এইবাৰ পাল ASTC অৰ্থাৎ অসম ৰাজ্যিক পৰিবহণ নিগমৰ...

এক চৰম দূৰৱস্থাত ভুগিছে অসম ৰাজ্যিক পৰিবহণ নিগম। এইবাৰ যেন অসম ৰাজ্যিক পৰিবহণ নিগম পাল।

author-image
Asomiya Pratidin
New Update
এইবাৰ পাল ASTC অৰ্থাৎ অসম ৰাজ্যিক পৰিবহণ নিগমৰ...

ডিজিটেল ডেস্ক: সময়ে সময়ে ৰাজ্যখনৰ চৰকাৰী সম্পদৰ দূৰৱস্থাৰ কথা প্ৰকাশ পাইয়েই থাকে। যাৰ পৰিপ্ৰেক্ষিতত বহু সময়ত ৰাজ্যবাসীয়ে চৰকাৰী সম্পদৰ বেচৰকাৰীকৰণ অথবা ব্যক্তিগত খণ্ডক গতাই দিয়াৰ বাতৰিও লাভ কৰে। চৰকাৰেও সম্পদবোৰৰ উচিত মূল্য নোপোৱাৰ পৰিপ্ৰেক্ষিতত ব্যক্তিগত খণ্ডক গতাই দিবৰ যেন বাধ্য হয়।

Advertisment

তেনে এক চৰম দূৰৱস্থাত ভুগিছে অসম ৰাজ্যিক পৰিবহণ নিগম। এইবাৰ যেন অসম ৰাজ্যিক পৰিবহণ নিগম পাল। এই অসম ৰাজ্যিক পৰিবহণ নিগমত বাজিছে মৃত্যু ঘণ্টা। নিগমৰ দূৰৱস্থাৰ কথা পোহৰলৈ আহিল অসম বিধান সভা বাজেট অধিৱেশনত। খোদ শাসকীয় মন্ত্ৰীয়ে উদঙালে বিভাগীয় মন্ত্ৰীৰ দূৰৱস্থাৰ কথা। বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়েও যেন বিনা দ্বিগ্ধাই অকপতে স্বীকাৰ কৰিলে বিভাগটোৰ এই দূৰৱস্থা।

দুৰ্বল ব্যৱস্থাপনাৰ বাবে আয়তকৈ ব্যয় বাঢ়িছে অসম ৰাজ্যিক পৰিবহণ নিগমত। বছৰেকত কমেও ১০০ কোটিৰ লোকচানত চলিছে অসম ৰাজ্যিক পৰিবহণ নিগম। বৰ্তমান সময়ত পৰিবহণ নিগমৰ নিজা বাছৰ সংখ্যা ৯৩৬ খন। ইয়াৰে ৬১৫ খন বাছ বৰ্তমান চলাচল অৱস্থাত থকাৰ বিপৰীতে ৩২১ খন বাছ অচলাৱস্থাত আছে। অচল হৈ থকা বাছ সমূহ পৰি ৰৈছে বিভাগটোৰ বিভিন্ন বাছ আস্থানত।

বিভাগটোৰ স্থায়ী বিষয়া কৰ্মচাৰীৰ সংখ্যা ৯১৪ গৰাকীৰ বিপৰীতে ঠিকা ভিত্তিক কৰ্মচাৰীৰ সংখ্যা হ'ল ২,১২৫ গৰাকী। এই বিষয়া কৰ্মচাৰী সকলৰ দৰমহাৰ বাবদ প্ৰতিমাহে ব্যয় হয় ৬,৪৮,৩৭,২৬৯ টকা। পিছে সেই অনুপাতে বিভাগটোৰ হোৱা নাই উপাৰ্জন।

২০২১-২২ বৰ্ষত বিভাগটোৰ মুঠ ব্যয় আছিল ১৮৬,৭৩,০৮,৩৩৭ টকা; ইয়াৰ বিপৰীতে আয় আছিল ৮০,১৯,৬৭,৩২৪ টকা। অৰ্থাৎ বৰ্ষটোত বিভাগটোয়ে লোকচানৰ সন্মুখীন হৈছিল ১০৬,৫৩,৪১,১১৪ টকাৰ। সেয়ে এতিয়া কোনো উপায় নেদেখি বহু বিষয়া-কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে পৰিবহণ বিভাগে।

তদুপৰি বিভাগীয় মন্ত্ৰী গৰাকীৰ মতে, বিভাগটোৰ ভূ-সম্পত্তি বাণিজ্যক কামত ব্যৱহাৰ হ'ব। এই সন্দৰ্ভত কে এম পি জি নামৰ প্ৰতিষ্ঠান এটাক সমীক্ষা চলোৱাৰ দ্বায়িত্ব দিছে চৰকাৰে। আৰু ইয়াৰ পিছতেই স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে যে, ব্যক্তিগত খণ্ডৰ হাতলৈ যাব নেকি অসম ৰাজ্যিক পৰিবহণ নিগম...

Also Read: শিক্ষাৰ নহয়, এইবাৰ স্বাস্থ্য সেৱাত গুণোৎসৱ...

ASSAM GOVERNMENT Assam State Transport Corporation