/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/1ce24f3e-d01b-428a-bb9b-fcc3ae50f410/IND_04.jpg)
ভাৰতৰ দৰ্শনীয় বলিং আক্ৰমণঃ ১৯৯ তে স্তব্ধ অষ্ট্ৰেলিয়া...
ডিজিটেল ডেস্কঃ আই চি চি ক্ৰিকেট বিশ্বকাপ-২০২৩ ৰ অভিযান আজি ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰম্ভ কৰিছে। চেন্নাইৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত টছত জয়লাভ কৰি অষ্ট্ৰেলিয়াই বেটিং কৰাৰ সিদ্ধান্ত লৈ ৪৯.৩ টা বলত আটাইকেইটা উইকেত হেৰুৱাই ১৯৯ ৰাণ সংগ্ৰহ কৰে।
মেচখনৰ আৰম্ভণিতে মাত্ৰ ৫ ৰাণতে যশপ্ৰীত বুমৰাহ চিকাৰ হয় মিচেল মাৰ্চ। ২ অভাৰ ২ টা বলত তেওঁ বিৰাট কোহলিৰ হাতত তুলি দিয়ে বল। ফলত আৰম্ভণিতে দলটো বিপদত পৰিছিল যদিও দ্বিতীয় উইকেটৰ যুটিত ডেভিড ৱাৰ্নাৰ আৰু ষ্টিভ স্মিথে এক শক্তিশালী স্থিতি ল'বলৈ সক্ষম হয়।
অৱশ্যে ভাৰতীয় বলাৰৰ কৌশলী বলিঙৰ আগত বৰ বেছি সময় থিয় দি থাকিব নোৱাৰিলে এই যুটীয়ে। ১৬.৩ বলত দলীয় স্ক'ৰ ৭৪ হোৱাৰ সময়ত কুলদীপ যাদৱৰ বলত আউট হয় ডেভিড ৱাৰ্নাৰ।
ইয়াৰ পিছত দলীয় স্ক'ৰ ১১০ ত দলটোৱে হেৰুৱাই ষ্টিভ স্মিথৰ উইকেট। ইয়াৰ পাছত দলীয় স্ক'ৰ ১১৯ ত ক্ৰমান্বয়ে মাৰ্নাছ লাবুচাগনে আৰু গ্লেন মেক্সৱেলৰ উইকেট হেৰুৱাই দলটোৱে।
এই দুই উইকেট লাভ কৰে ক্ৰমে জাডেজা আৰু কুলদীপ যাদৱে। মেচখনত ৰবীন্দ্ৰ জাডেজাই মুঠ ৩ টা, কুলদীপ যাদৱ আৰু যশপ্ৰীত বুমহাৰে ২ টাকৈ উইকেট দখল কৰে। ইয়াৰোপৰি ৰবিচন্দ্ৰন অশ্বিন, হাৰ্দিক পাণ্ডিয়া আৰু মহম্মদ ছিৰাজে এটাকৈ উইকেট দখল কৰে।
Innings break!
Australia are all out for 199 courtesy of a solid bowling performance from #TeamIndia 👏👏
Ravindra Jadeja the pick of the bowlers with figures of 3/28 👌👌
Scorecard ▶️ https://t.co/ToKaGif9ri#CWC23 | #INDvAUS | #MeninBlue pic.twitter.com/TSf9WN4Bkz— BCCI (@BCCI) October 8, 2023
Also Read: ভাৰতেই দখল কৰিব ICC বিশ্বকাপৰ খিতাপঃ ক'লে এইগৰাকী মহান ক্ৰিকেটাৰে...