এম চিন্নাস্বামীত কুলদীপৰ যাদু...

এম চিন্নাস্বামীত কুলদীপৰ যাদু...

author-image
Asomiya Pratidin
New Update
এম চিন্নাস্বামীত কুলদীপৰ যাদু...

ভাৰত বনাম অষ্ট্ৰেলিয়াঃ পেট কামিন্সৰ সিদ্ধান্তই সহায় কৰিব ভাৰতক !

ডিজিটেল ডেস্কঃ কুলদীপ যাদৱে প্ৰমাণ কৰিলে তেওঁৰ দক্ষতা। কিয় কুলদীপ যাৱদক দলত প্ৰয়োজন সেই কথা পুনৰবাৰ প্ৰমাণ কৰিলে স্পীনাৰগৰাকীয়ে। বিশ্বকাপৰ পঞ্চম তথা ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথমখন মেচত কুলদীপ যাদৱে লাভ কৰিলে ডেভিড ৱাৰ্নাৰৰ উইকেট।

Advertisment

মেচখনৰ আৰম্ভণিতে ৫ ৰাণত অষ্ট্ৰেলিয়াৰ মিছেল মাৰ্চৰ উইকেট যশপ্ৰীত বুমৰাহে দখল কৰাৰ পাছত দলটো বিপদত পৰিছিল যদিও ডেভিড ৱাৰ্নাৰ আৰু ষ্টিভ স্মিথে দ্বিতীয় উইকেটৰ যুটীত এক শক্তিশালীস্থিতি গ্ৰহণ কৰিছিল। ভাৰতক এই দুই ক্ৰিকেটাৰ ভিতৰত এজনৰ উইকেট অতি প্ৰয়োজন হৈ পৰিছিল।

সেয়েহে ৰোহিত শৰ্মাই বল তুলি দিছিল কুলদীপ যাদৱৰ হাতত। কুলীদপ যাদৱে ব্যক্তিগত ৪১ ৰাণ কৰি থকা সময়ত ডেভিড ৱাৰ্নাৰক পেভিলয়নৰ বাট দেখুৱাই। উল্লেখ্য চলিত বছৰত এদিনীয়া ফৰ্মেটত সকলোতকৈ বেছি উইকেট দখল কৰিছে কুলদীপে। আজিৰ মেচখনৰ ৱাৰ্নাৰৰ উইকেটৰ সৈতে তেওঁৰ মুঠ উইকেট ৩৪ লৈ বৃদ্ধি পাইছে।

ভাৰতৰ মূল একাদশ: ৰোহিত শৰ্মা (অধিনায়ক), ঈশান কিষাণ, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেট কীপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ।

অষ্ট্ৰেলিয়াৰ মূল একাদশঃ ডেভিদ ৱাৰ্ণাৰ, মিচেল মাৰ্ছ, ষ্টিভ স্মিথ, মাৰ্নাছ লাবুচাগনে, গ্লেন মেক্সৱেল, এলেক্স কেৰী (উিকেট কীপাৰ), কেমেৰুন গ্ৰীণ, পেট কামিন্স (অধিনায়ক), মিচেল ষ্টাৰ্ক, এডাম জাম্পা, জছ হেজলউড।

Also Read: ভাৰত বনাম অষ্ট্ৰেলিয়াঃ পেট কামিন্সৰ সিদ্ধান্তই সহায় কৰিব ভাৰতক !

ক্ৰিকেট এদিনীয়া বিশ্বকাপ ক্ৰিকেট