শুভমণ গিল অসুস্থঃ জয়ছোৱাল অথবা ঋতুৰাজ আহিব পাৰে ভাৰতীয় দললৈ !

শুভমণ গিল অসুস্থঃ জয়ছোৱাল অথবা ঋতুৰাজ আহিব পাৰে ভাৰতীয় দললৈ !
শুভমণ গিল অসুস্থঃ জয়ছোৱাল অথবা ঋতুৰাজ আহিব পাৰে ভাৰতীয় দললৈ !

ডিজিটেল ডেস্কঃ বিশ্বকাপৰ প্ৰথমখন মেচ খেলিবলৈ তেওঁ সক্ষম নহ'ল। দ্বিতীয় মেচো খেলিব নোৱাৰিব। অনিশ্চিত তৃতীয় মেচ। এনে অৱস্থাত শুভমণ গিলক বিশ্বকাপৰ দলত ৰাখিব নে নাই?  নে তেওঁক দলৰ পৰা সম্পূৰ্ণ বাদ দিয়া হ'ব? তেওঁৰ স্থানত আন কোনোবা ক্ৰিকেটাৰক দললৈ আমন্ত্ৰণ জনাব নেকি? এই সন্দৰ্ভত আলোচনাত বহিব ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচক।

বুধবাৰে দিল্লীত ভাৰত-আফগানিস্তানৰ মেচৰ মাজতেই এই সন্দৰ্ভত আলোচনা হ'ব পাৰে বুলি জানিব পৰা গৈছে। শুভমণ গিলে প্ৰথম মেচত খেলিব পৰা নাছিল। দ্বিতীয় মেচখনো তেওঁ খেলিব নোৱাৰিব বুলি স্পষ্ট কৰিছে।

সেয়েহে তেওঁৰ স্থানত যশস্বী জয়ছোৱাল বা ঋতুৰাজ গায়কোৱাডক সাজু হৈ থাকিবলৈ ইংগিত দিয়া হৈছে। ডেংগুত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হৈ থকা শুভমণক সুস্থ হ'বলৈ যদিহে অধিক সময়ৰ প্ৰয়োজন হয় তেন্তে তেওঁৰ স্থানত জয়ছোৱাল অথবা গাইকোৱাডক স্থান দিয়া হ'ব পাৰে।

অৱশ্যে ৰোহিত শৰ্মাই শুভমণ গিলৰ সুস্থতালৈ অপেক্ষাও কৰিব পাৰে। অধিনায়ক ৰোহিতৰ প্ৰথম পচন্দ শুভমণ গিল। জীৱনৰ প্ৰথমখন এদিনীয়া বিশ্বকাপত খেলাৰ সুযোগ লাভ কৰিছিল শুভমণ গিলে।

দুৰ্দান্ত ফ্ৰমত থকা গিল আছিল ভাৰতীয় দলটোৰ অন্যতম শক্তি। কিন্তু প্ৰথম মেচৰ আগতেই চেন্নাইত ডেংগুত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হ'বলগীয়া হ'ল প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰগৰাকী। অৱশ্যে মঙ্গলবাৰে তেওঁক হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে।

ইফালে বুধবাৰে দিল্লীত মেচ থকাৰ বাবে চেন্নাইৰ পৰা সোমবাৰে ভাৰতীয় দলটো দিল্লীলৈ ৰাওনা হয়। এই দলটোৰ সৈতে গিলে যাত্ৰা কৰা নাই। তেওঁক চিকিৎসকৰ তত্বাৱধানত চেন্নাইতে আছে।

শুভমণৰ অনুপস্থিতিত দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৰোহিত শৰ্মাৰ সৈতে অপেনিং কৰিছিল ঈশান কিষাণে। কিন্তু প্ৰথম বলতেই পেভিলিয়নলৈ ঘূৰি আহিবলৈ বাধ্য হয় কিষাণ। ঈশানৰ আউটৰ পাছতে ৰোহিত শৰ্মা আৰু চতুৰ্থ স্থানত বেট ধৰিবলৈ অহা শ্ৰেয়াস আয়াৰো শূন্যতে আউট হয়।

ফলত বিপদত পৰে ভাৰতীয় দলটো। সেয়েহে ৰোহিত শৰ্মাৰ সৈতে কোনে অপেনিং কৰিব তাক লৈ চিন্তিত ভাৰতীয় মেনেজমেণ্ট। গিলৰ বিকল্প হিচাপে ঈশান কিষাণ আছিল যদিও তেওঁ প্ৰথম মেচখনতেই যিদৰে ব্যৰ্থ হ'ল তাৰ প্ৰতি লক্ষ্য ৰাখি ঈশানক পুনৰ সেই স্থানত বেটিং কৰিবলৈ দিয়াক লৈ চিন্তিত মেনেজমেণ্ট।

অৱশ্যে এখন মেচত ব্যৰ্থ হোৱা মানেই সকলো মেচতেই যে ব্যৰ্থ হ'ব তেনে কথাও নাই। ঈশান কিষাণৰ প্ৰথম পচন্দই হৈছে অপেনিং। ইশান কিষাণৰ পৰিৱৰ্তে কে এল ৰাহুলকো ৰোহিত শৰ্মাৰ সৈতে অপেনিং কৰিবলৈ পঠিওৱাৰ কথা মেনেজমেণ্টে চিন্তা কৰিবলৈও কে এল ৰাহুলক মিডল অৰ্ডাৰত প্ৰয়োজন আছে।

সেয়েহে সোনকালে সুস্থ হৈ ঘূৰি নাহিলে গিলক বিশ্বকাপ দলৰ পৰা বাদ দি জয়ছোৱাল বা ঋতুৰাজ গায়কোৱাডক আমন্ত্ৰণ জনালেও আচৰিত হ'বলগীয়া একো নাথাকিব। ইতিমধ্যে এই সন্দৰ্ভত চৰ্চা আৰম্ভ হৈছে।

শুভমণ গিল অসুস্থঃ জয়ছোৱাল অথবা ঋতুৰাজ আহিব পাৰে ভাৰতীয় দললৈ !
এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ মেচত এটা বলত আহিল ১৩ ৰাণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in