/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/0144d600-1edc-4157-9655-aa2c107cf396/world_cup__ind_08.jpg)
অপ্ৰতিৰোধ্য 'কিং কোহলি' আৰু 'ক্লাছিক ৰাহুল': অষ্ট্ৰেলিয়াৰ মুখৰ পৰা কাঢ়ি আনিলে মেচ....
ডিজিটেল ডেস্কঃ জয়েৰে আই চি চি ক্ৰিকেট বিশ্বকাপ-২০২৩ৰ যাত্ৰা আৰম্ভ কৰিলে ভাৰতে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চেন্নাইৰ এম চিন্নাস্বামী ষ্টেডিয়ামত খেলা মেচখনত অষ্ট্ৰেলিয়াই নিৰ্ধাৰণ কৰি দিয়া ২০০ ৰাণৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ প্ৰথম অৱস্থাত ভাৰতীয় দলটো চূড়ান্ত বিপৰ্যয়ৰ সন্মুখীন হৈছিল।
দলীয় স্ক'ৰ মাত্ৰ ২ ৰাণ হওঁতেই ভাৰতে হেৰুৱাই অধিনায়ক ৰোহিত শৰ্মা, ঈশান কিষাণ আৰু শ্ৰেয়াস আয়াৰৰ উইকেট। ভাৰতৰ এই অৱস্থাৰ মূলতে আছিল জছ হেজলউড আৰু মিচেল ষ্টাৰ্কৰ বিধ্বংসী বলিং।
End of a magnificent knock from Virat Kohli, who departs for 85 👏👏#TeamIndia 168/4, with 32 more runs to win.
Follow the Match ▶️ https://t.co/ToKaGif9ri#CWC23 | #INDvAUS | #MeninBluepic.twitter.com/YL4J8DrI6Y— BCCI (@BCCI) October 8, 2023
ভাৰতৰ এনে বিপৰ্যয়ৰ মাজতে ২ ৰাণ কৰি অসহায় হৈ ৰয় বিৰাট কোহলি। পঞ্চম উইকেটত বিৰাট কোহলিক সংগ দিবলৈ ক্ৰিজলৈ আহে কে এল ৰাহুল। এই দুয়োজনে যুটি বান্ধি ভাৰতীয় দলটোক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰি বিজয়ৰ দিশে আগুৱাই নিয়ে।
দুয়োগৰাকী বেটছমেনৰ অতি ধৈৰ্যৰে দায়িত্বশীল বেটিং কৰি ধীৰে ধীৰে ইনিংছ গঢ়িবলৈ আৰম্ভ কৰে আৰু সময় বাগৰাৰ লগে লগে অষ্ট্ৰেলিয়াৰ হাতৰ পৰা মেচখন কাঢ়ি আনিবলৈ সক্ষম হয়।
দলৰ বিপৰ্যয়ৰ সময়ত খেল পথাৰত অপ্ৰতিৰোধ্য হৈ পৰা বিৰাট কোহলিৰ বেটৰ পৰা আহে ১১৬ বলত ৮৫ ৰাণ। আনহাতে কে এল ৰাহুলৰ বেটৰ পৰা আহে ৯৭ ৰাণ। তেওঁ মুঠ ১১৪ টা বলত এই ৰাণ কৰিবলৈ সক্ষম হয়। ষষ্ঠ স্থানত বেটিং কৰিবলৈ আহি হাৰ্দিক পাণ্ডিয়াই যোগ দিয়ে ১১ ৰাণ।
KL Rahul finishes off the chase with a MAXIMUM! 😎
He remains unbeaten on 97* & #TeamIndia start #CWC23 with a superb win against Australia 🙌
Scorecard ▶️ https://t.co/ToKaGif9ri#CWC23 | #INDvAUS | #TeamIndia | #MeninBluepic.twitter.com/rZRXGei1QN— BCCI (@BCCI) October 8, 2023
উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত হোৱা এই মেচখনত প্ৰথমে বেটিং কৰিবলৈ আহি অষ্ট্ৰেলিয়ান দলটোও বিপদত পৰে। ভাৰতীয় বলাৰসকলৰ দায়িত্বশীল বলিঙৰ সন্মুখত বেছি সময় তিস্তি থাকিব নোৱাৰিলে অষ্ট্ৰেলিয়ান দলটোৰো বেটছমেনসকল।
