/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/a44ddfe4-59f9-4ddb-8cea-e7709aa91c3c/5e0ebe6c_untitled_design_15.webp)
ব্লেকত বিক্ৰী হৈছে ভাৰত-ইংলেণ্ডৰ মেচৰ টিকত ! ষ্টেডিয়ামৰ বাহিৰত অনুৰাগীৰ ক্ষোভ...
ডিজিটেল ডেস্কঃ পুনৰ এবাৰ বিমুখ হোৱাৰ দিশে ক্ৰিকেট অনুৰাগী। ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ মেচৰ বাবে টিকট বিচাৰি ঘণ্টাৰ পাছত ঘণ্টা শাৰি পাতি থিয় হৈয়ো টিকট লাভ নকৰিলে অনুৰাগীয়ে।
যাৰ বাবে এতিয়া ব্যাপক প্ৰতিক্ৰিয়া আৰু বিতৰ্কৰ সূত্ৰপাত হৈছে। উল্লেখ্য যে, অহা ২৯ অক্টোবৰত লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একনা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ মাজৰ মেচখন।
মেচখনৰ টিকট সংগ্ৰহৰ বাবে ষ্টেডিয়ামৰ বাহিৰত দীঘলীয়া শাৰিত থিয় হৈ টিকটৰ পৰা বঞ্চিত হোৱা অনুৰাগীয়ে উল্লেখ কৰা অনুসৰি মেচৰ সকলো টিকট অনলাইন বুক হোৱাৰ লগতে অফলাইন টিকট নাই বুলি উত্তৰ প্ৰদেশ ক্ৰিকেট সন্থাৰ পৰা জনাইছে। তেওঁলোকে লগতে অভিযোগ কৰিছে যে, একাংশ লোকে অনলাইন টিকট বুক কৰি অফলাইন মাধ্যমত অধিক দামত সেই টিকত বিক্ৰী কৰাৰ বাবে চেষ্টা চলাইছে। সাধাৰণ অনুৰাগীৰ বাবে সেই ধন আদায় দি টিকত সংগ্ৰহ কৰাটো সম্ভৱ নহয়।
উল্লেখ্য যে, এই ইতিমধ্যে ৫ খন মেচ খেলি ভাৰত পইণ্ট টেবুলৰ শীৰ্ষত আছে। আনহাতে ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডে চাৰিখন মেচৰ ৩ খনতে পৰাস্ত হৈ মাত্ৰ ২ পইণ্টেৰে পইণ্ট টেবুলৰ আটাইতকৈ তলত আছে।
Also Read: একনাথ সিন্দেৰ দশেৰা অনুষ্ঠানৰ পৰা ঘূৰি অহাৰ পথতে বাছ দুৰ্ঘটনা...