/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/0edfb35b-7f38-4d09-afed-285f94085c22/RAINA_08.jpg)
ভাৰতেই দখল কৰিব ICC বিশ্বকাপৰ খিতাপঃ ক'লে এইগৰাকী মহান ক্ৰিকেটাৰে...
ডিজিটেল ডেস্কঃ আই চি চি এদিনীয়া বিশ্বকাপত আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ভাৰতে। এছিয়া কাপৰ খিতাপ অষ্টমবাৰৰ বাবে দখল কৰাৰ লগতে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ শীৰ্ষত থাকি আত্মবিশ্বাসী হৈ থকা ভাৰত এইবাৰৰ বিশ্বকাপৰ প্ৰৱল দাবীদাৰ বুলি চৰ্চা অব্যাহত আছে।
তাৰ মাজতে এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰে দাবী কৰিছে ভাৰতেই এইবাৰ দখল কৰিব বিশ্বকাপৰ খিতাপ। এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সুৰেশ ৰাইনাই এই দাবী কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/1c7a9a5e-3c2c-4d3b-a53a-7ea40e486c8f/raina.jpg)
তেওঁ কয়, যেতিয়া ভাৰতে ঘৰৰ মাটিত খেলে তেতিয়া আমি সকলোৱে জানো আমাৰ আশা কিমান সজীৱ হৈ পৰে। আমি ২০১১ ত ভাৰতত বিশ্বকাপ দখল কৰিছিলো। অষ্ট্ৰেলিয়াই ২০১৫ ত নিজৰ ঘৰৰ মাটিত আৰু ২০১৯ ত ইংলেণ্ডে ঘৰৰ মাটিত খিতাপ জয় কৰিছিল। এনে পৰিস্থিতি মোৰ সম্পূৰ্ণ বিশ্বাস আছে এইবাৰ বিশ্বকাপৰ খিতাপ ঘৰুৱা দৰ্শকৰ সন্মুখত ভাৰতে দখল কৰিব।
সুৰেশ ৰাইনাৰ এই বিশ্বাসৰ আঁৰত কিছু কাৰণ আছে। সেই কাৰণসমূহো তেওঁ ব্যাখ্যা কৰিছে। তেওঁৰ মতে ভাৰতৰ হাতত ভাল বলিং লাইনআপ আছে। তেওঁলোকে পৰিস্থিত অনুসৰি বলিং কৰিব জানে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/1c449b48-1abc-45e6-995f-ff4836eb42ab/Ravichandran_Ashwin.jpg)
ৰবিচন্দ্ৰন অশ্বিন ২০১১ ৰ বিশ্বকাপৰ অংশ আছিল। তেওঁ বৰ্তমানৰ ভাৰতীয় দলটোত সেই অভিজ্ঞতা প্ৰয়োগ কৰিব। যশপ্ৰীত বুমৰাহ, মহম্মদ ছামি আৰু ,মহম্মদ ছিৰাজৰ সুন্দৰ ফৰ্ম অব্যাহত আছে। সকলোৱে এজনে আনজনক যোগ্য সমৰ্থন আগবঢ়াইছে।
সেইদৰে বেটিঙৰ দিশলৈ লক্ষ্য কৰিলে বিৰাট কোহলিয়ে মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে। ইয়াৰোপৰি আমাৰ হাতত কেইবাজনো শক্তিশালী বেটছমেন আছে। শক্তিশালী অপেনিং যুটি আছে।
শুভমণ গিলৰ এদিনীয়া ক্ৰিকেটত গড় ৰাণ ৬০ তকৈ অধিক। ৰোহিত শৰ্মাৰ এই ফৰ্মেটত ৩ টা দ্বিশতক আছে। যদি ওপৰৰ ৩ জন বেটছমেনে ২৫-৩০ অভাৰলৈ বেটিং কৰে তেন্তে ভাৰতে বৃহৎ স্ক'ৰ থিয় কৰিব পাৰিব।
Also Read: এম চিন্নাস্বামীত কুলদীপৰ যাদু...
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us