একনাথ সিন্দেৰ দশেৰা অনুষ্ঠানৰ পৰা ঘূৰি অহাৰ পথতে বাছ দুৰ্ঘটনা...

একনাথ সিন্দেৰ দশেৰা অনুষ্ঠানৰ পৰা ঘূৰি অহাৰ পথতে বাছ দুৰ্ঘটনা...
একনাথ সিন্দেৰ দশেৰা অনুষ্ঠানৰ পৰা ঘূৰি অহাৰ পথতে বাছ দুৰ্ঘটনা...

ডিজিটেল ডেস্কঃ দশেৰাৰ অনুষ্ঠানৰ পৰা মানুহ কঢ়িয়াই অনা এখন বাছ দুৰ্ঘটনাত পতিত হোৱাত কেইবাজনো লোক আহত হৈছে। মঙ্গলবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে মুম্বাইত অনুষ্ঠিত কৰা দশেৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কাষৰীয় বিভিন্ন অঞ্চলৰ পৰা মানুহৰ সমাগম হৈছিল।

এই অনুষ্ঠানত অংশ লোৱা লোকসকলৰ একাংশক নিশা স্বগৃহলৈ লৈ অনাৰ সময়তে এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হয়। মুম্বাইৰ কাষৰ থানেত সংঘটিত হোৱা এই দুৰ্ঘটনাত ১০ জনকৈ লোক আহত হৈছে।

মুম্বাই-নাছিক ঘাইপথৰ এখন দলঙৰ কাষত নিশা ১২-৩০ বজাত সংঘটিত হৈছে এই দুৰ্ঘটনা। জানিব পৰা মতে এখন ট্ৰাকে যাত্ৰীবাহী বাছখনৰ পাছফালে খুন্দা মাৰে। ফলত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ডিভাইডাৰত খুন্দা মাৰে।

ইফালে ট্ৰাকখনতো আন এখন বাছে পাছফালৰ পৰা আহি খুন্দা মাৰে। দশেৰাৰ পৰা যাত্ৰী কঢ়িয়াই অনা বাছখনত আছিল মুঠ ২০ জন লোক।  

একনাথ সিন্দেৰ দশেৰা অনুষ্ঠানৰ পৰা ঘূৰি অহাৰ পথতে বাছ দুৰ্ঘটনা...
পেলেষ্টাইনলৈ ভাৰতৰ সাহায্যঃ AISJU ৰ সভাপতিৰ ধন্যবাদ....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in