/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/0a0a8a10-883f-4598-a8c5-08e6ef71ee6e/AP_FOR_WEB_Hardik.jpg)
ডিজিটেল ডেস্কঃ এদিনীয়া ক্ৰিকেট বিশ্বকাপত আজিৰ পৰা ভাৰতে আৰম্ভ কৰিব অভিযান। ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে ৮ অক্টোবৰত চেন্নাইৰ এমএ চিদম্বৰম ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই অভিযান আৰম্ভ কৰিব। দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হ'ব এই খেল।
ডেংগুত আক্ৰান্ত হোৱা শুভমিন গিলে বিশ্বকাপৰ খেলত অংশ লব নে নাই সেয়া এতিয়াও নিশ্চিত নহয়। ইয়াৰ মাজতে খবৰ আহিছে যে আঘাতপ্ৰাপ্ত হৈছে অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া।
নেটত বেটিং কৰি থকা অৱস্থাত টীম ইণ্ডিয়াৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।
হাৰ্দিক পাণ্ডিয়া ভাৰতীয় ক্ৰিকেট দলৰ উপ-অধিনায়কও। তথ্য অনুসৰি , ৫ অক্টোবৰত অনুশীলনৰ সময়ত হাৰ্দিক পাণ্ডিয়া আঘাতপ্ৰাপ্ত হৈছিল। দলটোৰ অনুশীলনৰ সময়ত আঙুলিত আঘাত পাইছিল পাণ্ডিয়াই। অৱশ্যে হাৰ্দিকৰ আঘাত গুৰুতৰ নহয় আৰু তেওঁ ৮ অক্টোবৰত খেলখনত অংশ গ্ৰহণ কৰিব।
উল্লেখ্য যে, বিশ্বকাপৰ বাবে ভাৰতীয় ক্ৰিকেট দলটোত আছে- ৰোহিত শৰ্মা (অধিনায়ক), ঈশান কিষাণ, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, মহম্মদ ছামী, সূৰ্যকুমাৰ যাদৱ, শুভমান গিল, শাৰ্দুল ঠাকুৰ।
Also Read: ICC বিশ্বকাপঃআজি ভাৰত-অষ্ট্ৰেলিয়াৰ মহাৰণ