ভাৰত বনাম অষ্ট্ৰেলিয়াঃ পেট কামিন্সৰ সিদ্ধান্তই সহায় কৰিব ভাৰতক !

ভাৰত বনাম অষ্ট্ৰেলিয়াঃ পেট কামিন্সৰ সিদ্ধান্তই সহায় কৰিব ভাৰতক !

author-image
Asomiya Pratidin
New Update
এম চিন্নাস্বামীত কুলদীপৰ যাদু...

ভাৰত বনাম অষ্ট্ৰেলিয়াঃ পেট কামিন্সৰ সিদ্ধান্তই সহায় কৰিব ভাৰতক !

ডিজিটেল ডেস্কঃ এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ আজি পঞ্চমখন মেচত ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখী হৈছে। অষ্ট্ৰেলিয়ান অধিনায়ক পেট কামিন্সে টছত জয় লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Advertisment

পেট কামিন্সৰ এই সিদ্ধান্তই ভাৰতীয় দলটোক সহায় কৰিব বুলি ধাৰণা কৰা হৈছে। কিয়নো চেন্নাইৰ এম চিন্নাস্বামী ষ্টেডিয়ামত সময় বাগৰাৰ লগে লগে পিটছ শ্ল' হৈ পৰে।

টছৰ পাছত ৰোহিত শৰ্মাই কয়, এই সিদ্ধান্ত বলাৰসকলৰ বাবে সুবিধাজনক হৈ পৰিব। খেল আগবাঢ়ি যোৱাৰ লগে লগে উইকেট আহিব। ৰোহিত শৰ্মাৰ এই মন্তব্যই সত্য প্ৰমাণিত হৈছে। মেচৰ প্ৰায় আৰম্ভণিতে যশপ্ৰীত বুমৰাহে লাভ কৰিলে মিচেল মাৰ্ছৰ উইকেট।

আজিৰ মেচখনত ভাৰতীয় অপেনাৰ শুভমণ গিলে খেলা নাই। ডেংগুত আক্ৰান্ত গিলৰ পৰিৱৰ্তে ৰোহিত শৰ্মাৰ সৈতে ঈশান কিষাণে ইনিংছ মুকলি কৰিব। আনহাতে অষ্ট্ৰেলিয়া দলটোৰ মূল একাদশৰ পৰা মাৰ্কাছ ষ্টনিছো বাদ পৰিছে । আঘাতৰ বাবে তেওঁ দলৰ পৰা বাহিৰত আছ।

ভাৰতৰ মূল একাদশ: ৰোহিত শৰ্মা (অধিনায়ক), ঈশান কিষাণ, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেট কীপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ।

অষ্ট্ৰেলিয়াৰ মূল একাদশঃ ডেভিদ ৱাৰ্ণাৰ, মিচেল মাৰ্ছ, ষ্টিভ স্মিথ, মাৰ্নাছ লাবুচাগনে, গ্লেন মেক্সৱেল, এলেক্স কেৰী (উিকেট কীপাৰ), কেমেৰুন গ্ৰীণ, পেট কামিন্স (অধিনায়ক), মিচেল ষ্টাৰ্ক, এডাম জাম্পা, জছ হেজলউড।

Also Read: আঙুলিত আঘাত পাইছিল হাৰ্দিক পাণ্ডিয়াইঃ খেলিবনে আজিৰ খেল?

ক্ৰিকেট এদিনীয়া বিশ্বকাপ ক্ৰিকেট