Advertisment

অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক-সংগঠনিক সম্পাদকক দায়িত্ব অৰ্পণ

অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গৌতমানন্দ গোস্বামীক আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পণ কৰে

author-image
Asomiya Pratidin
New Update
অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক-সংগঠনিক সম্পাদকক দায়িত্ব অৰ্পণ

ডিজিটেল সংবাদ,‌মঙলদৈ : অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ বাবে আজি এটা স্মৰণীয় দিন। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মা নেতৃত্বত অসম সাহিত্য সভাৰ এটি প্ৰতিনিধি দলে মঙলদৈ আঞ্চলিক কাৰ্যালয়লৈ আহি সম্পাদক সৎৰাম ডেকা আৰু অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গৌতমানন্দ গোস্বামীক আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পণ কৰে।

Advertisment

দায়িত্ব অৰ্পণ কাৰ্যসূচীত অসম সাহিত্য সভাৰ ধন ভড়ালী মিহিৰ বৰুৱা, প্ৰকাশন আহ্বায়ক গোবিন্দ কলিতা, জনগোষ্ঠী ইতিহাস প্ৰকল্প আহ্বায়ক ডা০ বিপিন কলিতা প্ৰমুখ্যে শোণিতপুৰ জিলা সাহিত্য সভাৰ সম্পাদক দুলাল নাথ, সহকাৰী সম্পাদক কামিনী বৰুৱা, ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি গৌৰীশংকৰ দাস, উপ-সভাপতি ভদ্ৰকান্ত শৰ্মা, সম্পাদক নিৰ্মল চন্দ্ৰ নাথ, কাৰ্যনিৰ্বাহক সদস্য ডঃ পবিত্ৰ শৰ্মা, আৰু বহু কেইগৰাকী বিষয়ববীয়াই দৰং জিলা সাহিত্য সভাৰ মজিয়াত পদাৰ্পন কৰি জিলা খনৰ সাংগঠনিক কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে যাবতীয় দিহা পৰামৰ্শ আগবঢ়ায় ।

দৰং জিলা সাহিত্য সভা তৰফৰ পৰা আটাইকেইগৰাকী সন্মানীয় অতিথিকে একোখনকৈ বিহুৱানেৰে সাদৰ সম্ভাষণ জনায় । অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই কয় যে এতিয়াৰে পৰা সাহিত্য সভাই বিদ্যায়তনিক দিশত বিশেষভাৱে শিক্ষাৰ্থীসকলৰ ভাষাৰ উন্নতিৰ লক্ষ্যৰে কাম কাজ আগবঢ়ায় নিব।

অনুষ্ঠানত দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথ, উপ-সভাপতি ধীৰেন্দ্ৰ কুমাৰ শৰ্মা, সম্পাদক বসন্ত শইকীয়া,সহ সম্পাদক প্ৰবীণ বৰুৱা,কোষাধক্ষ্য হৰি শৰ্মা, প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি বৰদা শইকীয়া ,সাংগঠনিক সম্পাদক পুতুল শইকীয়া, বাৰ্তাৰ আহ্বায়ক তথা অসম বাৰ্টাজীবী সংঘৰ সম্পাদক মুকুট ৰাজ শৰ্মা ,খৰিকাজাই শাখা সাহিত্য সভাৰ সম্পাদক তথা মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন চন্দ্ৰ বৰুৱা আদি ব্যক্তি উপস্থিত থাকে।

Also Read: কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত সন্দৰ্ভত ভুৱা বাতৰি বিয়পাইছিল নিজ দলৰেই নেতা কমলাক্ষ পুৰকায়স্থই

assam sahitya sabha