দলটোৰ স্ক'ৰ ৫ ৰাণতে যশপ্ৰীত বুমৰাহে দখল কৰে মিছেল মাৰ্চৰ উইকেট। ইয়াৰ পাছত ডেভিড ৱাৰ্নাৰ আৰু ষ্টিভ স্মিথে দলৰ ইনিংছ চম্ভালে যদিও ৪১ ৰাণত কুলদীপ যাদৱৰ চিকাৰ হয় ডেভিড ৱাৰ্নাৰ। ইয়াৰ পাছত ৰবীন্দ্ৰ জাডেজাৰ চিকাৰ হয় ষ্টিভ স্মিথ।
স্মিথে ৭১ টা বলত সংগ্ৰহ কৰে ৪৬ ৰাণ। দলটোৰ হৈ পৰৱৰ্তী সময়ত মাৰ্নাছ লাবুচাগনে ৪১ বলত ২৭ ৰাণ, মেক্সৱেলে ২৫ বলত ১৫ ৰাণ, পেট কামিন্সে ২৪ বলত ১৫ ৰাণ, ষ্টাৰ্কে ৩৫ বলত ২৮ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাডেজাই ৩ টা, কুলদীপ যাদৱ আৰু যশপ্ৰীত বুমৰাহে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে ৰবিচন্দ্ৰন আশ্বিন, হাৰ্দিক পাণ্ডিয়া আৰু মহম্মদ ছিৰাজে এটাকৈ উইকেট দখল কৰে।
ইফালে আজিৰ মেচখনত ৰোহিত, ঈশান কিষাণ আৰু শ্ৰেয়াস আয়াৰৰ এনে প্ৰদৰ্শনক লৈ অসন্তুষ্ট হৈ পৰিছে বহু প্ৰাক্তন ক্ৰিকেটাৰৰ লগতে অনুৰাগী। ২০১১ ৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য তথা সেইবাৰৰ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ যুৱৰাজ সিঙে মেচ চলি থকাৰ সময়তে তেওঁৰ অসন্তুষ্টি ব্যক্ত কৰিছে।
অৱশ্যে তেওঁ এই তিনিওজন খেলুৱৈক সমালোচনা কৰা নাই। তেওঁ কেৱৰ শ্ৰেয়াস আয়াৰৰ পৰা ৪ নং স্থানত দায়িত্বশীল বেটিং আশা কৰিছে। ইয়াৰোপৰি তেওঁ কে এল ৰাহুলে ৪নং স্থানত কিয় খেলিবলৈ অহা নাই সেই লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে।
No 4 batsman has to absorb the pressure !! Need better thinking from @ShreyasIyer15 when team is trying to rebuild their innings ! Still don’t understand why @klrahul is not batting at no 4 ! After scoring a 100 against Pakistan ! Dropping @imVkohli might cost australia big time…
— Yuvraj Singh (@YUVSTRONG12) October 8, 2023
ভাৰতৰ মূল একাদশ: ৰোহিত শৰ্মা (অধিনায়ক), ঈশান কিষাণ, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেট কীপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ।
অষ্ট্ৰেলিয়াৰ মূল একাদশঃ ডেভিদ ৱাৰ্ণাৰ, মিচেল মাৰ্ছ, ষ্টিভ স্মিথ, মাৰ্নাছ লাবুচাগনে, গ্লেন মেক্সৱেল, এলেক্স কেৰী (উিকেট কীপাৰ), কেমেৰুন গ্ৰীণ, পেট কামিন্স (অধিনায়ক), মিচেল ষ্টাৰ্ক, এডাম জাম্পা, জছ হেজলউড।
Keep Calm and Believe in this duo 🛐
VIRAT KOHLI - KL RAHUL 💥💥#INDvAUSpic.twitter.com/Z1GA63S4PF— Utsav 💔 (@utsav__45) October 8, 2023
Shot of the emperor from Virat Kohli against the Mitchell Starc 🔥🥵 #INDvsAUS#INDvAUS#ViratKohli𓃵#KLRahul#Starc#cwc23tickets#CWC23#IsraelPalestineWar
pic.twitter.com/YcxYBTrrB5— Siddharath (@Siddharath900) October 8, 2023
Also Read: ২ ৰাণত ৩ টা উইকেটঃ শ্ৰেয়াস আয়াৰৰ ভূমিকাত অসন্তুষ্ট যুৱৰাজ....