হোৱাটছএপত কি দৰে দিব পাৰি ভইছ ষ্টেটাছ...

বৰ্তমান সময়ত হোৱাটছএপত ব্যৱহাৰ আমাৰ দৈনন্দিন কৰ্ম লৈ পৰিণত হৈছে।

author-image
Asomiya Pratidin
New Update
হোৱাটছএপত কি দৰে দিব পাৰি ভইছ ষ্টেটাছ...

ডিজিটেল ডেস্ক: বৰ্তমান সময়ত হোৱাটছএপত ব্যৱহাৰ আমাৰ দৈনন্দিন কৰ্ম লৈ পৰিণত হৈছে। যান্ত্রিক তথা প্ৰযুক্তি বিদ্যাৰ যোগত বহুতৰে দিনটো আৰম্ভ হয় হোৱাটছএপত মেচেজৰ জৰিয়তে। কোনো লোকক যদি আপুনি তেওঁৰ ভাললগা মেচেজিং এপ কি হয় বুলি প্ৰশ্ন কৰে, তেনে তেওঁ পোনপটীয়াকৈ হোৱাটছএপৰ নামেই ক'ব।

Advertisment

আৰম্ভণিৰে পৰা হোৱাটছএপে সাধাৰণ মানুহৰ মাজত অতি জনপ্ৰিয় মেছেজিং এপ হিচাপে পৰিণত হৈ আহিছে। হোৱাটছএপয়ে সময়ে সময়ে কিছু আপডেট অৰ্থাৎ ব্যৱহাৰিক দিশৰ সালসলনি কৰে। যাৰ বাবে অধিক জনপ্ৰিয় ছ’চিয়েল মিডিয়া এপ লৈ পৰিণত হৈছে এপটো ।

আৰু এই হোৱাটছএপত আমি সকলোৱে ফটো বা ভিডিঅ’ ষ্টেটাছ দিওঁ। কিন্তু আপুনি জানেনে হোৱাটছএপে এইবাৰ লৈ আহিছে ভইছ্ অৰ্থাৎ কন্ঠ ষ্টেটাছ দিব পৰা ব্যৱস্থা। হোৱাটছএপ আপডেটৰ জৰিয়তে এতিয়া আপুনি দিব পাৰিব ভইছ ষ্টেটাছ।

হয়, এতিয়াৰে পৰা আপুনি হোৱাটএপত দিব পাৰিৰ ভইছ ষ্টেটাছ। হোৱাটএপত ভইছ ষ্টেটাছ দিবলৈ হোৱাটএপ আপডেট কৰি চেটিংছ মিলাব লাগিব। যাৰ বাবে কিছু নিয়মো নিৰ্ধাৰণ কৰি দিছে কৰ্তৃপক্ষই।

ইয়াৰ বাবে প্ৰথমে আপুনি আপোনাৰ লগ ইন হোৱাটএপ খুলি ষ্টেটাছ আপডেট ছেকচনলৈ যাব লাগিব। তাৰ পাছত ইয়াৰ চেটিংছলৈ গৈ এডিত কৰিব । পেঞ্চিলৰ দৰে থকা ছিনলৈ গৈ আপুনি মাইক্ৰ’ফোনৰ আইকন দেখা পাব। ইয়াৰ জৰিয়তে অডিঅ’ ৰেকৰ্ড কৰি লং টেপ কৰাৰ পাছত ষ্টেটাছ ছেট কৰিব পাৰিব।

Also Read: এইবাৰ পাল ASTC অৰ্থাৎ অসম ৰাজ্যিক পৰিবহণ নিগমৰ...