখিছে- ৪ নং বেটছমেনজনে চাপ সহিব লাগে। যেতিয়া দলে ইনিংছ পুনৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে সেই সময়ত শ্ৰেয়াস আয়াৰৰ পৰা ভাল চিন্তাৰ প্ৰয়োজন।
লগতে য়ুৱিয়ে কয়,পাকিস্তানৰ বিৰুদ্ধে শতকীয় ইনিংছ খেলাৰ পাছতো কে এল ৰাহুলে কিয় ৪ নং স্থানত বেটিং কৰা নাই সেই কথা বুজি পোৱা নাই। আনহাতে অষ্ট্ৰেলিয়াই কিং কোহলিৰ উইকেট লাভৰ সুযোগ পায়ো সেই সুযোগ ল'ব নোৱাৰা সন্দৰ্ভত তেওঁ কয়, কিং কোহলিৰ কেচ ড্ৰপ কৰাৰ পৰিণাম ভূগিব লাগিব অষ্ট্ৰেলিয়াই। কোহলিয়ে অকলেই মেচ আগুৱাই নিব পাৰে।
উল্লেখ্য, দেওবাৰে চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা মেচত অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰি ১৯৯ ৰাণ সংগ্ৰহ কৰে। ভাৰতে ২০০ ৰাণৰ লক্ষ্য লৈ খেল পথাৰত নমাৰ পাছতে আৰম্ভ হয় বেটিং বিপৰ্যয়।
ৰোহিত শৰ্মা আৰু ঈশাণ কিষাণে মেচ অপেনিং কৰিবলৈ আহিছিল যদিও প্ৰথমে ইশাণ কিষাণ গ'ল্ডেন ডাক হোৱাৰ পাছত ক্ৰমে ৰোহিত শৰ্মা আৰু শ্ৰেয়াস আয়াৰো ডাক হয়। ইয়াৰ পাছত কে এল ৰাহুল আহি বিৰাট কোহলিৰ সৈতে ভাৰতীয় ইনিংছ চম্ভালে।
No 4 batsman has to absorb the pressure !! Need better thinking from @ShreyasIyer15 when team is trying to rebuild their innings ! Still don’t understand why @klrahul is not batting at no 4 ! After scoring a 100 against Pakistan ! Dropping @imVkohli might cost australia big time…
— Yuvraj Singh (@YUVSTRONG12) October 8, 2023
Also Read: ভাৰতৰ দৰ্শনীয় বলিং আক্ৰমণঃ ১৯৯ তে স্তব্ধ অষ্ট্ৰেলিয়া...