/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/be8f54dd-cdae-4ee0-b5dd-3b68f39afa13/hot_weather.jpg)
ডিজিটেল ডেস্ক : দেশত আগমন ঘটিছে গ্ৰীষ্মকালৰ । গ্ৰীষ্মকালৰ আগমনৰ লগে লগে সমগ্ৰ দেশতে প্ৰকোপ গৰমে ছানি ধৰিছে। দেশৰ এখনৰ পাছত সিখন ৰাজ্যৰ জনসাধাৰণ গৰমৰ কোবত অতিষ্ঠ হোৱাৰ সমান্তৰাল ভাৱে কোনো কোনো ৰাজ্যত মৃত্যুক সাৱতি লৈছে কেইবাজনে। আনহাতে উত্তৰ প্ৰদেশ, দিল্লী, পশ্মিম বংগত দেশৰ ভিতৰতে আটাইতকৈ বেছি গৰম পৰাৰ বাবে কিছু চৰকাৰী নিৰ্দেশনা জাৰি কৰাৰো পৰিলক্ষিত হৈছে।
এই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সাধাৰণ কিছুমান নিয়ম অৱলম্বন কৰিব পাৰো। গৰমে দহাৰ পৰা তথা গৰমৰ বাবে হ’ব পৰা অসুস্থতা পৰা বাছি থাকিবলৈ আমি ঘৰুৱা ভাৱে সতৰ্কতা অৱলম্বন কৰা উচিত। সাধাৰণ ভাৱে কিছু সতৰ্কতা অৱলম্বন কৰি থাকিলে আপুনি সু-স্বাস্থ্যৰে থকাৰ লগতে ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিব।
গৰমত আমি পৰাপক্ষত পাতল, বহল তথা পাতল ৰঙৰ কাপোৰ পিন্ধিব লাগে। এনে কাপোৰে আপোনাৰ দেহ শীতল কৰি ৰাখে। আনহতে গৰমৰ পৰা হ’ব পৰা ডিহাইড্ৰেচনৰ বাবে আমি ৮ ৰ পৰা ১০ গিলাচ পৰ্যন্ত পানী খোৱাতো জৰুৰী। পানীয়ে আমাৰ দেহৰ ডিহাইড্ৰেচনৰ নাইকিয়া কৰে। লগতে এনেহেন গৰমত পাৰিলে নিচাযুক্ত দ্ৰৱৰ পৰা বিৰত থকা উচিত। নিচা সেৱন কৰাৰ পাছত ডিহাইড্ৰেচনৰ হোৱাৰ সম্ভাৱনা বেছি; যাৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটে।
Also Read: অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক-সংগঠনিক সম্পাদকক দায়িত্ব অৰ্পণ